অসমৰ নৃত্যসমূহ
১৬ প্ৰবন্ধ
-
সত্ৰীয়া নৃত্য
সত্ৰীয়া নৃত্য অসমত বিকশিত ভাৰতীয় শাস্ত্ৰীয় নৃত্যধাৰা, যাৰ শিকড় মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰসমূহৰ ভক্তি-সংস্কৃতিত নিহিত। সংগীত নাটক একাডেমীয়ে একে ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত স্বীকৃতি দিছে আৰু সত্ৰসমূহে এই নৃত্যক সংৰক্ষণ, শৃংখলাবদ্ধ আৰু পৰিশীলিত কৰি আহিছে।
-
বিহু নৃত্য
বিহু নৃত্য(bihu dance) হৈছে ভাৰতৰ উত্তৰ-পূৱ দিশৰ অসম ৰাজ্যৰ এক থলুৱা লোকনৃত্য যি ৰাজ্যখনৰ প্ৰধান উৎসৱ বিহু আৰু অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। পৰম্পৰাগতভাৱে খাটী অসমীয়া ৰঙীন মুগাৰ সাজ পিন্ধি হাত-ভৰিৰ সুকীয়া মুদ্ৰাৰে এই নৃত্য কৰা হয়।
-
ঝুমুৰ
ঝুমুৰ অসমৰ চাহ জনজাতিসকলৰ নৃত্যবিশেষ। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদ্যাপিত চাহ জনজাতিসকলৰ কৰম পূজাৰ অংগৰূপে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হয়। মূলতঃ স্ত্ৰীপ্ৰধান হ'লেও পুৰুষেও ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰে।
-
দেওধনী নৃত্য
দেওধনী নৃত্য (Deodhani dance) অসমৰ এবিধ পুৰণিকলীয়া নৃত্য। নামনি অসমৰ অবিভক্ত কামৰূপৰ ভূমিপুত্ৰ 'কৈৱৰ্ত-জালকেওট' জনগোষ্ঠীৰ সংস্কৃতি মাজত এইয়া উত:প্ৰত ভাৱে জড়িত হৈ আছে। লগতে, পিছলৈ আজিৰ দিনত বিভিন্ন জনগোষ্ঠী যেনে, বড়ো, তিৱা, পাতিৰাভা আদিৰ মাজত ও মাৰেই পূজা হয়।
-
জেং বিহু
জেং বিহু হৈছে কেৱল মহিলাৰ দ্বাৰা পৰিৱেশন কৰা এক বিহু বিশেষ। ইয়াক গাভৰু বিহু বুলিও কোৱা হয়। এই বিহুত পুৰুষৰ কোনো গুৰুত্ব নাই। লগতে ঢোল,তাল, বাঁহী, পেঁপা আদি বাদ্যৰো গুৰুত্ব নাই। হাতত টকা আৰু হাত চাপৰি বজাই মহিলাসকলে এই নৃত্য বৃত্তাকাৰে পৰিৱেশন কৰে।
-
দেৱদাসী নৃত্য
বিস্তাৰিত: দেৱদাসী মন্দিৰৰ দেৱতাৰ সন্তুষ্টিৰ বাবে মন্দিৰ বিশেষে এক শ্ৰেণীৰ নৰ্ত্তকী ছোৱালী নিয়োগ কৰা হৈছিল। তেওঁলোকক দেৱদাসী (দেৱতাৰ দাসী) বোলা হৈছিল আৰু তেওঁসকলে কৰা নৃত্য দেৱদাসী নৃত্য নামেৰে জনা গৈছিল।
-
বাগৰুম্বা
বাগৰুম্বা (बागुरुम्बा) হৈছে বড়োসকলৰ বসন্তকালীন লোক-নৃত্য বিশেষ। মূলতঃ লোক-নৃত্য যদিও ইয়াত লাস্যময়ী নৃত্যৰ বহু উপাদান পৰিলক্ষিত হয়। 'বগ্ৰুম বাগ্ৰুম মৌছাদে' বাক্যাংশৰ অৰ্থ হ'ল দেও দি নাচা।
-
ভোৰতাল নৃত্য
ভোৰতাল নৃত্য বৰপেটা সত্ৰৰ সৈতে সম্পৰ্ক যুক্ত ই এবিধ প্ৰখ্যাত নৃত্য। বিখ্যাত সত্ৰীয়া নৃত্যশিল্পী নৰহৰি বুঢ়া ভকতে এই পদ নৃত্যৰ বিকাশত যত্ন কৰি সফল হয়। এই নৃত্যই সত্ৰৰ চাৰিবেৰৰ ভিতৰতে আৱদ্ধ হৈ নাথাকি ভাৰত ভূমিৰ বিভিন্ন মঞ্চত প্ৰদৰ্শিত হৈ কলা ৰসিকসকলৰ পৰা প্ৰশংসা বুটলিবলৈ সমৰ্থ হোৱাটো উল্লেখ…
-
বহুৱা নাচ
বহুৱা নাচ অসমৰ সোণোৱাল কছাৰীসকলৰ এক ধৰ্মীয় অনুষ্ঠান। সোণোৱাল কছাৰীসকলৰ কলা-কৃষ্টিৰ এক প্ৰকাশ হ’ল এই বহুৱা নাচ। অসমৰ বহু ঠাইত সোণোৱাল জনগোষ্ঠীয় লোকৰ মাজত এই বহুৱা নৃত্য বা বহুৱা নাচৰ প্ৰচলন আছে।
-
সূত্ৰধাৰ নৃত্য
সূত্ৰধাৰ নৃত্য(Sutradhari Nritya) সত্ৰীয়া পৰিৱেশ্য কলাৰ অন্তৰ্গত এটি নৃত্য শৈলী। সূত্ৰধাৰজন একাধাৰে গায়ক, নৰ্তক, ঘোষক আৰু পৰিস্থিতিৰ ব্যাখ্যাকাৰী। সূত্ৰধাৰী নাচ অংকীয়া ভাওনাৰ এটি অপবিহাৰ্য নৃত্যগোট। (গায়ন-বায়নৰ অন্তৰ্গত) সাধাৰণতে বৰপেটীয়া ধেমালি খনকে আধাৰ হিচাপে লৈ গুৰুকীৰ্তনৰ ভাওনা আৰম্ভ হয়।
-
মাটি আখৰা
সত্ৰীয়া নৃত্যৰ বাবে মাটি আখৰা অপৰিহাৰ্য। ইয়াৰ দ্বাৰা শৰীৰটো নাচৰ উপযোগী হোৱাৰ লগতে বিভিন্ন ভংগী শুদ্ধভাবে দিয়াত সুবিধা হয়। তদুপৰি সত্ৰীয়া নাচৰ বেলা শাস্ত্ৰীয় নৃত্য কলাৰ অভিনয়ে হস্তত আৰম্ভ কৰি ৰণলৈকে বিশেষ শিক্ষা নিদিলেও এই মাটি আখৰা শিকিয়েই ধ্ৰুপদী নৃত্যৰ সৰহখিনি কথা জানিব পাৰি।
-
লেৱাটানা নৃত্য
লেৱাটানা (Lewatana dance) অসমৰ মংগোলীয় মূলৰ বাসিন্দা হাজংসকলৰ অন্যতম জাতীয় উৎসৱ৷ কৃষিজীৱী হাজংসকলে কৃষিকাৰ্য সামৰণি পৰাৰ পিছত পুষণৈ, চ’ৰমাগা আদি নানা উৎসৱ পালন কৰে৷ কৃষিকাৰ্যৰ সামৰণি সময় মানে হাজং ডেকাসকলৰ অৱসৰ বিনোদনৰ সময়৷ এই সময়তে হাজং ডেকাসকলে ঘৰে ঘৰে চ’ৰমাগা অনুষ্ঠিত কৰি, ইয়াতে লেৱাটানা…
-
অসমৰ লোকনৃত্য
অসমৰ লোকনৃত্য (Folk dances of Assam)ৰ ভিতৰত বিহু আৰু বাগৰুম্বা (বসন্ত কালত অনুষ্ঠিত হোৱা উৎসৱৰ সময়ত দুয়োটা নৃত্য কৰা), ভোৰতাল, ওজাপালি নৃত্য। অসমত হিন্দু-মুছলমান, ভাৰত-আৰ্য্য, ৰাভা, বডো, ডিমাছা, কাৰ্বি, মিছিং, সোণোৱাল কছাৰী, মিশ্মী আৰু তিৱা (লালুং) ইত্যাদি বহুতো লোকৰ বাসস্থান।
-
ক'লীবুঢ়ী নাচ
ক’লীবুঢ়ী নাচ বা ক'লী বুঢ়ীৰ নাচ মাঘ বিহুৰ সৈতে জড়িত আৰু কলিয়াবৰৰ ঠাইবিশেষে অনুষ্ঠিত এক লোকানুষ্ঠান। ই কেৱল মহিলাৰ মাজত প্ৰচলিত। ক্ৰমে লুপ্ত হৈ যাব ধৰা এই নাচৰ অনুষ্ঠানে আদিম কৃষিজীৱি অসমীয়া সমাজৰ সৃষ্টিশীল মনক প্ৰকাশ কৰে।
-
নটুৱা নাচ
সত্ৰীয়া নৃত্যধাৰাৰ এপদ আকৰ্ষণীয় নাচ হ'ল- নটুৱা নাচ। গুৰু দুজনা আৱিৰ্ভাৱৰ পূৰ্বৰেপৰা উজনি-নামনিৰ সত্ৰবোৰত দেৱদাসী নৃত্যৰ পয়োভৰ আছিল। এই নাচৰ বিভিন্ন ৰূপাংগৰ আধাৰত সত্ৰসমূহত নটুৱা নাচে এঙামুৰি দিয়ে। কোনো কোনো লোকৰ মতে এই নাচৰ সৃষ্টিত মহাপুৰুষ মাধৱদেৱৰ অৱদান ভালেখিনি।
-
হগ্ৰা নাচ
হগ্ৰা নাচ হৈছে সোণোৱাল কছাৰীসকলৰ এক নৃত্য। এই নৃত্য মূলতঃ উপাস্য দেৱতাৰ পূজা আৰু ধৰ্মীয় জীৱনৰ লগত জড়িত। কাহিনী গীতৰ লগত সংগতি ৰাখি কৰা ই একধৰণৰ নাটকীয় পৰিৱেশন।