অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভেল পুৰী

ভেলপুৰী মূলতঃ ভাৰত ভাৰতত উদ্ভৱ হোৱা এবিধ টেঙা সোৱাদৰ জলপান বা পুৱাৰ অশাৰ। ই এক প্ৰকাৰৰ চাটো ৷ ইয়াক ফুলি উঠা চাউল অৰ্থাৎ মুড়ি, শাক-পাচলি আৰু এটা টেঙা তেতেলীৰ চাটনিৰে সৈতে প্ৰস্তুত কৰা হয়, আৰু ইয়াৰ টেক্সচাৰ মসৃণ নহয়। ভেল পুৰীৰ দ্বাৰা হিন্দী চলচ্চিত্ৰ জগতৰ দুই-এটি গীতো অনুপ্ৰাপৰাণিত হৈছে।

হালনাগাদ: ২৭ আগষ্ট ২০২৫ ৪৫২ শব্দ · ৩ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

ভেলপুৰী মূলতঃ ভাৰত ভাৰতত উদ্ভৱ হোৱা এবিধ টেঙা সোৱাদৰ জলপান বা পুৱাৰ অশাৰ। ই এক প্ৰকাৰৰ চাটো ৷ ইয়াক ফুলি উঠা চাউল অৰ্থাৎ মুড়ি, শাক-পাচলি আৰু এটা টেঙা তেতেলীৰ চাটনিৰে সৈতে প্ৰস্তুত কৰা হয়, আৰু ইয়াৰ টেক্সচাৰ মসৃণ নহয়। ১ ২ ভেল পুৰীৰ দ্বাৰা হিন্দী চলচ্চিত্ৰ জগতৰ দুই-এটি গীতো অনুপ্ৰাপৰাণিত হৈছে।৩

মূল

ভেলক প্ৰায়ে 'বিচ স্নেক' বা সাগৰৰ পাৰৰ মিমখীয়া মুখৰোচক হিচাপে চিনাক্ত কৰা হয়, মুম্বাইৰ সাগৰৰ পাৰৰ সৈতে ই ওতপ্ৰোতভাৱে জড়িত, যেনে চৌপাট্টি বা জুহু বিচ্চৰ সৈতে।৪ ইয়াৰ উৎপত্তিৰ এটা জনপ্ৰিয় তত্ত্ব হ'ল যে ইয়াক ভিক্টোৰিয়া টাৰ্মিনাছৰ ওচৰৰ ভিথাল নামৰ ৰেষ্টুৰেণ্ট এখনত উদ্ভাৱন কৰা হৈছিল। আন এটা তত্ত্ব অনুসৰি ভেলপুৰী চল্ল গুজৰাটী সম্প্ৰদায়ৰ লোক্সকলে পৰিকল্পনা কৰিছিল, সৰলউত্তৰ ভাৰতীয় চাটত জটিল সোৱাদ যোগ কৰি ইয়াক প্ৰস্তুত কৰিছিল। গুজৰাটী গৃহিণীসকলে ইয়াক প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলে আৰু পকোড়া পুৰিৰ দৰে কেইবাটাও প্ৰকাৰ খাদ্যবস্তুৰ উদ্ভাৱন কৰিলে। ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে বহু সম্প্ৰদায়ে ভে পুৰীৰ নিজ নিজ আঞ্চলিক ভিন্নতা গঢ়ি তুলিলে। ৫

তাৰতম্য

মুম্বাইৰ এই ৰন্ধন প্ৰকৰণ ভাৰতৰ বেছিভাগ ঠাইতে বিয়পি পৰিছে। স্থানীয় খাদ্য বা উপল

কৰণৰ উপলব্ধতাৰ লগত খাপ খুৱাই য়াক বিভিন্নধৰণে সালসলনি কৰা হৈছে। মহাৰাষ্ট্ৰত শুকান ভেল প্ৰস্তুত কৰি ধনীয়া আৰু নেমুৰ ৰসেৰে সজাই লোৱাৰ পিছত খোৱা হয়।৬ ভেলপুৰীৰ বাংলা ৰূপটোক ঝলমুৰি (অৰ্থাৎ "মছলাযুক্ত ফুলি উঠা চাউল") বোলা হয় আৰু ভেলপুৰীয়ে বানলা জনগোষ্ঠীৰ বিপৰীতে পানীপুৰীকহে বুজায়।৭ ভেলপুৰীৰ এটা স্থানীয় কৰ্ণাটক সংস্কৰাণক চুৰুমুৰি বা চুৰ্মুৰি বুলি জনা যায়। ৮ ভাৰতৰ বহু ঠাইত এই ৰন্ধন প্ৰকৰণ বিদ্যমান।

