অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

নাগৰহ'লে ৰাষ্ট্ৰীয় উদ্যান

নাগৰহ'লে ৰাষ্ট্ৰীয় উদ্যান (Nagarhole National Park‎) কৰ্ণাটকৰ পশ্চিম প্ৰান্তৰ মহীশূৰ (মাইচৰ) আৰু কডাগু জিলাৰ সীমাত পাহাৰৰ নামনিত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। নাগৰহ'লে অৰ্থ হৈছে snake river, মানে যিখন নদী নাগৰহ'লেৰ মাজেদি বৈ গৈছে সেইখন সাপৰ নিচিনা একা-বেঁকা।

হালনাগাদ: ১৩ ফেব্ৰুৱাৰী ২০২৪ ৩৮৩ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

নাগৰহ'লে ৰাষ্ট্ৰীয় উদ্যান (Nagarhole National Park‎) কৰ্ণাটকৰ পশ্চিম প্ৰান্তৰ মহীশূৰ (মাইচৰ) আৰু কডাগু জিলাৰ সীমাত পাহাৰৰ নামনিত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। নাগৰহ'লে অৰ্থ হৈছে snake river, মানে যিখন নদী নাগৰহ'লেৰ মাজেদি বৈ গৈছে সেইখন সাপৰ নিচিনা একা-বেঁকা। নাহৰফুটুকী, চিতা বাঘ আৰু লেপাৰ্ডৰ ঘন আবাদীৰ বাবে পিছলৈ উদ্যানখনক "ব্যাঘ প্ৰকল্প" হিচাবে ঘোষনা কৰা হৈছিল। বাঘৰ উপৰিও ইয়াত বিভিন্ন প্ৰজাতিৰ হৰিণা, হাতী, বনৰীয়া ম'হ, বিষাক্ত সাপ, নানা ধৰনৰ চৰাই, সোণালী বান্দৰ, ভালুক, ঘঁৰিয়াল ইত্যাদি পোৱা যায়। ১

ইতিহাস

এই বনানিখনৰ ওপৰত বহুত প্ৰবাদ পঢ়িবলৈ পোৱা যায়। লক্ষ্মনতীৰ্থ নামৰ নদীখনতেই সৃষ্টি হৈছে এই জলপ্ৰপাতটো,আখ্যানত লিখামতে ৰাম-লক্ষমন বন-বাসত থাঁকোতে এই পাহাৰটোতে কেইদিন মান আছিল আৰু সীতা দেৱীৰ পিঁয়াহ লগাৰ বাবে হেনো মাটিত বাণ মাৰি এই নদীখনৰ সৃষ্টি কৰিছিল। তাৰ পৰাই নদীখনৰ নাম লক্ষ্মনতীৰ্থ হ'ল বুলি জনা যায়।

তিনিখন সংৰক্ষিত বনাঞ্চল আৰ্কেৰি, হাত্গাত আৰু নালকেৰিক একেলগ কৰি এই নাগৰহ'লে সংৰক্ষিত বনাঞ্চল গঠন কৰা হৈছিল।২ ১৯৮৩ চনত নাগৰহ'লেই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্য্যদা পায়। উদ্যানখনৰ মাটিকালি প্ৰায় ৬৪৩ বৰ্গ কিঃমিঃ লৈ আগুৰি আছে।৩।

ভৌগোলিক বিৱৰণ

নাগৰহ'লে বনাঞ্চলখন সমতলীয়।মাটিকালি প্ৰায় ৬৪৩ বৰ্গ কিঃমিঃ। বনাঞ্চল খন য'ৰপৰা আৰম্ভ হৈছে তাৰ পৰা মূল গেটলৈ প্ৰায় ২৫ কিঃমিঃ দূৰ, এই দূৰত্ব্খিনিত প্ৰাকৃতিক সৌন্দৰ্য্য জীৱ-জন্তুবোৰ উপভোগ কৰিব পৰা যায়।মূল গেটৰ পৰা ১৮কিঃমিঃ আৰু ভিতৰত আছে এটি সৰু জলপ্ৰপাত, ইৰপু। লক্ষমনতীৰ্থ নামৰ নদীখনতেই সৃষ্টি হৈছে এই জলপ্ৰপাতটো।

