নিক'লা টেছলা (Nikola Tesla) (১০ জুলাই ১৮৫৬ – ৭ জানুৱাৰী ১৯৪৩) আছিল এজন ছাৰ্বিয়ান-আমেৰিকান উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা, যান্ত্ৰিক অভিযন্তা আৰু ভৱিষ্যৎদ্ৰষ্টা।১ বৈদ্যুতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিক'লা টেছলাক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়।২ পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা চালিত অধিকাংশ যন্ত্ৰৰে মূল চালিকা শক্তি ঘূৰ্ণীয়মান চুম্বকীয় ক্ষেত্ৰ (Rotating Magnetic Field) আৱিষ্কাৰ কৰিছিল নিক'লা টেছলাই। বিদ্যুৎ পৰিৱহণৰ তিনিতৰপীয়া প্ৰণালীটোৰো (Three Phase System) মূল্যৱান বিকাশ সাধন কৰিছিল নিক'লা টেছলাই। ১৮৮৪ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে আৰু পৰিৱৰ্তী প্ৰৱাহচালিত ডাইনাম', ট্ৰেন্সফৰ্মাৰ আৰু মটৰৰ পেটেণ্টৰ স্বত্বসমূহ জৰ্জ ৱেষ্টিংহাউছক বিক্ৰী কৰে। ১৮৯১ চনত তেওঁ টেছলা কুণ্ডলী আৱিষ্কাৰ কৰে, যি কুণ্ডলী ৰেডিঅ' প্ৰযুক্তিত ব্যাপক ৰূপত ব্যৱহৃত হৈছিল।৩
পৃথিৱী পোহৰাই তোলা এই জিনিয়াছজনক এতিয়া টেছলা নামৰ এটা এককৰ জৰিয়তে স্মৰণ কৰা হয়। টেছলা হৈছে চুম্বকীয় অভিৱাহ ঘনত্ব (Magnetic Flux Density) ৰ একক।৪ তেওঁৰ নামটোৰে কেইবাটাও পথ নামকৰণ কৰা হৈছে, মূৰ্তি স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে, তেওঁৰ নামেৰে এটা বঁটাও প্ৰৱৰ্তন কৰা হৈছে। অথচ জীয়াই থকা সময়ছোৱাত টেছলাৰ কৰ্মৰাজিয়ে ইমান সমাদৰ লাভ কৰা নাছিল। উদ্ভাৱক হিচাপে টেছলাৰ জীৱন আৰম্ভ হৈছিল ২৬ বছৰ বয়সত। সেইসময়ত তেওঁ বুডাপেষ্টৰ কেন্দ্ৰীয় টেলিগ্ৰাফ কাৰ্যালয়ত কৰ্মৰত আছিল। সেইসময়তে তেওঁ ঘূৰ্ণীয়মান চুম্বকীয় ক্ষেত্ৰৰ এটা আৰ্হি অংকন কৰিছিল। আৰু আৰ্হিৰ সেই ধাৰণাটোৱেই আজিকোপতি বহুতো বিদ্যুৎ-চুম্বকীয় যন্ত্ৰত ব্যৱহৃত হৈ আছে।
সাধাৰণতে কোৱা হয় যে, টেছলাৰ বৈজ্ঞানিক প্ৰতিভা যিমান প্ৰখৰ আছিল, সিমানেই ভোটা আছিল তেওঁৰ ব্যৱসায়িক দক্ষতা। নিজৰ ধাৰণা তথা আৰ্হিবোৰক তেওঁ ব্যৱসায়িক দৃষ্টিৰে চোৱাত ব্যৰ্থ হৈছিল। আনহাতে বিজুলী বাতিৰ আৱিষ্কাৰক থমাছ আলভা এডিচন উদ্ভাৱকৰ উপৰিও এজন বুধিয়ক ব্যৱসায়ী আছিল যাৰ লগত টেছলাৰ সঘন বাদানুবাদ হৈছিল। স্বাভাৱিকতেই এই দুজন চমৎকাৰী প্ৰতিভাৰ মাজত এক বৌদ্ধিক যুদ্ধৰ সূচনা হৈছিল আৰু এটা সময়ত টেছলাই এডিছনৰ সংগ পৰিত্যাগ কৰিছিল।৫
পৰিয়াল-পৰিচয় আৰু প্ৰাৰম্ভিক কাল
নিক'লা টেছলাৰ জন্ম হৈছিল ১৮৫৬ চনৰ ১০ জুলাইত। অষ্ট্ৰিয়ান সাম্ৰাজ্যৰ (বৰ্তমানৰ ক্ৰয়েছিয়া)লিকা প্ৰদেশৰ শ্মিলিজান গাঁৱত।৬ তেওঁৰ দেউতাকৰ নাম আছিল মিলুটিন টেছলা (১৮১৯-১৮৭৯)৭আৰু মাকৰ নাম আছিল ডিউকা টেছলা (১৮২২-১৮৯২)। দেউতাক এজন নৈষ্ঠিক ধৰ্মযাজক আছিল।৮ আনহাতে মাতৃ ডিউকা টেছলাৰ আছিল এক বিশেষ প্ৰতিভা। তেওঁ চাৰ্বিয়ান মহাকাব্যিক কবিতাবোৰ মনত ৰাখিব পাৰিছিল। লগতে ঘৰুৱা সা-সঁজুলি আৰু যান্ত্ৰিক সৰঞ্জাম নিৰ্মাণতো মাতৃ ডিউকাই পাৰদৰ্শিতা দেখুৱাইছিল। অথচ ডিউকাই কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল। টেছলাৰো এক বিশেষ ফটোগ্ৰাফিক স্মৃতি আছিল,যি তেওঁ মাতৃৰ পৰা জন্মসূত্ৰে পোৱা বুলি বিশ্বাস কৰিছিল।৯
টেছলা আছিল ঘৰৰ চতুৰ্থটো সন্তান। তেওঁৰ তিনিগৰাকী ভগ্নী আছিল। মিল্কা,এঞ্জেলি,আৰু মাৰিকা। ডেন নামৰ তেওঁৰ এজন জ্যেষ্ঠ ভ্ৰাতৃও আছিল যাৰ ঘোঁৰা-দৌৰৰ এটা দুৰ্ঘটনাত মৃত্যু হৈছিল। সেইসময়ত টেছলাই পাঁচ বছৰত ভৰি দিছিল।৭ ১৮৬১ চনত টেছলাই শ্মিলিজানত এখন প্ৰাথমিক বিদ্যালয়ত নাম লগায় আৰু তাতেই তেওঁ জাৰ্মান ভাষা,অংকশাস্ত্ৰ আৰু ধৰ্ম বিষয়ে অধ্যয়ন কৰে।১০
১৮৬২ চনত,ছয় বছৰ বয়সত টেছলাৰ পৰিয়াল গছপিকলৈ গুচি যায় য'ত টেছলাৰ দেউতাকে প্যাৰিশভুক্ত যাজক হিচাপে কাম কৰে। নিক'লাই তাতে প্ৰাথমিকৰ উপৰিও মাধ্যমিক শিক্ষা সমাপ্ত কৰে।১০
১৮৭০ চনত টেছলা উত্তৰফালে বৰ নিলগত থকা কাৰ্লাভ'কলৈ ৰাওনা হয় আৰু তাত তেওঁ উচ্চমাধ্যমিকৰ শিক্ষাগ্ৰহণ কৰে।১১শ্ৰেণীসমূহৰ পাঠদান জাৰ্মান ভাষাত হৈছিল,যিহেতু সেই বিদ্যালয়খন অষ্ট্ৰিয়-হাংগেৰিয়ান সামৰিক সীমান্তত আছিল।১২
টেছলাই পাছলৈ লিখিছিল যে- পদাৰ্থ বিজ্ঞানৰ এজন অধ্যাপকে তেওঁক বৈদ্যুতিক ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষণ জগাই তুলিছিল।১৩ চমৎকাৰী প্ৰপঞ্চৰ (Mysterious Phenomenon) কেতবোৰ বিশেষ প্ৰদৰ্শনে টেছলাক যে এই অদ্ভুত শক্তিবিধৰ প্ৰতি ভীষণ কৌতূহলী কৰি তুলিছিল,সেইয়াও টেছলাই উল্লেখ কৰি গৈছে।৭ টেছলাই সমাকলন গণিতৰ সমস্যা মনৰ মাজতেই সমাধান কৰি দিব পাৰিছিল।১৪ পিছে এই অবিশ্বাস্য ঘটনাত তেওঁৰ শিক্ষকসকল পতিয়ন যোৱা নাছিল আৰু তেওঁলোকে টেছলাই নকল কৰা বুলি ভাবিছিল। টেছলাই চাৰি বছৰীয়া পাঠ্যক্ৰম তিনি বছৰতেই শেষ কৰি ১৮৭৩ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।১৫
টেছলাই অষ্ট্ৰিয়াৰ গ্ৰাজস্থিত কাৰিকৰী বিশ্ববিদ্যালয়ত অভিযান্ত্ৰিক শিক্ষাৰে শিক্ষিত হয়, লগতে প্ৰাগত থকা বিশ্ববিদ্যালয়তো টেছলাই শিক্ষাগ্ৰহণ কৰে। গ্ৰাজত থাকোঁতেই টেছলাই পোনপ্ৰথমে গ্ৰেম্ ডাইনাম'প্ৰত্যক্ষ কৰিছিল। এই ডাইনাম'টোৱে প্ৰথমে জেনেৰেটৰ হিচাপে কাম কৰে আৰু বিপৰীত দিশত বৈদ্যুতিক মটৰৰ দৰে কাম কৰে। এইটোৰ পৰাই টেছলাই পৰিৱৰ্তী প্ৰৱাহৰ থূলমূল ধাৰণা এটা গ্ৰহণ কৰিলে। পাছত বুডাপেষ্টত থাকোঁতে টেছলাই ঘূৰ্ণীয়মান চুম্বকীয় ক্ষেত্ৰৰ নীতি ঠাৱৰ কৰিলে আৰু তেনেকৈয়ে তেওঁ আৱেশ মটৰ (Induction Motor) নিৰ্মাণ কৰাৰ আঁচনি তৈয়াৰ কৰে। সেয়াই আছিল পৰিৱৰ্তী প্ৰৱাহৰ সফল ব্যৱহাৰিক প্ৰয়োগৰ দিশত টেছলাৰ প্ৰথমটো খোজ।১৬
১৮৮২ চনত টেছলাই পেৰিছত পদাৰ্পণ কৰে। তাত থকা মহাদেশীয় এডিছন কোম্পানীত তেওঁ কাম কৰিবলৈ লয়। তাৰ ঠিক পাছৰ বছৰটোতেই অৰ্থাৎ ১৮৮৩ চনত টেছলাই ষ্ট্ৰাছবাৰ্গৰ এটা প্ৰকল্পত কেইবাঘণ্টাজোৰা পৰিশ্ৰমৰ অন্তত প্ৰথমটো আৱেশ মটৰ সাজি উলিয়ায়।
এডিছনৰ লগত ভেটাভেটি
১৮৮৪ চনত টেছলাই আমেৰিকালৈ গমন কৰে। তেওঁ যেতিয়া নিউইয়ৰ্কত উপস্থিত হৈছিল, তেতিয়া তেওঁৰ পকেটত মাথোঁ চাৰিটা 'চেণ্ট' আছিল। লগত আছিল তেওঁৰ স্বৰচিত কেইটামান কবিতা আৰু উৰণ যন্ত্ৰৰ কিছু গাণিতীক হিচাপ। আমেৰিকালৈ যোৱা টেছলাক প্ৰথমটো চাকৰি দিছিল টমাছ আলভা এডিছনেই। কিন্তু দুয়োজন অভিযন্তাৰেই পদ্ধতি-প্ৰক্ৰিয়াৰ মাজত বিস্তৰ বৈসাদৃশ্য আছিল। বোধহয় সেইবাবেই দুয়োজন বিজ্ঞানীৰ বিচ্ছেদ অৱধাৰিত আছিল।১৭
টেছলাই এডিছনৰ মানহাট্টানস্থিত মুখ্য কাৰ্যালয়ত এবছৰ কাম কৰে। টেছলাৰ উদ্ভাৱনী ক্ষমতা আৰু পৰিশ্ৰমে এডিছনক বাৰুকৈয়ে বিমুগ্ধ কৰে। এদিন এডিছনে প্ৰস্তাৱ ৰাখিলে যে,যদি টেছলাই একমুখীপ্ৰৱাহৰ দ্বাৰা চালিত ডাইনাম' এটা নিৰ্মাণ কৰিব পাৰি তেন্তে তেওঁ টেছলাক ৫০,০০০ ডলাৰ প্ৰদান কৰিব। মাহজোৰা পৰিক্ষা-নিৰীক্ষাৰ অন্তত টেছলাই এটা সমাধান আগবঢ়ালে আৰু এডিছনৰ পৰা সেই ধনখিনি বিচাৰিলে। পিছে বিজ্ঞানী এডিছন মুহূৰ্ততে সংকুচিত হৈ পৰিল আৰু ক'লে "টেছলা,তুমি আমাৰ আমেৰিকান কৌতুক বুজি নোপোৱা। " সেই ঘটনাৰ ঠিক পাছতেই টেছলাই এডিছনৰ সংগ ত্যাগ কৰিলে।১৮
কৰ্মৰাজি
নিক'লা টেছলা আৰু জৰ্জ ৱেষ্টিংহাউছ
টেছলাই টেছলা ইলেকট্ৰিক লাইট কোম্পানী নামৰ কোম্পানী এটা খুলিবলৈ বৰকৈ চেষ্টা কৰিছিল। তাত তেওঁ বিফল হৈছিল হয়,কিন্তু এদিন টেছলাই পৰিৱৰ্তী প্ৰৱাহৰ গৱেষণাক সাহায্য প্ৰদান কৰিব পৰা ব্যক্তি এজনক বিচাৰি পালে।
১৮৮৭ আৰু ১৮৮৮ চনত টেছলাৰ আৱিষ্কাৰসমূহে ত্ৰিশটাতকৈও অধিক পেটেণ্ট লাভ কৰিলে আৰু আমেৰিকান ইনষ্টিটিউট অৱ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰছ্লৈ যোৱাৰ সুযোগ লাভ কৰিলে। তেওঁৰ বক্তৃতা জৰ্জ ৱেষ্টিংহাউছ নামৰ এজন ব্যৱসায়ীৰ দৃষ্টিগোচৰ হ'ল। জৰ্জ ৱেষ্টিংহাউছ আছিল অন্য এজন উদ্ভাৱক যিজনে বষ্টনৰ কাষত প্ৰথমটো পৰিৱৰ্তীপ্ৰৱাহচালিত শক্তিপ্ৰণালী নিৰ্মাণ কৰিছিল। উল্লেখযোগ্য যে, বহুচৰ্চিত বিজুলীৰ যুদ্ধত টমাছ আলভা এডিছনৰ মুখ্য প্ৰতিদ্বন্দ্ব্ব্বী আছিল এই জৰ্জ ৱেষ্টিংহাউছেই।
ৱেষ্টিংহাউছে টেছলাক নিযুক্তি দিলে আৰু টেছলাৰ পৰিৱৰ্তীপ্ৰৱাহৰ মটৰৰ পেটেণ্টসমূহক অনুজ্ঞা-পত্ৰ দিলে। লগতে দিলে এটা লেবৰটেৰী।
সেইসময়তে, ১৮৯০ চনত টমাছ আলভা এডিছনে এটা কৰ্ম সংঘটিত কৰিলে। হত্যাকাৰৰ দোষত অভিযুক্ত নিউ ইয়ৰ্কৰ এজন হত্যাকাৰীক তেওঁ পৰিৱৰ্তী প্ৰৱাহচালিত বৈদ্যুতিক চকী এখনত বহুৱাই এটা দুঃসাহসিক ক্ৰীড়া দেখুৱালে। এডিছনৰ এই পৰিকল্পনাৰ আঁৰত এটা বিশেষ উদ্দেশ্য আছিল। সেইয়া হৈছে ৱেষ্টিংহাউছৰ নিৰ্মাণ কিমান ভয়াৱহ-সেয়া জনতাৰ সমুখত প্ৰদৰ্শন কৰা।
১৮৯০ চনতেই টেছলাই বৈদ্যুতিক দোলক,মিটাৰ,লাইটৰ এক সংশোধিত ৰূপ উদ্ভাৱন কৰে। তাৰ লগতে উদ্ভাৱন কৰে এটা উচ্চ বিভৱ-ভেদ সম্পন্ন ৰূপান্তৰক (Transformer)।
১৮৯১ চনৰ চিকাগোত অনুষ্ঠিত হোৱা বিশ্ব কলম্বিয়ান প্ৰদৰ্শনীটেছলা আৰু ৱেষ্টিংহাউছ দুয়োজনে মিলি পোহৰাই তোলে। একেসময়তে জেনেৰেল ইলেক্টিকৰ লগতো অংশীদাৰিত্ব স্থাপন কৰে। তেওঁলোকৰ লক্ষ্য আছিল নায়েগ্ৰা জলপ্ৰপাতত পৰিৱৰ্তীপ্ৰৱাহচালিত জেনেৰেটৰ (AC GENERATOR) সংস্থাপন কৰা;যিটো হ'ব পৃথিৱীৰ প্ৰথম আধুনিক বিদ্যুৎ-কেন্দ্ৰ।১৯
এক্স-ৰে
১৮৯৬ চনৰ মাৰ্চ মাহত উইলহেম ৰয়েণ্টজেনে এক্স-ৰে' আৰু এক্স-ৰে দৃশ্যাৱলী (ৰেডিঅ'গ্ৰাফী) আৱিষ্কাৰৰ বাতৰি পোৱাৰ পাছত টেছলাই সেই দিশত নিজাববীয়া কাম আৰম্ভ কৰিলে।২০তেওঁ এটা উচ্চ কৰ্মশক্তিৰ একক প্ৰান্তৰ ভেকুৱাম টিউব নিৰ্মাণ কৰিল যাৰ কোনো লক্ষ্যনিৰ্দিষ্ট ইলেকট্ৰড নাছিল আৰু যিটোৱে টেছলা কয়লৰ উৎপাদিত শক্তিৰ ভিত্তিত কাম কৰিছিল। গৱেষণাত এক্স-ৰে উৎপন্ন কৰিবলৈ টেছলাই কেইবাটাও পৰীক্ষণ-শৈলী প্ৰস্তুত কৰিছিল।২১
ৰেডিঅ' যোগাযোগ
১৮৯৮ চনত নিক'লা টেছলাই স্বয়ংচালিত নাও এখন আৱিষ্কাৰৰ কথা ঘোষণা কৰে। এইখন নাও তেওঁ ৰিমট কণ্ট্ৰেলেৰে চলাইছিল। যেতিয়া মানুহৰ মাজত এই বতৰাক লৈ তেওঁ কিছু সংশয়ৰ উমান পালে,তেতিয়া মেডিছন স্কুৱেৰ গাৰ্ডেনত নাওখন তেওঁ চলাই দেখুৱালে।২২
কলৰাড' স্প্ৰীং

১৮৯৫ চনত টেছলাৰ নিউ ইয়ৰ্কত থকা গৱেষণাগাৰটোত জুই লাগে আৰু ধ্বংসপ্ৰাপ্ত হয়। সেই জুইয়ে টেছলাৰ বহুমূল্যৱান নথি আৰু সঁজুলি দাহ কৰে।২৩
১৮৯৯ৰ চনৰ পৰা ১৯০০ চনৰ আগভাগলৈকে নিক'লা টেছলা ক'লৰাড'ত থাকে। তাতেই তেওঁ কল'ৰাড' স্প্ৰীং উদ্ভাৱন কৰিছিল-যিটো উদ্ভাৱনক টেছলাই তেওঁৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ উদ্ভাৱন হিচাপে চিহ্নিত কৰিছিল-পাৰ্থিৱ স্থিৰ তৰংগ (Terrestrial Stationary Waves ) এইটো উদ্ভাৱনৰ দ্বাৰা তেওঁ প্ৰমাণ কৰি দিছিল যে পৃথিৱীৰ ভূমিক এডাল বিদ্যুৎ পৰিবাহী হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু তাৰদ্বাৰা কিছুমান বৈদ্যুতিক কম্পনাংকৰ সৃষ্টি কৰিব পাৰি। তেওঁ আনকি বৈদ্যুতিক তাঁৰ নোহোৱাকৈ ৪০ কিলোমিটাৰ (২৫ মাইল) নিলগৰ পৰা ২০০টা বিজুলী বাঁতি জ্বলাই দেখুৱাইছিল;যিবোৰে ৪১ মিটাৰ দীঘল চমকনিৰ সৃষ্টি কৰিছিল। কোনোবা এক সময়ত তেওঁ নিশ্চিত হৈছিল যে কল'ৰাডত থকা গৱেষণাগাৰলৈ অন্য কোনো গ্ৰহৰ পৰা কোনোবাই সংকেত পঠিয়াইছে। পিছে এইটো সম্ভাৱনাক বহুতো বৈজ্ঞানিক পত্ৰিকাত উপহাসমূলক দৃষ্টিৰেহে চোৱা হৈছিল।
তাঁৰবিহীন সম্প্ৰচাৰ
১৯০০ চনত নিক'লা টেছলা নিউ ইয়ৰ্কলৈ উভতি যায় আৰু লং আইলেণ্ড ত তাঁৰবিহীন সম্প্ৰচাৰ কৰিব পৰাকৈ এটা টাৱাৰ নিৰ্মাণৰ কাম হাতত লয়। নিৰ্মাণৰ বাবে প্ৰায় ১,৫০,০০০ ডলাৰ ধন আহিছিল আমেৰিকাৰ বিনিয়োগকাৰী জে.মৰ্গানৰ পৰা। টেছলাৰ আশা আছিল এইটোৰ নিৰ্মাণে গোটেই বিশ্বজুৰি তাঁৰবিহীন যোগাযোগ সুচল কৰিব আৰু মানুহে ছবি,বাৰ্তা,বতৰৰ জাননী আদিৰ পঠিয়াব পৰা হ'ব। কিন্তু দুৰ্ভাগ্যৰ কথা,সেই প্ৰকল্প বাস্তৱায়িত নহ'ল। তাৰ কাৰণ আছিল-আৰ্থিক সংকট, শ্ৰমিকৰ নানান সমস্যা, আৰু মৰ্গানৰ অসহযোগিতা। এইটো টেছলাৰ জীৱনৰ পাহৰিবনোৱাৰা পৰাজয় আছিল।২৪
বৈদ্যুতিক প্ৰৱাহৰ যুদ্ধ
