দা ফে'চ (The Face) হৈছে ২০১৪ চনৰ ২৬ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন এক্ছনধৰ্মী আৰু ৰোমাণ্টিক অসমৰ চলচ্চিত্ৰ। 'সন্তোষী মা প্ৰডাক্ছন'ৰ বেনাৰত বোলছবিখন প্ৰযোজনা কৰে বৰ্ণালী হাজৰিকাই। পৰিচালক ৰাজীৱ দত্ত আৰু সংগীত পৰিচালনা সুদীপ্ত হাজৰিকাৰ।১
কাহিনী
আমাৰ সমাজৰ কিছুমান চেহেৰাই সমাজৰ উন্নতিৰ কাৰণে কাম কৰি আহিছে। এখন সুস্থ নিকা সমাজ গঢ়াই তেওঁলোকৰ লক্ষ্য। কিন্তু আমাৰ সমাজতে কিছুমান ইয়াৰ বিপৰীতধৰ্মী চেহেৰাও আছে যি নিৰন্তৰ সমাজখনক ধ্বংসৰ মুখলৈ ঠেলি দিছে। এই দুই ধৰণৰ চেহেৰাৰ উপস্থিতিত সমাজৰ কেনেধৰণে পৰিৱৰ্তন আহিব পাৰে, তাৰে আধাৰতে বোলছবিখনৰ কাহিনী নিৰ্মাণ কৰা হয়।১
অভিনয় শিল্পী
চলচ্চিত্ৰখনত অভিনয় কৰিছে পদ্মৰাগ গোস্বামী, হৃষভ শৰ্মা, নীড়, ৰিমি হাজৰিকা, কল্প ৰীত, সাগৰ, মানস, হিমাংশু, নয়নজ্যোতি আদিয়ে।১
কলা-কুশলী
- পৰিচালনা - ৰাজীৱ দত্ত
- প্ৰযোজনা - বৰ্ণালী হাজৰিকা
- কাহিনী/চিত্ৰনাট্য/সংলাপ - পলাশ পৱন
- চিত্ৰগ্ৰহণ - পৃথ্বীৰাজ দত্ত, জিতেন বড়ো
- নৃত্য নিৰ্দেশনা - গৌতম ৰাভা
- সম্পাদনা - ঋতুৰাজ দত্ত
- এক্ছন নিৰ্দেশনা - প্ৰদীপ, ভবেশ২
সংগীত
দা ফে'চ চলচ্চিত্ৰখনৰ সংগীত পৰিচালক সুদীপ্ত হাজৰিকা। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, বৰ্ণালী কলিতা, সীমান্ত শেখৰ, প্ৰিয়ংকা ভৰালী, অনামিকা চৌধুৰী, সুদীপ্ত নয়ন আৰু শৰ্মিষ্ঠা গোস্বামীয়ে।১
তথ্যসূত্ৰ
- ↑ (১১ ছেপ্টেম্বৰ, ২০১৪). New Assamese Film "The Face". Creativica
- ↑ The Face - Action and Romantic Assamese Film. Assamese Culture
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য ফে'চ (অসমীয়া চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৩৯৭৩ (১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।