অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেশমা পাঠান

ৰেশমা পাঠান (Reshma Pathan) এগৰাকী ভাৰতৰ ষ্টাণ্ট-শিল্পী। শ্বোলে ছবিত হেমা মালিনীৰ ষ্টাণ্ট কৰাৰ বাবে তেওঁক শ্বোলে গাৰ্ল হিচাপেও জনা যায়। ‘দ্য শ্বোলে গাৰ্ল’ তেওঁৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা এখন হিন্দী ছবি। তেৱেঁ প্ৰথম মহিলা ষ্টাণ্ট শিল্পী, যিয়ে ম’ভী ষ্টাণ্ট আৰ্টিষ্ট এছোচিয়েচনৰ সদস্য হৈছিল।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৪ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰেশমা পাঠান (Reshma Pathan) এগৰাকী ভাৰতৰ ষ্টাণ্ট-শিল্পী। শ্বোলে ছবিত হেমা মালিনীৰ ষ্টাণ্ট কৰাৰ বাবে তেওঁক শ্বোলে গাৰ্ল হিচাপেও জনা যায়। ‘দ্য শ্বোলে গাৰ্ল’ তেওঁৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা এখন হিন্দী ছবি। তেৱেঁ প্ৰথম মহিলা ষ্টাণ্ট শিল্পী, যিয়ে ম’ভী ষ্টাণ্ট আৰ্টিষ্ট এছোচিয়েচনৰ সদস্য হৈছিল। তেওঁ প্ৰায় ৪০০খন ছবিত ১০০০তকৈ অধিক ষ্টাণ্ট দৃশ্যত ভাগ লৈছে।১

ব্যক্তিগত জীৱন

ৰেশমাই ঘৰখনক আৰ্থিক সকাহ দিবলৈ ষ্টাণ্টৰ জগতত প্ৰবেশ কৰিছিল। তেওঁৰ প্ৰকৃতি ‘টমবয়’ৰ দৰে আছিল। ফাইট ডিৰেক্টৰ এচ. আজিমে সেয়েহে তেওঁক ষ্টাণ্ট কৰিবলৈ পৰামৰ্শ দিছিল।২ কিন্তু দেউতাকে তেওঁক ষ্টাণ্ট কৰাটো বিচৰা নাছিল। অৱশ্যে তেওঁ ঘৰখনক পতিয়ন নিয়াইছিল।১

১৯৮০ চনত তেওঁ ষ্টাণ্ট ডিৰেক্টৰ শকুৰ পাঠানক বিয়া কৰায়। ১৯৮৪ত যেতিয়া চলচ্চিতত ষ্টাণ্ট নিষিদ্ধ কৰাৰ আইন এখন গৃহীত হোৱাত তেওঁ আৰু তেওঁৰ স্বামী যথেষ্ট আৰ্থিক সংকটৰ মুখামুখি হবলগীয়া হৈছিল। ৰেশমাই স্মতিচাৰণ কৰিছে, ‘এদিন পিছৰ সাজ খাবলৈ কোনো টকা নাছিল। মোৰ চুকে-কোণে খুচৰা পইচা আৰু টকা সাঁচি ৰখাৰ এটা অভ্যাস আছিল। মই উদ্বিগ্নতাৰে বাকচ,পাত্ৰ আদি য’তে-ত’তে পইচা বিচাৰিলো। ১৬০০ টকা পাই সকাহ অনুভৱ কৰি কান্দি পেলালো। ’ তেওঁ বিশ্বাস কৰিছিল যে ষ্টাণ্ট শিল্পীবোৰৰ ভৱিষ্যত অনিশ্চিত।২

কৰ্মজীৱন

ফাইট ডিৰেক্টৰ এচ. আজিমৰ সহায়ত ৰেশমাই চৈধ্য বছৰ বয়সতে ষ্টাণ্ট শিল্পী হিচাপে চলচ্চিত্ৰ উদ্যোগত প্ৰবেশ কৰাৰ সুবিধা পায়। তেওঁ ‘এক খিলাড়ী বাৱন পত্তি’ ছবিৰ নায়িকা লক্ষ্মী ছায়াৰ ডাবল হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰে। তেওঁ বৰ্ণনা কৰিছে, “মই প্ৰতিদিনে ১৭৫ টকাৰ পাৰিশ্ৰমিকত কাম আৰম্ভ কৰিছিলো। মোৰ হাতত ৰৈছিল ১০০ টকা। বাকীখিনি অহা-যোৱাত খৰচ হৈছিল। তথাপি মই সুখী আছিল। কাৰণ এইখিনি থকা স্নাতক হ’লেও আৰ্জিব নোৱাৰিলোহেঁতেন। ঘৰৰ আৰু মোৰ প্ৰয়োজনীয় খৰচখিনি এই টকাৰে আটিছিল।”২ তেওঁ ৱাহীদা ৰহমান, ৰেখা, হেমা মালিনী, শ্ৰীদেৱী, ডিম্পল কাপাডিয়া, মীনাক্ষী শেষাদ্ৰী আদি বহুতো বলীউডৰ নায়িকাৰ বাবে ষ্টাণ্ট দৃশ্যত অংশ লৈছে। বহুতো ভোজপুৰী আৰু দক্ষিণৰ ছবিৰ উপৰিও ‘গান্ধী’, ‘মঙ্গল পাণ্ডে’, ‘দ্য ৱাৰিয়ৰ’ আদি দ্বিভাষিক ছবিতো তেওঁ কাম কৰিছে।২ ১৯৭০ আৰু ১৯৮০ৰ দশকৰ হিন্দী চলচ্চিত্ৰ উদ্যোগৰ প্ৰায়সকল অভিনেত্ৰীৰ হৈ তেওঁ ষ্টাণ্ট কৰিছে।৩

বঁটা আৰু স্বীকৃতি

চলচ্চিত্ৰ জগতলৈ তেওঁৰ অৱদানৰ বাবে ক্ৰিটিক চয়েচ ফিল্ম এৱাৰ্ড (CCFA) আগবঢ়োৱা হয়। তেওঁৰ জীৱনৰ আধাৰত ‘দ্য শ্বোলে গাৰ্ল’ নামৰ এখন চিনেমাও নিৰ্মিত হৈছে। এটা সাক্ষাৎকাৰত কৈছে যে তেওঁ কোনো ফিল্মফেয়াৰ বঁটা লাভ কৰা নাই। আনকি ছবি এখনৰ নিৰ্মাণ সমাপ্ত হোৱাৰ পিছত সাধাৰণতে প্ৰযোজকে যি উপহাৰ আদি দিয়ে, তেওঁ তেনে উপহাৰো পোৱা নাই। সেয়েহে CCFA বঁটা পাই তেওঁ কৃতজ্ঞ।৪

তথ্যসূত্ৰ

  1. ↑ (2019-03-08). ‘The show must go on’ — The story of India’s first stunt woman, Reshma Pathan. The Indian Express
  2. ↑ Reshma Pathan on life as a stuntwoman in Bollywood. filmfare.com
  3. ↑ Reshma Pathan. IMDb
  4. ↑ Srivastava, Anushika. (2019-05-09). Meet Reshma Pathan, Bollywood's First Stunt Woman. SheThePeople TV

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেশমা পাঠান” প্ৰবন্ধৰ সংশোধন ৪৩১৭৫৯ (১১ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।