দেৱী
১৪ প্ৰবন্ধ
-
নং টানি
নং টানি (นางตานี) বা নাং টানি থাই লোককথাৰ এক নাৰী আত্মা বা উপদেৱতা (দেৱী)। লোক পৰম্পৰা অনুসৰি তেওঁক বনৰীয়া কলৰ গছত বাস কৰা এগৰাকী যুৱতীৰ ৰূপত কল্পনা কৰা হয়। এই কলগছক থাই ভাষাত ক্লুয়াই টানি বুলি জনা যায়। নাং টানি গছৰ সৈতে জড়িত এক প্ৰকাৰৰ অশৰীৰি নাৰী বা পৰী হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি।
-
দেৱী লঞ্জাৰ
দেৱী লঞ্জাৰ হৈছে ইণ্ডোনেছিয়াৰ সাগৰৰ দেৱী। তেওঁ মধ্য জাভাৰ পেকালোংগান চহৰৰ জনপ্ৰিয় দেৱী৷ "লাঞ্জাৰ" শব্দৰ অৰ্থ হ'ল বিবাহ বিচ্ছেদ হোৱা আৰু সন্তান নথকা মহিলা। বিশেষকৈ পেকালোংগানবাসীৰ দেৱী লঞ্জাৰৰ প্ৰতি এতিয়াও দৃঢ় বিশ্বাস আছে।
-
ফছপ
ফছপ (โพสพ) বা ফাইছপ (ไพสพ) হৈছে থাইসকলৰ ধানৰ অধিষ্ঠাত্ৰী দেৱী। মূলসুঁতিৰ ধৰ্মতকৈয়ো প্ৰাচীন লোকসংস্কৃতিৰ সৈতেহে এই দেৱীগৰাকীৰ অধিক সম্পৰ্ক আছে। তেওঁক মে খ্বান খাও অৰ্থাৎ শস্য-প্ৰাচুৰ্যৰ মাতৃ নামেৰেও জনা যায়। তেওঁক থাইলেণ্ড কৃষি আৰু সমবায় মন্ত্ৰ্যালয়ৰ ধান বিভাগৰ প্ৰতীকচিহ্নৰূপে উপস্থাপন কৰা হয়।
-
লাৰেছৰ মাতৃ
লাৰেছৰ মাতৃক কেইবাটাও সৰু সৰু ৰোমান দেৱতাৰ যিকোনো এটাৰ সৈতে চিনাক্ত কৰা হৈছে। আৰভাল ব্ৰেথ্ৰেনৰ ৰেকৰ্ডত দুবাৰকৈ মেটাৰ লাৰুমৰ চৰিত্ৰত, আন ঠাইত মেনিয়া আৰু লাৰুণ্ডা হিচাপে। ওভিদে তাইক লাৰা, মুটা (বাকহীনজন) আৰু টাচিটা (নিৰৱজন) বুলি কয়।
-
আক্কা (আত্মা)
আক্কা হৈছে ছামি শ্বেমানীজম আৰু ফিনিছ আৰু ইষ্ট'নিয়ান পৌৰাণিক কাহিনীত নাৰী আত্মা। তাইৰ পূজা সাধাৰণ আৰু ই যজ্ঞ, প্ৰাৰ্থনা আৰু অন্যান্য বিভিন্ন অনুষ্ঠানৰ ৰূপ লৈছিল। কিছুমান ছামীয়ে বিশ্বাস কৰে যে তাই তেওঁলোকৰ তম্বুৰ তলত বাস কৰিছিল।
-
ইণ্ডোনেছিয়ান দেৱী সকল
ইণ্ডোনেছিয়ান দেৱী সকলৰ লগত হিন্দু দেৱী সকলৰ যথেষ্ট সাদৃশ্য দেখিবলৈ পোৱা যায়। হিন্দু দেৱীৰ ক্ষেত্ৰত নামৰ পিছত দেৱী শব্দ যুক্ত কৰা হয়, আনহাতে ইণ্ডোনেছিয়ান দেৱীৰ ক্ষেত্ৰত নামৰ আগত দেৱী শব্দ যুক্ত কৰা হয়।
-
দিশানী
দিশানী (ইংৰাজী: Disani) ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ আগতে নুৰিস্তানী জনগোষ্ঠীয়ে উপাসনা কৰা এগৰাকী দেৱী। নুৰিস্তানৰ জনসাধাৰণৰ বাবে তেওঁক স্থলজ জগতত বাস কৰা, সোণৰ মালা পৰিধান কৰা নাৰীৰ ৰূপত চিত্ৰিত কৰা হৈছিল। পাহাৰৰ ঢালত থকা বেদীত তেওঁলৈ গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী আগবঢ়োৱা হৈছিল।
