২০১৯ বৰ্ষৰ চলচ্চিত্ৰ
৭ প্ৰবন্ধ
-
ন ডৰাই
ন ডৰাই (No Dorai) তনীম ৰহমান অংশুৰ পৰিচালনাত নিৰ্মিত ২০১৯ চনৰ এখন বাংলাদেশী নাট্যধৰ্মী ছবি। কক্স বজাৰৰ পটভূমিত ৰচিত ন ডৰাইৰ কাহিনীটো এগৰাকী বাংলাদেশী কণমানি ছোৱালীৰ জীৱনৰ ওপৰত আধাৰিত, যিয়ে সমাজৰ নীতি-নিয়মক অৱজ্ঞা কৰি চাৰ্ফাৰ হোৱাৰ সপোন অনুসৰণ কৰে। এইখন প্ৰথম বাংলাদেশী চাৰ্ফিং ছবি।
-
মণিকৰ্ণিকা: দ্য কুইন অফ ঝান্সী
মণিকৰ্ণিকা: দ্য কুইন অফ ঝান্সী ( Manikarnika: The Queen of Jhansi) ২০১৯ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন মহাকাব্যিক ঐতিহাসিক জীৱনীমূলক একচন নাট্যধৰ্মী ছবি। এইখন ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ জীৱনৰ আধাৰত নিৰ্মিত। পৰিচালনা কৰিছে কৃষ্ণ জাগৰলামুদী আৰু কংগনা ৰানাৱতে। চিত্ৰনাট্য ভি বিজয়েন্দ্ৰ প্ৰসাদৰ।
-
দ্য শ্বোলে গাৰ্ল
দ্য শ্বোলে গাৰ্ল ( The Sholay Girl ) আদিত্য সৰ্পোতদাৰ পৰিচালিত আৰু শ্ৰাৱণী দেওধৰ, সাই দেওধৰ আৰু শক্তি আনন্দ প্ৰযোজিত ২০১৯ চনৰ হিন্দী ভাষাৰ এখন জীৱনীমূলক নাট্যধৰ্মী ছবি। ফৈজল আখতাৰ আৰু শ্ৰবাণী দেওধৰৰ দ্বাৰা ৰচিত এই ছবিখন ভাৰতৰ প্ৰথম ষ্টাণ্ট অ’মেন ৰেশমা পাঠানৰ জীৱনৰ ওপৰত আধাৰিত।
-
ভালো মেয়ে খাৰাপ মেয়ে
ভালো মেয়ে খাৰাপ মেয়ে (Bhalo Maye Kharap Maye) ২০১৯ চনত তমল দাসগুপ্তৰ পৰিচালনাত নিৰ্মিত এখন বাংলা নাট্যধৰ্মী ছবি। সুচিত্ৰ ভট্টাচাৰ্যৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখন ২০১৯ চনৰ ১৩ ছেপ্টেম্বৰত শ্ৰীজিতা ফিল্মছ এণ্ড এণ্টাৰটেইনমেণ্টৰ বেনাৰত মুক্তি পায়।
-
মন জানে না
মন জানে না (Mon Jaane Na) হৈছে ২০১৯ চনৰ ভাৰতীয় বাংলা ভাষাৰ, ৰোমান্টিক থ্ৰিলাৰ ছবি শ্বগুফতা ৰফিকৰ পৰিচালনা আৰু এছভিএফৰ বেনাৰত শ্ৰীকান্ত মোহতা আৰু মহেন্দ্ৰ চনীৰ দ্বাৰা প্ৰযোজিত বোলছবি। যশ দাসগুপ্ত, মিমি চক্ৰৱৰ্তী আৰু ৰাজদ্বীপ গুপ্তা অভিনীত ছবিখনে আমিৰ আৰু পৰিৰ প্ৰেম কাহিনী অনুসৰণ কৰে।
-
মেড ইন বাংলাদেশ (২০১৯ চলচ্চিত্ৰ)
মেড ইন বাংলাদেশ (বঙালী ভাষাত শিমু বুলিও জনা যায়; Made in Bangladesh ) ২০১৯ চনৰ ৰুবাইয়াত হোছেইনৰ পৰিচালনাত নিৰ্মিত এখন বাংলাদেশী নাট্যধৰ্মী ছবি। ২০১৯ চনৰ টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমকালীন বিশ্ব চলচ্চিত্ৰ বিভাগত ছবিখনৰ প্ৰিমিয়াৰ হয় আৰু ইয়াৰ পিছত বিএফআই লণ্ডন চলচ্চিত্ৰ মহোৎসৱ,…
-
হিৰকণী
হিৰকণী ( Hirkani ) ২০১৯ চনৰ, প্ৰসাদ অক পৰিচালিত ভাৰতীয় মাৰাঠী ভাষাৰ এখন ঐতিহাসিক নাট্যধৰ্মী ছবি। ইৰাডা এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰযোজনা কৰিছে ফাল্গণী পেটেলে। সহ-প্ৰযোজক লৰেন্স ডিছুজা। ছবিখনক আৰ্থিক সাহায্য প্ৰদান কৰিছেৰাজেশ মাপুস্কৰে। সোণালী কুলকাৰ্ণীয়ে হিৰকণীৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে।