বৌদ্ধ কিংবদন্তি
১০ প্ৰবন্ধ
-
মকৰ
মকৰ (मकर) হিন্দুধৰ্মৰ আখ্যানসমূহৰ এক কিংবদন্তিমূলক সামুদ্ৰিক প্ৰাণী। হিন্দু জ্যোতিষশাস্ত্ৰৰ মতে মকৰ হৈছে মকৰ ৰাশিৰ চিহ্ন। ই গংগা দেৱী, নৰ্মদা দেৱী আৰু জলভাগৰ অধিপতি দেৱতা বৰুণৰো বাহন। মকৰক তোৰণ আৰু দুৱাৰদলিৰ ৰক্ষক হিচাপে গণ্য কৰা হয়।
-
মেৰু পৰ্বত
যাক সুমেৰু, চিনেৰু বা মহামেৰু বুলিও কোৱা হয় – হিন্দু, জৈন আৰু বৌদ্ধ ব্ৰহ্মাণ্ডবিজ্ঞানৰ এটা পৱিত্ৰ, পাঁচটা শৃংগযুক্ত পৰ্বত, যিটো সকলো ভৌতিক, আধ্যাত্মিক আৰু আধ্যাত্মিক বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ হিচাপে পূজন কৰা হয়।
-
আংগুলিমাল
আংগুলিমাল (আক্ষৰিক অৰ্থ: 'আঙুলিৰ হাৰ') বৌদ্ধ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব, বিশেষকৈ থেৰাভাদা পৰম্পৰাৰ ভিতৰত। বৌদ্ধ ধৰ্ম সংস্পৰ্শলৈ অহাৰ পাছত সম্পূৰ্ণৰূপে সলনি হৈ যোৱা নিৰ্দয় ডকাইত হিচাপে চিত্ৰিত আংগুলিমালক বুদ্ধৰ শিক্ষাৰ মুক্তিদায়ক শক্তি আৰু বুদ্ধ জ্ঞানৰ শিক্ষক হিচাপে উৎকৃষ্ট উদাহৰণ বুলি ধৰা…
-
ত্ৰয়স্ত্ৰিংশ
ত্ৰয়স্ত্ৰিংশ বা ত্ৰয়স্ত্ৰিংশস্বৰ্গ হৈছে বৌদ্ধ ব্ৰহ্মাণ্ডতত্ত্বৰ এক গুৰুত্বপূৰ্ণ দেৱনিবাস। ত্ৰয়স্ত্ৰিংশ শব্দটো ত্ৰয়স্ত্ৰিংশত, অৰ্থাৎ "৩৩" শব্দৰ পৰা গঠিত এটা আখ্যা আৰু ইয়াক অসমীয়ালৈ ভাঙনি কৰিলে হ'ব "৩৩ জন দেৱতাৰ ভাগৰ"।
-
নং টানি
নং টানি (นางตานี) বা নাং টানি থাই লোককথাৰ এক নাৰী আত্মা বা উপদেৱতা (দেৱী)। লোক পৰম্পৰা অনুসৰি তেওঁক বনৰীয়া কলৰ গছত বাস কৰা এগৰাকী যুৱতীৰ ৰূপত কল্পনা কৰা হয়। এই কলগছক থাই ভাষাত ক্লুয়াই টানি বুলি জনা যায়। নাং টানি গছৰ সৈতে জড়িত এক প্ৰকাৰৰ অশৰীৰি নাৰী বা পৰী হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি।
-
অসিত
অসিত বা কলাদেৱল বা কানহাশিৰি আছিল এজন সন্ন্যাসী তপস্বী, এজন ঋষি আৰু দৰ্শক, বৌদ্ধ তথ্যমতে প্ৰাচীন ভাৰতত বাস কৰা বুলি চিত্ৰিত কৰা হৈছে। তেওঁ বুদ্ধৰ পিতৃ শুদ্ধোধনৰ শিক্ষক আৰু উপদেষ্টা আছিল আৰু কপিলাবাস্তুৰ ৰাজকুমাৰ সিদ্ধাৰ্থ হয় মহান চক্ৰবৰ্তী হ’ব নহয় পৰম ধৰ্মগুৰু হ’ব বুলি ভৱিষ্যদ্বাণী কৰা বাবেই তেওঁ…
-
চিন্তামণি
চিন্তামণি (সংস্কৃত: चिन्तामणि), হিন্দু আৰু বৌদ্ধ পৰম্পৰাত ইচ্ছা পূৰণ কৰে বুলি বিশ্বাস কৰা এক প্ৰকাৰৰ ৰত্ন বা মুকুতা। বৌদ্ধ শাস্ত্ৰত বৰ্ণনা কৰা বহু কেইটা আচৰ্যকৰ মণিৰ ভিতৰত ই অন্যতম। হিন্দু ধৰ্মত বিষ্ণু আৰু গণেশ দেৱতাৰ সৈতে ইয়াৰ সম্পৰ্ক আছে।
-
ফছপ
ফছপ (โพสพ) বা ফাইছপ (ไพสพ) হৈছে থাইসকলৰ ধানৰ অধিষ্ঠাত্ৰী দেৱী। মূলসুঁতিৰ ধৰ্মতকৈয়ো প্ৰাচীন লোকসংস্কৃতিৰ সৈতেহে এই দেৱীগৰাকীৰ অধিক সম্পৰ্ক আছে। তেওঁক মে খ্বান খাও অৰ্থাৎ শস্য-প্ৰাচুৰ্যৰ মাতৃ নামেৰেও জনা যায়। তেওঁক থাইলেণ্ড কৃষি আৰু সমবায় মন্ত্ৰ্যালয়ৰ ধান বিভাগৰ প্ৰতীকচিহ্নৰূপে উপস্থাপন কৰা হয়।
-
চাৰিজন স্বৰ্গীয় ৰজা
চাৰিজন স্বৰ্গীয়ৰজা হৈছে চাৰিগৰাকী বৌদ্ধ দেৱতা। তেওঁলোকৰ প্ৰত্যেকৰে ওপৰত বিশ্বৰ চাৰিটা মুখ্য দিশৰ একো একোটাৰ চোৱাচিতাৰ ভাৰ ন্যস্ত থকা বুলি বিশ্বাস কৰা হয়। চীনা সাহিত্যত তেওঁলোকক সামূহিকভাৱে "ফেং ট্যাও য়ু শ্বুন" বা "ছিদা টিয়ানৱাং" বুলি আখ্যা দিয়া হয়।
-
নাং কোৱাক
নাং কোৱাক (Nang Kwak) হৈছে থাই লোককথাৰে জড়িত এগৰাকী বোধিসত্ত্ব, কুলদেৱী বা ঐশ্বৰিক আত্মা ৷ দেৱীয়ে সৌভাগ্য, সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে কোনো ব্যৱসায়ৰ প্ৰতি গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়।