-
দেৱী (গডেচ)
দেৱী (ইংৰাজী: Goddess) হ’ল এগৰাকী মহিলা উপাস্য বা দেৱতাৰ বিপৰীত লিংগ। কিছুমান ধৰ্মত ধৰ্মীয় প্ৰাৰ্থনা আৰু উপাসনাৰ ক্ষেত্ৰত এগৰাকী পবিত্ৰ নাৰী মূৰ্তিয়ে কেন্দ্ৰীয় স্থান দখল কৰে।
-
নংথাং লেইমা
নোমথাং লেইমা হৈছে প্ৰলোভন, বজ্ৰপাত আৰু বিজুলীৰ দেৱী। হাৰাবা (পাখাংবা)ক আকৰ্ষণ কৰিবলৈ আটিংককে (বা ছালাইলেনে) তেওঁক সৃষ্টি কৰিছিল।আদিম জগতৰ বিশৃংখলতাত তেওঁ বজ্ৰপাত আৰু বিজুলী আয়ত্ত কৰিছিল। তেওঁ প্ৰথম বৰষুণ হোৱাৰ ভৱিষ্যদ্বাণী কৰিছিল। তেওঁ বিশৃংখলতাক সীমিত কৰি সৃষ্টিক সহায় কৰে।
-
নাং কোৱাক
নাং কোৱাক (Nang Kwak) হৈছে থাই লোককথাৰে জড়িত এগৰাকী বোধিসত্ত্ব, কুলদেৱী বা ঐশ্বৰিক আত্মা ৷ দেৱীয়ে সৌভাগ্য, সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে কোনো ব্যৱসায়ৰ প্ৰতি গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়।
-
মানো (পৌৰাণিক কাহিনী)
মানো, মান্নো, আস্কে বা মান্না হৈছে ছামি পৌৰাণিক কাহিনীত চন্দ্ৰৰ দেৱী ৰূপ। ছামি জাতিৰ বিশ্ব দৃষ্টিভঙ্গি আনিমিজম বা আনিমিষ্টিক স্বভাৱৰ, য’ত ছামানবাদী বৈশিষ্ট্য থকা দেখা যায়। সেই বিশ্বদৃষ্টিত দেৱ-দেৱীসকলে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে।
-
হাওৰেইমা
হাওৰেইমা মণিপুৰৰ থলুৱা ধৰ্ম মেইটেই পৌৰাণিক কাহিনী আৰু সনামহী ধৰ্মৰ কৰুণ প্ৰেম আৰু বিচ্ছেদৰ দেৱী। কিছুমান কিংবদন্তি অনুসৰি তেওঁ আছিল পাহাৰৰ এগৰাকী মহিলা, যিয়ে প্ৰেমিকক লগ কৰিব নোৱাৰি মৃত্যুবৰণ কৰে আৰু নিৰ্যাতিত আত্মালৈ ৰূপান্তৰিত হয়। তেওঁক দেৱী পান্থোইবীৰ অৱতাৰ হিচাপে গণ্য কৰা হয়।
-
হাগ
হাগ (hag) হৈছে এগৰাকী শুকাই-খীণাই যোৱা বৃদ্ধা, বা এক প্ৰকাৰৰ পৰী, ডাইনী, অথবা তেনে চেহেৰাৰ এগৰাকী দেৱী। তেনে চৰিত্ৰ প্ৰায়ে লোককথা আৰু ‘হান্সেল এণ্ড গ্ৰেটেল’ৰ দৰে শিশুৰ সাধুকথাত পোৱা যায়।
-
ৰোডোচ
গ্ৰীক পুৰাণত, ৰোডোচ/ৰোডাচ (Rhódos) বা ৰোড (Rhódē) আছিল ৰোডচ দ্বীপৰ দেৱী তথা মানৱীয় ৰূপ আৰু সূৰ্য দেৱতা হেলিঅ’চৰ পত্নী।