এমিন’ এছিড (Amino acid) হৈছে মাংসসাৰ যৌগ গঠনৰ মৌলিক একক। ৰসায়ন বিজ্ঞানত ইয়াক জৈৱ-ৰসায়ন বিভাগত অধ্যয়ন কৰা হয়। বহুসংখ্যক এমিন’ এছিড বিশেষ ৰাসায়নিক বান্ধনি (পেপটাইড্ বান্ধনি)-ৰে লগ লাগি একোটা বৃহৎ প্ৰটিন যৌগৰ সৃষ্টি কৰে। প্ৰাকৃতিকভাৱে জীৱদেহত মূলত ২০ ধৰণৰ এমিন’ এছিড পোৱা যায়।
এমিন’ এছিডৰ গঠন

সকলো ধৰণৰ এমিন’ এছিড মূলত কাৰ্বন (C), অম্লজান (O) আৰু নাইট্ৰ'জেনৰ দ্বাৰা গঠিত। অৱশ্যে কিছুমান এমিন’ এছিডত ছালফাৰ (S)-ও পোৱা যায় (যেনে- চিষ্টাইন)। এমিন’ এছিডসমূহৰ গঠনত কাৰ্বক্সিল(-COOH) আৰু এমিন’(-NH2) কাৰ্যকৰী মূলকৰ উপস্থিতিয়ে ইয়াক আম্লিক আৰু ক্ষাৰকীয় গুন প্ৰদান কৰে। এনেদৰে আম্লিক আৰু ক্ষাৰকীয় গুন প্ৰদৰ্শন কৰা যৌগসমূহক এম্ফটেৰিক বা উভয়ৰ্ধমী যৌগ বোলা হয়।
অনা-অপৰিহাৰ্য আৰু অপৰিহাৰ্য এমিন’ এছিড

মানুহ তথা উচ্চস্তৰৰ প্ৰাণীসমূহে আত্মসংশ্লেষণৰ দ্বাৰা শৰীৰৰ বাবে মাত্ৰ দহ বিধ এমিন’ এছিড সংশ্লেষণ কৰিব পাৰে। এই এমিন’ এছিডসমূহক অনা-অপৰিহাৰ্য এমিন’ এছিড বোলা হয়। শৰীৰৰ বাবে প্ৰয়োজনীয় বাকী দহবিধ এমিন’ এছিডক অপৰিহাৰ্য এমিন’ এছিড বোলা হয়। অপৰিহাৰ্য এমিন’ এছিডৰ অভাৱে শৰীৰত বিভিন্ন ৰোগ (যেনে- কোৱাছিওৰকৰ ৰোগ) সৃষ্টি কৰে।
২০ বিধ এমিন’ এছিড
মানুহৰ ক্ষেত্ৰত অপৰিহাৰ্য - অনা অপৰিহাৰ্য এমিন’ এছিডসমূহ
| অপৰিহাৰ্য | অনা-অপৰিহাৰ্য * |
|---|---|
| হিষ্টিডাইন | এলানিন |
| অইচলিউচিন | আৰ্জেনিন* |
| লিউচিন | এচপাৰটিক এছিড |
| লাইছিন | চিষ্টাইন* |
| মিথিওনিন | গ্লুটামিক এছিড |
| ফিনাইলএলানিন | গ্লুটামাইন* |
| থ্ৰিওনিন | গ্লাইচিন* |
| ট্ৰিপ্ত'ফেন | প্ৰলিন* |
| ভেলিন | ছিৰিণ* |
| টাইৰ'ছিন* | |
| এছপাৰাজাইন* |
(*) কিছুমান ক্ষেত্ৰত অপৰিহাৰ্য১২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমিন’ এছিড” প্ৰবন্ধৰ সংশোধন ২৫৪৮৯৪ (১৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।