অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিত্যানন্দ সেনাপতি

নিত্যনন্দ সোনাপতি (Nityananda Senapati) হৈছে এগৰাকী প্ৰবন্ধকাৰ, নাট্যকাৰ। তেখেতৰ ঘৰ লখিমপুৰ জিলাৰ নাওবৈচাত৷ তেখেত বৃত্তিত এগৰাকী অধ্যাপক আছিল৷ তেখেত নাওবৈচা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল৷ নাওবৈচা শাখা সাহিত্য সভাৰ লগতে জিলা সাহিত্য সভাৰো উপ-সভাপতি আৰু পাছলৈ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে৷

হালনাগাদ: ৮ আগষ্ট ২০২২ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

নিত্যনন্দ সোনাপতি (Nityananda Senapati) হৈছে এগৰাকী প্ৰবন্ধকাৰ, নাট্যকাৰ। তেখেতৰ ঘৰ লখিমপুৰ জিলাৰ নাওবৈচাত৷১ তেখেত বৃত্তিত এগৰাকী অধ্যাপক আছিল৷২ তেখেত নাওবৈচা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল৷ নাওবৈচা শাখা সাহিত্য সভাৰ লগতে জিলা সাহিত্য সভাৰো উপ-সভাপতি আৰু পাছলৈ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে৷

জন্ম আৰু বংশ পৰিচয়

তেখেতৰ জন্ম হয় ১৯৪৪ চনৰ ১ জানুৱাৰীত, লখিমপুৰ জিলা জিলাৰ নাহৰবাৰী অঞ্চলত৷ পিতৃৰ নাম জজ্ঞৰাম সেনাপতি আৰু মাতৃৰ নাম যোগেশ্বৰী সেনাপতি৷

শিক্ষা

  • প্ৰাথমিক বিদ্যালয়ঃ লথৌ প্ৰাথমিক বিদ্যালয়
  • মাধ্যমিক শিক্ষাঃ লথৌ এম.ভি স্কুল, ১৯৫৫
  • হাইস্কুল শিক্ষাঃ নাওবৈচা উচ্চ মাধ্যমিক বিদ্যালয়, ১৯৬০
  • স্নাতকঃ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, অসমীয়া বিভাগ

চাকৰি জীৱন

১৯৬৪ চনত কিছুদিনৰ বাবে লথৌ এম.ভি স্কুলত শিক্ষকতা কৰাৰ পাছত ১৯৬৫ চনত ৰহালী মাধ্যমিক বিদ্যালয়ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে পাঁচবছৰ কাল ধৰি শিক্ষকতা কৰে৷ তাৰ পাছত নাওবৈচা হাইস্কুল (বৰ্তমানৰ হায়াৰছেকেণ্ডৰী)ত শিক্ষক হিচাপে শিক্ষকতা কৰি তাৰ অধ্যক্ষ হিচাপে ২০০১ চনত অৱসৰ গ্ৰহণ কৰে৷

সাহিত্যৰাজি

প্ৰবন্ধ সংকলন

  • গোপন চকুলো, গল্প আৰু প্ৰবন্ধৰ সংকলন৩
  • প্ৰবন্ধ সঁফুৰা
  • নাওবৈচাৰ অতীত আৰু বৰ্তমান (নাওবৈচাৰ বৰ্নিল ইতিহাস), ২০২২

উপন্যাস

  • আহত গুঞ্জন
  • মাজ নিশাৰ উচুপনি
  • মোৰ প্ৰেম চিগাৰেটৰ ধোৱাৰ দৰে

নাট্য সংকলন

  • গুটিমালি
  • শেৱালিৰ সুবাস

বঁটা আৰু সন্মান

  • লখিমপুৰ জিলা জিলাৰ কৃতি শিক্ষকৰ বঁটা, ২০০১৪
  • Best Writer in Assam by Media Federation of India, 2019
  • আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেলশ্বিপ বঁটা, ২০১৯
  • সাহিত্যৰত্ন খিতাপ ‘শংকৰ-আজান সমন্বয় বঁটা, ২০১৯
  • ভূপেন হাজৰিকা বৰলুইত এৱাৰ্ডছ, ‘সাহিত্যজ্যোতি খিতাপ’, ২০১৮
  • আন্তঃৰাষ্ট্ৰীয় দুনীৰ্তি বিৰোধী দিৱস ও শূণ্য সহনশীল বিশেষ বঁটা, ২০২০

তথ্যসূত্ৰ

  1. ↑ প্ৰবন্ধ সঁফুৰা, প্ৰবন্ধ সংকলন, প্ৰথম প্ৰকাশ, প্ৰকাশক-দ্ৰোণ হাজৰিকা,ৰশ্মিৰেখা সেনাপতি, মে’, ২০২১
  2. ↑ শেৱালিৰ সুবাস, নাট্য সংকলন, প্ৰকাশক-দ্ৰোণ হাজৰিকা,ৰশ্মিৰেখা সেনাপতি, মে’, ২০২১
  3. ↑ প্ৰবন্ধ সঁফুৰা, প্ৰবন্ধ সংকলন, প্ৰথম প্ৰকাশ, প্ৰকাশক-দ্ৰোণ হাজৰিকা,ৰশ্মিৰেখা সেনাপতি, মে’, ২০২১
  4. ↑ শেৱালিৰ সুবাস, নাট্য সংকলন, প্ৰকাশক-দ্ৰোণ হাজৰিকা,ৰশ্মিৰেখা সেনাপতি, মে’, ২০২১

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিত্যানন্দ সেনাপতি” প্ৰবন্ধৰ সংশোধন ৩৩০১৪৩ (৮ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।