বৈদ্যুতিক প্ৰৱাহৰ যুদ্ধ নাইবা Battle of Currents হৈছে বিজ্ঞান-ইতিহাসৰ এছোৱা উত্তপ্ত সময়। সেই সময়ত বিদ্যুৎ-পৰিবহণৰ যুঁজখনে এক চূড়ান্ত পৰ্যায়ত আৰোহণ কৰিছিল। যুঁজখন হৈছিল টমাছ আলভা এডিছনৰ একমুখী প্ৰৱাহ আৰু জৰ্জ ৱেষ্টিংহাউছৰ পৰিৱৰ্তী প্ৰৱাহৰ মাজত।২৫একমুখী প্ৰৱাহৰ জৰিয়তে বিদ্যুৎ পৰিবহণ কৰি সফলতা লাভ কৰা টমাছ আলভা এডিছনে ১৮৮৬ চনত এক বিশেষ প্ৰত্যাহ্বানৰ সমুখীন হয়। সেই প্ৰত্যাহ্বান আহে জৰ্জ ৱেষ্টিংহাউছৰ তৰফৰ পৰা। সেইসময়তে জৰ্জ ৱেষ্টিংহাউছে পৰিৱৰ্তী প্ৰৱাহৰ এক পদ্ধতি উদ্ভাৱন কৰিছিল য'ত ট্ৰেন্সফৰ্মাৰ নামৰ যন্ত্ৰ এটি ব্যৱহাৰ হৈছিল। ট্ৰেন্সফৰ্মাৰৰ দ্বাৰা উচ্চ বিভৱভেদ নিম্ন বিভৱভেদলৈ ৰূপান্তৰ কৰিব পৰা হৈছিল। আৰু সেই নিম্ন বিভৱভেদসম্পন্ন পৰিৱৰ্তী প্ৰৱাহেৰে ঘৰৰ ভিতৰ পোহৰাব পৰা হৈছিল। আনহাতে,পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা বহু দূৰলৈকে বিদ্যুৎ শক্তিৰ পৰিবহণ সম্ভৱ হৈছিল। খুব কম সময়ৰ ভিতৰতে পৰিৱৰ্তী প্ৰৱাহৰ এই প্ৰণালীটোৱে জনপ্ৰিয়তা লাভ কৰিছিল। আৰু সেই জনপ্ৰিয়তায়েই এডিছনৰ বাবে প্ৰত্যাহ্বানৰ কাৰণ হৈ পৰিছিল। স্বাভাৱিকতেই এক প্ৰতিযোগিতাময় পৰিৱেশে সেইসময়ৰ পৃথিৱীক দুটা ভাগত বিভক্ত কৰিছিল। আৰু এডিছনে সেই যুঁজঁত জয়ী হ'বলৈ পৰিৱৰ্তী প্ৰৱাহ ভয়ংকৰ আৰু বিপদযুক্ত বুলি দাবী কৰিছিল আৰু আৰ্হিটোক দুৰ্বল বুলি কৈছিল। লগতে তেওঁলোকে একমুখী প্ৰৱাহৰ পেটেণ্টৰ বিধি উলঙ্ঘা কৰা বুলি ঘোষণা কৰিছিল।২৬
পৰিৱৰ্তী প্ৰৱাহৰ এই চমকপ্ৰদ উত্থানত বিব্ৰত হৈ এডিছনে একধৰণৰ প্ৰপাগাণ্ডামূলক প্ৰচাৰৰ পাতনি মেলে। সেই প্ৰচাৰৰ উদ্দেশ্য আছিল এটাই-পৰিৱৰ্তী প্ৰৱাহক নিষ্ফল প্ৰমাণিত কৰা আৰু ৰাইজক সেই প্ৰচাৰত পতিয়ন নিয়াবলৈ চেষ্টা কৰা। প্ৰচাৰৰ এটা অংশ হিচাপে,জীৱ-জন্তুক বৈদ্যুতিক শ্বক দিয়া হৈছিল। তেনে এক সময়তে নিউ ইয়ৰ্কে মৃত্যুদণ্ডৰ আদেশপ্ৰাপ্ত কয়দীবোৰক শাস্তি বিহিবলৈ তুলনামূলকভাৱে কম কষ্টদায়ক বিকল্পৰ সন্ধান কৰি আছিল। এডিছনো এসময়ত কঠোৰ শাস্তিৰ বিৰোধী আছিল। সেয়েহে তেওঁ পৰামৰ্শ দিলে,সেই কয়দীবোৰক পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা মৃত্যুদণ্ড বিহা হওক। তেতিয়া তেওঁলোকৰ কম সময়তে মৃত্যু হ'ব। অৱশেষত হৈছিলোঁ সেয়াই। ১৮৯০ চনত হত্যাৰ অভিযোগত অভিযুক্ত উইলিয়াম কেমলাৰ নামৰ কয়দীজনক বৈদ্যুতিক চকীত বহুৱায়েই মৃত্যুদণ্ড বিহা হয়। সেই সৰঞ্জামটো নিৰ্মাণ কৰিছিল এডিছনৰ বেতনভুগী বৈদ্যুতিক বিক্ৰেতা এজনে। ৱেষ্টিংহাউছৰ এ.চি.চালিত জেনেৰেটৰৰ(এ.চি.-A.C.-Alternating Current,পৰিৱৰ্তী প্ৰৱাহ) পৰা তেওঁ শক্তি সংগ্ৰহ কৰি গোপনে সেই কাম কৰি আছিল।