জলবায়ু

নাগৰহ'লেৰ জলবায়ু শুকান। গ্ৰীষ্ম কালত সৰ্ব্বোচ তাপমাত্ৰা প্ৰায় ৩৫ ডিঃচেঃ আৰু শীতকালৰ সৰ্ব্বনিম্ন তাপমাত্ৰা প্ৰায় ১২ ডিঃচঃ

প্ৰাণীকুল

  • জন্তু: বাঘ, হৰিণা, বনৰীয়া ম'হ, হাতী, সোণালী বান্দৰ, কেটেলা পহু, ভালুক ইত্যাদি
  • চৰাই: ময়ুৰ পক্ষী, বগলী, ফেঁচা আৰু বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই
  • অন্যান্য: বিভিন্ন প্ৰজাতিৰ সাঁপ, ঘঁৰিয়াল, বিষাক্ত কীট-পতঙ্গ ইত্যাদি

পৰ্যটন

এই অৰণ্যৰ নৈসৰ্গিক সৌন্দৰ্য্য আৰু সুন্দৰ পাৰিপাৰ্শ্বিকতাৰ বাবে ই প্ৰকৃতিপ্ৰেমী আৰু ফ'ট'গ্ৰাফাৰ সকলৰ বাবে অন্যতম পৰ্যটনস্থলী৷ ওখ-ওখ গছৰ উপস্থিতি আৰু কঁহুৱা-খাগৰিৰ নিচিনা জুপুহা গছৰ অনুপস্থিতিৰ বাবে জীৱ-জন্তুৰ ফ'ট লবলৈ বহুত সুবিধা আৰু বেছি depth of field পোৱাত সহায় কৰে। কম আৰ্দ্ৰতা আৰু ধুলি-বালিয়েও এইক্ষেত্ৰত সহায় কৰে৷

এই উদ্যানত পৰ্য্যটকসকলৰ বাবে জীপ আৰু বাছ চাফাৰীৰ ব্যৱস্থা আছে৷ জীপ চাফাৰীৰ বাবে আগতীয়াকৈ বাংগালোৰ বা মহীশূৰত থকা বন বিভাগৰ কাৰ্য্যালয়ৰ পৰা অনুমুদন উলিওৱাৰ প্ৰয়োজন৷ তাৰোপৰি ইয়াত কম খৰছতে থকাৰ সু-ব্যৱস্থা আছে।

জানুৱৰীৰ পৰা এপ্ৰিললৈকে নাগৰহ'লে উপভোগ কৰাৰ উৎকৃষ্ট সময় বুলি জনা যায়।

যাতায়ত ব্যৱস্থা

নাগৰহ'লেলৈ যাবলৈ বাট-পথ যথেষ্ঠ উন্নত। মহীশূৰৰ পৰা ইয়ালৈ প্ৰায় ৮০ কিঃমিঃ ৰাস্তা।

  • কেনেকৈ যাব পাৰি-

নাগৰহ'লেলৈ বাংগালোৰৰ পৰা প্ৰায় ২৫৫কিঃমিঃ,আৰু মহীশূৰৰ পৰা প্ৰায় ৮০কিঃমিঃ হয়।বাংগালোৰৰ পৰা ব্যক্তিগত বাহন নতুবা গাড়ী ভাড়া কৰি গ'লে বেছি সুবিধা হয়

থাকিবৰ বাবে-

ইৰপু গেষ্ট হাউছ

(০৯৪৮০৩০৮৬১১/০৮২৭৪-২০১৩২৪)

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ plus.google.com/108494344671480027661/about?gl=i
  2. ↑ shossain.wordpress.com/tag/nagorhole/
  3. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাগৰহ'লে ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৪০৫২৫৬ (১৩ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।