বিশ্বব্ৰহ্মাণ্ড (Universe) হৈছে স্থান আৰু কাল সম্বন্ধীয় সমস্ত বিষয়।১২ পৃথিবী আৰু অন্যান্য সমস্ত গ্ৰহ, সূৰ্য তথা অন্যান্য তৰা আৰু নক্ষত্ৰ, জ্যোতিৰ্বলয়স্থ স্থান আৰু তাৰ অন্তৰ্বৰ্তীস্থ গুপ্ত পদাৰ্থ, লেম্ডা-ছিডিএম নক্সা, তমোশক্তি আৰু শূন্যস্থান (মহাকাশ) - যিবোৰ এতিয়াও তাত্ত্বিকভাৱে জ্ঞাত কিন্তু সঠিককৈ পৰ্যবেক্ষিত নহয় - এই ধৰণৰ সকলো পদাৰ্থ আৰু শক্তি লগলাগি যি জগত তাকেই মহাবিশ্ব বা বিশ্বব্ৰহ্মাণ্ড বোলা হয়। বৰ্তমানলৈকে পৰ্যবেক্ষণ-লব্ধ মহাবিশ্বৰ ব্যাস প্ৰায় ২৮ বিলিয়ন পাৰছেক (৯১ বিলিয়ন আলোকবৰ্ষ)। সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ডৰ আকাৰ অজানা হলেও ইয়াৰ উপাদান আৰু সৃষ্টিধাৰা সম্পৰ্কে বহুতো তত্ত্ব বিদ্যমান। মহাবিশ্বৰ উৎপত্তি সংক্ৰান্ত বিষয়ক বিশ্বতত্ত্ব বোলে। দৃশ্যমান মহাবিশ্বৰ সুদূৰতম প্ৰান্তৰ পৰ্যবেক্ষণ আৰু বিভিন্ন তাত্ত্বিক গবেষণাৰ পৰা অনুমান কৰা হয় যে মহাবিশ্বৰ প্ৰতিটি প্ৰক্ৰিয়াই তাৰ সৃষ্টিৰ পৰাই একে ধৰণৰ প্ৰাকৃতিক নিয়ম আৰু বহুকেইটা নিৰ্দিষ্ট ধ্ৰুবকৰ দ্বাৰা নিৰ্ধাৰিত হয়। বিগ বেং (Big Bang) তত্ত্ব অনুসৰি ইয়াৰ আয়তন ক্ৰমবৰ্ধমান। সম্প্ৰতি আধুনিক পদাৰ্থবিজ্ঞানীৰ বিভিন্ন তত্ত্বমতে আমাৰ এই দৃশ্যমান মহাবিশ্বৰ আশে পাশে আৰু অনেক মহাবিশ্ব থকাৰ অৰ্থাৎ অনন্ত মহাবিশ্ব থকাৰ সম্ভাৱনাৰ কথাও অনুমান কৰা হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বব্ৰহ্মাণ্ড” প্ৰবন্ধৰ সংশোধন ৬২৪৩২০ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।