ঢাকাই ভেল পুৰী

ঢাকাই ভেল পুৰী বাংলাদেশত বিশেষকৈ ঢাকাত প্ৰচলিত এক প্ৰকাৰৰ ভেল পুৰী। ঢাকাই ভেলপুৰীৰ অনন্য বৈশিষ্ট্য হ’ল যে ইয়াৰ পুৰীৰ মাজত পূৰ দিয়া থাকে। পূৰী সাধাৰণতে চেমোলিনা বা আটাৰে তৈয়াৰ কৰা হয়। মিশ্ৰণটোৰ লগত কালজিৰা মিহলাই লোৱা হয়। গাজৰ, তিয়ঁহ আৰু অন্যান্য সামগ্ৰীৰ লগত সিজোৱা জলকীয়া আৰু আলু মিহলাই পুৰা তৈয়াৰ কৰা হয়। ডাল ঘুগনি প্ৰায়ে পুৰীৰ পূৰ হিচাপে ব্যৱহাৰ কৰা হয়।

সাধাৰণতে ব্যৱহৃত উপাদান

চেভ আৰু ধনিয়াৰে সজাই থোৱা ভেলপুৰী।
চেভ আৰু ধনিয়াৰে সজাই থোৱা ভেলপুৰী।ছবি: Rashmeet Kaur · CC BY-SA 4.0

ভেলপুৰীক ফুলাই তোলা চাউল বা মুড়ি আৰু চেভ (বেচনৰ মিহি ভুজিয়া) আলু, পিঁয়াজ, চাট মছলা আৰু চাটনিৰ লগত মিহলাই আৰু আন ভজা জলপানৰ মিশ্ৰণেৰে জলপানৰ ভিত্তি হিচাপে তৈয়াৰ কৰা হয়।৯ ভেলপুৰীত মিঠা, নিমখীয়া, আৰু টেঙা সোৱাদৰ ভাৰসাম্য আছে। সাধাৰণতে ব্যৱহৃত আন উপাদানসমূহৰ ভিতৰত আছে বিলাহী আৰু জলকীয়া। উত্তৰ ভাৰতত প্ৰণালী সিজোৱা আলুও সৰু সৰুকৈ কাটি মিহসলাই লোৱা হয়।১০

পৰিবেশন

ভেলপুৰী বিভিন্ন ধৰণে পৰিবেশন কৰিব পাৰি, কিন্তু ইয়াক সাধাৰণতে শঙ্কু আকাৰত ভাঁজ কৰা কাগজত পৰিবেশন কৰা হয় আৰু কাগজৰ চামুচ বা পাপড়ীৰে খোৱা হয়, যিটো নিজেই ভেলপুৰীৰ খাব পৰা উপাদান। বা ইয়াক এটাকৈ প্লেটত পৰিবেশন কৰা হয়। বৰ্তমান সময়ত ভেল পুৰীৰ সামগ্ৰী পেকেটত কিনিবলৈয়ো পোৱা যায় আৰু ইয়াক সামান্য যত্ন কৰিয়েই প্ৰস্তুত কৰিব পাৰি।

ভেলপুৰীৰ বিভিন্ন প্ৰকাৰ

চেভপুৰী – ভেলপুৰী, চাটনি, পাপড়ি আৰু চেভৰ মিশ্ৰণ।

দহী পুৰি - ভেলপুৰী, দৈৰ সৈতে চাটনি পাপড়িৰ মিশ্ৰণো যোগ কৰা হয়।

সেৱ পাপড়ী চাত – সেৱপুৰীৰ দৰেই কিন্তু ২-৩ ধৰণৰ চাটনি, আলু (পাচলি), চানা মছলাৰ সৈতে পৰিবেশন কৰা হয়।

চুৰমুৰি - এইবিধ মিহিকৈ কটা পিঁয়াজ, টমেটো, ধনীয়া টুকুৰাৰ লগতে মৰিচা আৰু নাৰিকল তেল কেইটোপালমান মিহলি কৰা হয়।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Price. (2007). Gourmet Vegetarian: The Vegetarian Recipes You Must Have. Murdoch Books. পৃ. 256. ISBN 978-1-921259-09-8
  2. ↑ আৰ্কাইভ কপি
  3. ↑ www.jiosaavn.com/lyrics/main-toh-raste-se-ja-rah
  4. ↑ Doshi; Quayle, Bella Doshi; foreword by Michele Anna Jordan. (2002). Cooking along the Ganges: the vegetarian heritage of India. Writer's Showcase. ISBN 0-595-24422-X
  5. ↑ Vir Sanghvi. (2004). Rude Food: The Collected Food Writings of Vir Sanghvi. Penguin Books India. পৃ. 100–102. ISBN 978-0-14-303139-0
  6. ↑ Buy Bhadang bhel, Order Bhadang bhel Online in India at Hariom Sweets Shop. www.hariomsweets.in
  7. ↑ Jhal Muri Recipe: How to Make Jhal Muri Recipe · Homemade Jhal Muri Recipe. recipes.timesofindia.com
  8. ↑ What is churumuri. Churumuri
  9. ↑ Bhel puri
  10. ↑ Harpham. (2004). The essential rice cookbook. Murdoch Books. ISBN 1-74045-540-1

সম্পৰ্কিত শ্ৰেণী

বঙালী ৰন্ধনশৈলীগুজৰাটী ৰন্ধনশৈলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেল পুৰী” প্ৰবন্ধৰ সংশোধন ৫৩৫১৫৭ (২৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।