ভাগ্য দেৱী
৪ প্ৰবন্ধ
-
অষ্টলক্ষ্মী
অষ্ট লক্ষ্মী (अष्टलक्ष्मी, "আঠগৰাকী লক্ষ্মী") বা অষ্টলক্ষ্মী হৈছে সম্পদৰ হিন্দু দেৱী লক্ষ্মীৰ আঠটা স্বৰূপ। তেওঁ সম্পদৰ আঠটা উৎসক প্ৰতিনিধিত্ব কৰে। অষ্ট লক্ষ্মীৰ পৰিপ্ৰেক্ষিতত "সম্পদ"ৰ অৰ্থ হৈছে সমৃদ্ধি, উৰ্বৰতা, সৌভাগ্য, সুস্বাস্থ্য, জ্ঞান, ধৈৰ্য, সন্তান আৰু শক্তি।
-
জ্যেষ্ঠা (দেৱী)
জ্যেষ্ঠা (ज्येष्ठा) হৈছে অশুভ বস্তু আৰু দুৰ্ভাগ্যৰ হিন্দু দেৱী। তেওঁক সৌভাগ্য আৰু সৌন্দৰ্যৰ দেৱী লক্ষ্মীৰ জ্যেষ্ঠা ভগ্নী আৰু তেওঁৰ বৈপৰীত্যৰ শক্তি বুলি গণ্য কৰা হয়। ঘাইকৈ অশুভ ঠাই আৰু পাপীসমূহৰ সৈতে দেৱী জ্যেষ্ঠাৰ সম্পৰ্ক স্থাপন কৰা হয়।
-
গন্ধেশ্বৰী
গন্ধেশ্বৰী হʼল দুৰ্গা দেৱীৰ অৱতাৰ আৰু গন্ধবণিক সম্প্ৰদায়ৰ উপাস্য দেৱী৷ প্ৰতি বছৰে বʼহাগ মাহৰ পূৰ্ণিমা তিথিত দেৱীৰ পূজাৰ আয়োজন কৰা হয়। এটি প্ৰবাদ অনুসৰি তেওঁ গন্ধবতীক গন্ধাসুৰৰ হাতৰ পৰা পৰা ৰক্ষা কৰিছিল। দেৱী গন্ধেশ্বৰী চতুৰ্ভূজা, শঙ্খ-চক্ৰ-ধনুৰ্বাণধাৰিণী আৰু সিংহবাহিনী।
-
নাং কোৱাক
নাং কোৱাক (Nang Kwak) হৈছে থাই লোককথাৰে জড়িত এগৰাকী বোধিসত্ত্ব, কুলদেৱী বা ঐশ্বৰিক আত্মা ৷ দেৱীয়ে সৌভাগ্য, সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে কোনো ব্যৱসায়ৰ প্ৰতি গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়।