অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ধদ

ধদ (Dhadd) ভাৰতৰ পঞ্জাব অঞ্চলত প্ৰচলিত পাৰম্পৰিক সুৰাশ্ৰয়ী ঘাতবাদ্য। ধদ দেখিবলৈ ডম্বৰু আকৃতিৰ। সাধাৰণতে ধাদি সংগীত প্ৰদশৰ্ন কৰা ধাদি জাথা সমূহে ধদ বাদ্যযন্ত্ৰ বজায়। ই ধাদি সংগীতৰ অবিচ্ছেদ্য অংশ। ধাদিৰ উপৰিও পঞ্জাব অঞ্চলৰ লোকগীত সমূহত ইয়াক ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ২৮৫ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ধদ (Dhadd) ভাৰতৰ পঞ্জাব অঞ্চলত প্ৰচলিত পাৰম্পৰিক সুৰাশ্ৰয়ী ঘাতবাদ্য। ধদ দেখিবলৈ ডম্বৰু আকৃতিৰ। সাধাৰণতে ধাদি সংগীত প্ৰদশৰ্ন কৰা ধাদি জাথা সমূহে ধদ বাদ্যযন্ত্ৰ বজায়।১২ ই ধাদি সংগীতৰ অবিচ্ছেদ্য অংশ। ধাদিৰ উপৰিও পঞ্জাব অঞ্চলৰ লোকগীত সমূহত ইয়াক ব্যৱহাৰ কৰা হয়। অঞ্চলভেদে ইয়াক ধদ্দ্ বা ধধ্ নামেৰেও জনাজাত।৩৪

বৰ্ণনা

এটুকুৰা কাঠক ডম্বৰু আকৃতিৰ অৰ্থাৎ মাজৰ অংশৰ বেধ কম আৰু এই বেধ ক্ৰমান্বয়ে দুইমূৰৰ ফালে বাঢ়ি যোৱা আকৃতিৰ ধদ তৈয়াৰ কৰা হয়।৫৬ ইয়াক প্ৰস্তুত কৰিবলৈ সাধাৰণতে আম, নুনি বা চিচু গছৰ কাঠ ব্যৱহাৰ কৰা হয়। দুয়োফালৰ মূৰ ইটোৰ লগত সিটো কটকটীয়াকৈ ৰছীৰে মুখ্য গাঁথনিৰ সৈতে টানকৈ বান্ধি ৰখা হয়। ই বাদ্যবিধ দৃঢ়ভাৱে একেলগে ধৰি ৰখাত সহায় কৰে। মুখ দুখন বৃত্তাকাৰ আৰু ছাগলীৰ চামৰাৰে ঢকা। ইয়াৰ ডিজাইন অন্যান্য ভাৰতীয় সুৰাশ্ৰয়ী ঘাতবাদ্য যেনে ডম্বৰু, উদুকাই, ইডেকা আদিৰ দৰে যথেষ্ট একে। ডম্বৰুৰ সোঁমাজত, মূৰত দুটা টোপোলা আকৃতিৰ গাঁঠি থকা দুগছ সূতাৰে বন্ধা থাকে। ডম্বৰুৰ গা-টোৰ মাজত হাতেৰে ধৰি ডম্বৰুটো জোকাৰিলে সেই টোপোলা দুটাই ছাল দুখনৰ যথাস্থানত আঘাত কৰি শব্দ ধ্বনিৰ সৃষ্টি কৰে। কিন্তু ধদত এনে কোনো পৃথক ৰচী ব্যৱহাৰ কৰা নহয়। ডম্বৰু কঁপাই থাকিলে ঘূৰ্ণন কৰি অতি সোনকালে বজোৱা হয় যাতে ৰছীবোৰে শব্দ সৃষ্টি কৰিবলৈ ইয়াৰ কাষত আঘাত কৰে২৬ আৰু কেতিয়াবা লাঠিৰেও বজোৱা হয়।২ উদুকাই আৰু ধদ বজোৱাৰ কৌশল প্ৰায় একেই, কিন্তু তেওঁলোকৰ ভিন্ন ভিন্ন সামাজিক গুৰুত্ব আছে।

বাদনশৈলী

ধাদি জাথায়ে ধদ বাদন কৰিছে
ধাদি জাথায়ে ধদ বাদন কৰিছেছবি: Sikh Heritage · Public domain

ধদৰ এটা প্ৰান্তত আঙুলিৰ সহায়ত আঘাত কৰি বজোৱা হয়।২৫৭ ধদৰ মাজভাগত মেৰিয়াই থোৱা সৰু কাপোৰ টান বা ঢিলা কৰি ইয়াৰ শব্দৰ তীব্ৰতা আৰু তীক্ষ্ণতা নিয়ন্ত্ৰণ কৰা হয়। হাতেৰে চামৰাৰ কম্পন নিয়ন্ত্ৰিত কৰি মুক্ত বা বন্ধ শব্দও প্ৰস্তুত কৰিব পৰা যায়।

সংস্কৃতিক গুৰুত্ব

শিখ ধৰ্মৰ লগত জড়িত আৰু ভাৰতৰ পঞ্জাব ৰাজ্যত প্ৰচলিত পাৰম্পৰিক সংগীতৰ ধাৰা ধাদিৰ ই অন্যতম মুখ্য বাদ্য। ধাদি সকলে পাৰম্পৰিক লোকবাদ্য ধদ আৰু সাৰংগী বজাই পঞ্জাবৰ বেলাড বা কাহিনীগীত গায়।১৪ কাহ্ন সিং নাভাৰ মহান কোষৰ মতে ধাদিৰ সংজ্ঞা হৈছে "যি ধদ বজাই যোদ্ধাসকলৰ বেলাড বা কাহিনীগীত গায়।" অৰ্থাৎ ধদ ধাদি সংগীতৰ অবিচ্ছেদ্য অংগ। ধাদিৰ লগতে পঞ্জাবৰ লোকসংগীত সমূহত ধদ বজোৱা হয়।৬৭ ইয়াক শিশুসকলৰ বাবে পৰিৰ কাহিনীগীত আৰু ভাংৰা নৃত্যৰ সৈতেও বজোৱা হয়।

তথ্যসূত্ৰ

  1. ↑ Nabha, Kahan Singh. Gur Shabad Ratnakar Mahan Kosh. Bhai Chatar Singh, Jeewan Singh
  2. ↑ Dhad of Punjab. www.rajsamandplus.com
  3. ↑ DHADD. www.vikramasentamritsar.com
  4. ↑ (30 Aug 2011). Dhadi and Dhadd Sarangi. www.punjabijanta.com
  5. ↑ DHAD. www.canteach.ca
  6. ↑ DHAD. www.chandrakantha.com
  7. ↑ Dhadi tradition. Informative article. www.esikhs.com

সম্পৰ্কিত শ্ৰেণী

বাদ্যযন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধদ” প্ৰবন্ধৰ সংশোধন ৪৭৪৬০৩ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।