পিছে এইবোৰ কথা-কাণ্ড আৰু অপপ্ৰচাৰে পৰিৱৰ্তী প্ৰৱাহক হৰুৱাব নোৱাৰিলে। ১৮৯৩ চনত চিকাগ'ত হোৱা বিশ্ব মেলাত বিদ্যুৎ যোগান ধৰাৰ চুক্তিখনত শেষমুহূৰ্তত ৱেষ্টিংহাউছেই চহী কৰিলে। তেওঁলোকৰ হাতত পৰাস্ত হ'ল চুক্তিৰ অইন এক প্ৰতিদ্বন্দ্ব্ব্বী জেনেৰেল ইলেক্ট্ৰিক। তাৰপিছত ৱেষ্টিংহাউছে আৰু এটা গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিলে। সেয়া হ'ল নায়েগ্ৰা জলপ্ৰপাতত জলবিদ্যুৎ প্ৰকল্প সংস্থাপনৰ হেতু পৰিৱৰ্তীপ্ৰৱাহচালিত জেনেৰেটৰ নিৰ্মাণ কৰা। ১৮৯৬ চনত সেই বিদ্যুৎ কেন্দ্ৰটোৰ পৰা ২৬ মাইল নিলগত থকা নিউইয়ৰ্কৰ বাফেল'লৈকে বিদ্যুৎ পৰিবহণ কৰা হ'ল। এইটো সাফল্যক বিজুলীৰ যুদ্ধৰ অঘোষিত সমাপ্তি বুলি গণ্য কৰা হয়। তাৰ পিছৰপৰায়েই শক্তি খণ্ডত পৰিৱৰ্তী প্ৰৱাহ অপ্ৰতিদ্বন্দ্ব্ব্বী হৈ পৰে। ২৭
ব্যক্তিগত জীৱন
টেছলাই পুৱা ৯ বজাৰ পৰা সন্ধ্যা ৬ বজালৈকে কাম কৰিছিল। নিশা ঠিক ৮ বাজি ১০ মিনিটত নৈশাহাৰ গ্ৰহণ কৰিছিল। তেওঁ আহাৰ গ্ৰহণ কৰিছিল প্ৰথমে ডেলমাণিক' ৰেষ্টুৰাঁ আৰু শেহলৈ ৱাল্ডৰ্ফ-এষ্ট'ৰিয়া হোটেলত। টেছলাই হোটেলৰ মুখ্য পৰিচাৰকজনক টেলিফোনযোগে নৈশাহাৰৰ অৰ্ডাৰ দিছিল। সেইজন পৰিচাৰকেই টেছলাৰ খোৱাৰ দিহা লগাই দিছিল। “আহাৰ ঠিক আঠবজাৰ লগে লগে প্ৰস্তুত হ'ব লাগিব ...তেওঁ অকলেই আহাৰ গ্ৰহণ কৰিছিল। কাচিৎ কেতিয়াবা সামাজিক আচাৰ মানি চলাৰ হেতুকে কোনোবা গোটক নৈশাহাৰৰ নিমন্ত্ৰণ দিছিল...তাৰপিছত টেছলাই পুনৰ কামত ধৰিছিল। ” কেতিয়াবা নিশা তিনি বজালৈকে। ১৫
টেছলাই প্ৰত্যেক দিনেই ৮ৰ পৰা ১০ মাইল পৰ্যন্ত খোজ কাঢ়িছিল। প্ৰত্যেক নিশায়েই টেছলাই নিজৰ ভৰিৰ আঙুলিবোৰ এশবাৰ পৰ্যন্ত পকাই দিছিল। সেই কাৰ্যই তেওঁৰ মগজুৰ স্নায়ুকোষবোৰক শক্তিদান কৰিছিল বুলি কৈছিল।২৮
বাতৰিকাকতৰ এজন সম্পাদক আৰ্থাৰ ব্ৰিছবেনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত টেছলাই কৈছিল যে-তেওঁ টেলিপেথিত বিশ্বাস নকৰে। তেওঁ মত দিছিল “ধৰি লওক, মই আপোনাক হত্যা কৰাৰ কথা ভাবিলোঁ। পিছে সেইটো কথা দেখোন আপুনি পিছমুহূৰ্ততে গম পাব। কথাটো আচৰিত নহয়নে? এইবোৰনো আমাৰ মনটোৱে কেনেকৈ জানে!” একেটা সাক্ষাৎকাৰতে টেছলাই ব্যক্ত কৰিছিল যে,সকলোবোৰ প্ৰাথমিক সূত্ৰকেই এটা মাথোন সূত্ৰত প্ৰকাশ কৰিব পাৰি। ২৯
পাছৰ বছৰসমূহত টেছলা এজন নিৰামাষাহাৰী হৈ পৰিছিল। তেওঁ খাইছিল কেৱল গাখীৰ,ব্ৰেড্,মৌ আৰু পাচলিৰ ৰস।৩০ ৩১
স্বীকৃতি আৰু সন্মান
অনবদ্য উদ্ভাৱন আৰু কৰ্মৰাজিৰ বাবে নিক'লা টেছলাই কেইবাটাও উল্লেখযোগ্য সন্মান লাভ কৰে।
- এলিয়ট ক্ৰেছন পদক৩২
- ১৯২৬ চনত য়ুগোশ্লাভ চৰকাৰে প্ৰদান কৰা চেইণ্ট চাভা,প্ৰথম শ্ৰেণীৰ অনুজ্ঞা৩৩
- ১৯৩৬ চনত য়ুগোশ্লাভিয়া চৰকাৰে প্ৰদান কৰা হোৱাইট ইগলৰ প্ৰথম শ্ৰেণীৰ অনুজ্ঞা৩৪
- ১৯১৭ চনত বৈদ্যুতিক অভিযন্তাৰ আমেৰিকান প্ৰতিষ্ঠান অৰ্থাৎ,AIEEয়ে প্ৰদান কৰা এডিছন পদক
- ফিলাডেলাফিয়া নগৰীয়ে প্ৰদান কৰা জন স্কট পদক
- ৰাষ্ট্ৰীয় উদ্ভাৱকৰ খ্যাতিমন্ত শ্ৰেণীৰ প্ৰৱেশ পদক (INDUCTION MEDAL OF THE NATIONAL INVENTORS HALL OF FAME)*
- প্ৰব্ৰজনকাৰী কল্যাণ প্ৰতিষ্ঠানে প্ৰদান কৰা সন্মানীয় স্বীকৃতি-পত্ৰ
- জাগ্ৰেব বিশ্ববিদ্যালয়ে প্ৰদান কৰা সন্মানীয় ডক্তৰেট ডিগ্ৰী
