অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

নাইট্ৰ'জেন

নাইট্ৰ'জেন হৈছে এবিধ ৰাসায়নিক মৌল। ইয়াৰ সংকেত N আৰু আনৱিক সংখ্যা ৭। ১৭৭২ চনত স্কটলেণ্ডৰ বিশেষজ্ঞ ডেনিয়েল ৰাডাৰফৰ্ডে ইয়াক প্ৰথম আৱিষ্কাৰ আৰু নিষ্কাষণ কৰিছিল। প্ৰায় একে সময়তে কাৰ্ল উইলিয়াম শ্বেলী আৰু হেনৰী কাভেনডিছেও স্বতন্ত্ৰভাৱে ইয়াৰ সন্ধান কৰিছিল।

হালনাগাদ: ৫ জুন ২০২০ ২৫২ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

নাইট্ৰ'জেন হৈছে এবিধ ৰাসায়নিক মৌল। ইয়াৰ সংকেত N আৰু আনৱিক সংখ্যা ৭। ১৭৭২ চনত স্কটলেণ্ডৰ বিশেষজ্ঞ ডেনিয়েল ৰাডাৰফৰ্ডে ইয়াক প্ৰথম আৱিষ্কাৰ আৰু নিষ্কাষণ কৰিছিল। প্ৰায় একে সময়তে কাৰ্ল উইলিয়াম শ্বেলী আৰু হেনৰী কাভেনডিছেও স্বতন্ত্ৰভাৱে ইয়াৰ সন্ধান কৰিছিল। ৰাডাৰফৰ্ডে ইয়াৰ বিষয়ে প্ৰথম প্ৰকাশ কৰিছিল বাবে তেওঁকেই আৱিষ্কাৰকৰ স্বীকৃতি প্ৰদান কৰা হৈছিল। ১৮৯০ চনত যেতিয়া নাইট্ৰিক এচিড আৰু নাইট্ৰেটত ইয়াৰ অৱস্থিতি ধৰা পৰিছিল তেতিয়া জিন-এণ্টনি-ক্লাউড চাপ্টালে নাইট্ৰ'জেন নামটোৰ পৰামৰ্শ আগবঢ়াইছিল; এই নামটো গ্ৰীক νἰτρον "নাইট্ৰে" আৰু -γεννᾶν "গঠন কৰে" শব্দদুটাৰ পৰা লোৱা হৈছিল। এণ্টনি লাভ'ইছিয়াৰে গ্ৰীক শব্দ άζωτικός "জীৱনহীন"ৰ আৰ্হিত এজ'টি (azote) নামৰ পৰামৰ্শ দিছিল; বৰ্তমান বহু ভাষাত এই নামটোও ব্যৱহাৰ কৰা হয়, যেনে, ফ্ৰান্স, ৰাছিয়ান, আৰু তুৰ্কী, আৰু ইংৰাজীভাষাত কিছুমান নাইট্ৰ'জেনযুক্ত যৌগ যেনে হাইড্ৰাজাইন (hydrazine), এজাইড (azides) আৰু এজ' যৌগসমূহ (azo compounds)। নাইট্ৰ'জেন হৈছে পৰ্যাবৃত্ত তালিকাৰ বৰ্গ ১৫ৰ মৌল, এই বৰ্গটোক প্ৰায়ে নিক্ট'জেন বুলিও কোৱা হয়। ই বিশ্বব্ৰহ্মাণ্ডৰ এটা সাধাৰণ মৌল, হাতীপটি আৰু সৌৰজগতৰ প্ৰায় এক সপ্তমাংশই হৈছে নাইট্ৰ'জেন। প্ৰমাণ উষ্ণতা আৰু চাপত, মৌলটোৰ দুটা অনু সংযুক্ত হৈ, N2 ফৰ্মূলাৰ দ্বি-অনুযুক্ত, বৰ্ণহীন আৰু গন্ধহীন দ্বিনাইট্ৰ'জেন গেছৰ সৃষ্টি কৰে। বায়ুমণ্ডলত প্ৰায় ৭৮% দ্বিনাইট্ৰ'জেন থাকে। ই সকলো জীৱতে, প্ৰাথমিকভাৱে এমিন’ এছিডত (আৰু সেইদৰে মাংসসাৰত), নিউক্লিক এচিডত (ডি এন এ আৰু আৰএনএ) আৰু শক্তি পৰিবাহক অনু এডেন'ছিন ট্ৰাইফছফেটত থাকে। মানৱ দেহত ভৰ হিচাপে ৩% নাইট্ৰ'জেন থাকে, অম্লজান, কাৰ্বন আৰু উদজানৰ পিছতেই ই চতুৰ্থ অতি প্ৰয়োজনীয় মৌল। বায়ুৰ পৰা নাইট্ৰ'জেন, জৈৱ মণ্ডল আৰু জৈৱ যৌগসমূহৰ মাজেদি, পুনৰ বায়ুমণ্ডললৈ ঘূৰি অহা পথটোক নাইট্ৰ'জেন চক্ৰৰ দ্বাৰা ব্যাখ্যা কৰা হয়। এম'নিয়া, নাইট্ৰিক এচিড, জৈৱিক নাইট্ৰেট, আৰু চায়ানাইড আদিৰ দৰে বহু উদ্যোগিক ৰসায়নৰ মূল হৈছে নাইট্ৰ'জেন। নাইট্ৰ'জেনৰ ত্ৰি-বান্ধনি (N≡N) অতি শক্তিশালী বান্ধোন।

সম্পৰ্কিত শ্ৰেণী

ৰাসায়নিক মৌল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাইট্ৰ'জেন” প্ৰবন্ধৰ সংশোধন ২৩৫৯২৩ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।