- বেলগ্ৰেড বিশ্ববিদ্যালয়ে প্ৰদান কৰা সন্মানীয় ডক্তৰেট ডিগ্ৰী
- পয়ট্ৰিয়েছ বিশ্ববিদ্যালয়ে প্ৰদান কৰা সন্মানীয় ডক্তৰেট ডিগ্ৰী
- চাৰ্বিয়ান ৰয়েল একাডেমীৰ স্থায়ী সদস্য পদ
- ছেক ৰিপ্লাবিকৰ সৰ্বোচ্চ সন্মান শুভ্ৰ সিংহ (White Lion)লাভ
- পেৰিছ বিশ্ববিদ্যালয়ৰ অনাৰিছ ক'জাৰ প্ৰমাণপত্ৰ৩৫
নিক'লা টেছলা বঁটা
বিশ্ব-প্ৰযুক্তিৰ অন্যতম শক্তিশালী মঞ্চ বৈদ্যুতিক আৰু অণুবিদ্যুৎ অভিযন্তাৰ প্ৰতিষ্ঠানে,চমুকৈ IEEE (Institute of Electrical and Electronics Engineers) নিক'লা টেছলাৰ নামত এক বিশেষ বঁটা প্ৰদান কৰি আহিছে। বঁটাটো প্ৰৱৰ্তন কৰা হৈছিল ১৯৭৫ চনত। বিদ্যুৎ শক্তিৰ উৎপাদন আৰু প্ৰয়োগৰ ক্ষেত্ৰত উল্লেখযোগ্য কাম কৰা ব্যক্তি আৰু ব্যক্তিসকলক (তিনিজনীয়া এটা গোট) এই বঁটা প্ৰদান কৰা হয়। ৩৬
মৃত্যু
১৯৩৭ চনত,৮১ বছৰ বয়সত টেছলা নিউ য়ৰ্কাৰ নামৰ হোটেলৰ পৰা ওলাই ওচৰৰ গীৰ্জাঘৰ আৰু পুথিভঁৰাললৈ যায়,য'ত তেওঁ পাৰবোৰক আহাৰ যোগান ধৰিছিল। পিছে দুটামান গলিৰ সিপাৰে থকা ৰাস্তাটো পাৰ হ'ব খোজোঁতেই আহি থকা এখন টেক্সিৰ লগত টেছলাৰ সংঘৰ্ষ হয় আৰু তেওঁ ততালিকে মাজপথত বাগৰি পৰে। তেওঁৰ পিঠিত বৰকৈ আঘাত পায়,তিনিডাল সিৰা ভাঙি যায়। আঘাতৰ আটাইবোৰ তথ্য পোহৰলৈ নাহিল। কিয়নো টেছলাই চিকিৎসকক দেখুৱাবলৈ অমান্তি হৈছিল। ফলত তেওঁ কোনোদিনে পূৰ্ণভাৱে সুস্থ হৈ নুঠিল। উল্লেখযোগ্য যে,চিকিৎসকক সাক্ষাৎ নকৰাটো তেওঁৰ অন্যতম জীৱন-ৰীতি আছিল।৩৭ ৩৮
১৯৪৩ চনৰ ৭ জানুৱাৰিত,৮৬ বছৰ বয়সত টেছলাই নিউ য়ৰ্কাৰ হোটেলৰ ৩৩ নং মহলাৰ ৰুম নম্বৰ ৩৩২৭ত মৃত্যু হয়। কোঠালিৰ দুৱাৰত ওলোমাই থোৱা 'আমনি নকৰিবা' নিৰ্দেশ অমান্য কৰি বনকৰা মহিলা এলিছ মনাঘান কোঠালৈ সোমাই যাওঁতেই নিক'লা টেছলাৰ নিঠৰ দেহটো চকুত পৰে। সেই নিৰ্দেশ টেছলাই দুদিন আগতেই ওলোমাই থৈছিল। সহকাৰী চিকিৎসা নিৰীক্ষক এইচ্ছ.ডব্লিউ উৱেম্বলিয়ে টেছলাৰ দেহ পৰীক্ষা কৰে আৰু মৃত্যুৰ কাৰণ ক'ৰ'নাৰি থ্ৰম্ব'চিছ বুলি চিনাক্ত কৰে।৩৯
তথ্যসূত্ৰ
- ↑ A. Laplante,Phillip. (01-Jan-1999). Comprehensive Dictionary of Electrical Engineering. Springer Science & Business Media. পৃ. 635. ISBN 978-3-540-64835-2
- ↑ www.livescience.com/45950-nikola-tesla-biography
- ↑ www.britannica.com/biography/Nikola-Tesla
- ↑ whatis.techtarget.com/definition/tesla-T
- ↑ www.livescience.com/45950-nikola-tesla-biography
- ↑ Cheney, Margaret; Uth, Robert;Glenn, Jim. Tesla, Master of Lightning. Barnes & Noble Publishing. ISBN ISBN 978-0-7607-1005-0
- ↑ Carlson, W. Bernard. (07-May-2013). Tesla: Inventor of the Electrical Age. Princeton University Press. ISBN 1-4008-4655-2
- ↑ Dommermuth-Costa. (1994). Nikola Tesla: A Spark of Genius. Twenty-First Century Books. ISBN ISBN 978-0-8225-4920-8
- ↑ Cheney, Margaret. (02-Oct-2001). Tesla: Man Out of Time. Simon and Schuster. ISBN ISBN 978-0-7432-1536-7
- ↑ (. Retrieved 16 January 2017.). Nikola Tesla Timeline from Tesla Universe. Tesla Universe
- ↑ Tesla, Nikola. (2011). My inventions: the autobiography of Nikola Tesla.. Eastford: Martino Fine Books. ISBN 978-1-61427-084-3
- ↑ Tesla, Nikola; Marinčić, Aleksandar. (2008). From Colorado Springs to Long Island: research notes.. Belgrade: Nikola Tesla Museum. ISBN 978-86-81243-44-2
- ↑ পদাৰ্থ বিজ্ঞানৰ অধ্যাপকজনৰ নাম টেছলাই উল্লেখ কৰা নাই,কিন্তু একাংশ সূত্ৰৰ মতে সেই অধ্যাপকজন আছিল মাৰ্টিন ছেকুলিক
- ↑ (Retrieved 8 July 2012). Tesla Life and Legacy – Tesla's Early Years. PBS
- ↑ O'Neill, John J. ((1944).). Prodigal Genius: The Life of Nikola Tesla.. Cosimo, Inc., 2006. পৃ. Ives Washburn. ISBN 0-914732-33-1. ISBN 1596057130, 9781596057135
- ↑ www.britannica.com/biography/Nikola-Tesla
- ↑ www.britannica.com/biography/Nikola-Tesla
- ↑ www.history.com/topics/inventions/nikola-tesla
- ↑ www.history.com/topics/inventions/nikola-tesla
- ↑ anengineersaspect.blogspot.com/2011/07/nikola-te
- ↑ www.tfcbooks.com/tesla/1898-11-17.htm
- ↑ www.britannica.com/biography/Nikola-Tesla
- ↑ www.history.com/topics/inventions/nikola-tesla
- ↑ www.britannica.com/biography/Nikola-Tesla
- ↑ Skrabec, Quentin R. (2012). The 100 Most Significant Events in American Business: An Encyclopedia. Santa Barbara, California: ABC-CLIO. ISBN 978-0-31339-863-6
- ↑ Bradley, Robert L., Jr. (2011). Edison to Enron: Energy Markets and Political Strategies. New York: John Wiley & Sons. ISBN 978-0-47091-736-7
- ↑ www.history.com/news/what-was-the-war-of-the-cur
- ↑ books.google.co.in/books?id=BKX5UYWzVyQC&red
- ↑ teslauniverse.com/nikola-tesla/articles/our-fore
- ↑ www.bibliotecapleyades.net/tesla/esp_tesla_2.htm
- ↑ www.technologyreview.com/s/400126/reconciling-th
- ↑ books.google.co.in/books/about/Monkeyshines_on_G
- ↑ www.eserbia.org/culture/lectures/288-nikola-tesl
- ↑ books.google.co.in/books?id=HIuK7iLO9zgC&dq=
- ↑ teslauniverse.com/nikola-tesla/images/categories
- ↑ আৰ্কাইভ কপি
- ↑ books.google.co.in/books/about/Prodigal_Genius.h
- ↑ books.google.co.in/books?id=5I5c9j8BEn4C&red
- ↑ teslauniverse.com/nikola-tesla/timeline/1856-bir
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিক'লা টেছলা” প্ৰবন্ধৰ সংশোধন ৬৩৭২৮০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।