অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বুৰ্ৰা কথা

বুৰ্ৰা কথা বা বুৰ্ৰাকথা (Burra katha) ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলংগানাৰ গাঁৱত পৰিবেশন কৰা জংগম কাহিনী পৰম্পৰাৰ এক মৌখিক কাহিনী কোৱা কৌশল। বুৰ্ৰাকথা এজন মূল পৰিবেশক আৰু দুজন সহ-পৰিবেশকৰে গঠিত এটা দলে পৰিবেশন কৰে আৰু প্ৰাৰ্থনা আৰু ই একক অভিনয়, নৃত্য, গীত, কবিতা আৰু কৌতুকেৰে গঠিত এক আখ্যানমূলক…

হালনাগাদ: ২৭ জুন ২০২৬ ২৭৭ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বুৰ্ৰা কথা বা বুৰ্ৰাকথা (Burra katha) ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলংগানাৰ গাঁৱত পৰিবেশন কৰা জংগম কাহিনী পৰম্পৰাৰ এক মৌখিক কাহিনী কোৱা কৌশল। বুৰ্ৰাকথা এজন মূল পৰিবেশক আৰু দুজন সহ-পৰিবেশকৰে গঠিত এটা দলে পৰিবেশন কৰে আৰু প্ৰাৰ্থনা আৰু ই একক অভিনয়, নৃত্য, গীত, কবিতা আৰু কৌতুকেৰে গঠিত এক আখ্যানমূলক মনোৰঞ্জন। ইয়াৰ বিষয়বস্তু হিন্দু ঐতিহাসিক কাহিনী (জংগম কথা) অথবা সমসাময়িক সামাজিক বিষয়ৰ ওপৰত হয়।১ ১৯৩০-১৯৫০ দশকৰ আৰম্ভণিতে তেলেংগানা বিদ্ৰোহৰ সময়ত ই এক জনপ্ৰিয় শিল্পৰূপত পৰিণত হয়।২ ১৯৪২ চনৰ আশে-পাশে গুণ্টুৰ জিলাত গাঁৱে-ভূঞে নিৰক্ষৰ জনসাধাৰণৰ মাজত ৰাজনৈতিক ধাৰণা প্ৰচাৰ কৰাৰ লক্ষ্যৰে বুৰ্ৰা কাহিনীৰ আধুনিক ৰূপ গঢ় লৈ উঠিছিল।৩

ব্যুৎপত্তি

"বুৰ্ৰা" মানে টাম্বুৰা, এবিধ ফোপোলা খোলা থকা তাঁৰবাদ্যযন্ত্ৰক বুজায়। "কথা" মানে কাহিনী।৪

বুৰ্ৰাৰ নিজা অৰ্থ তেলেগু ভাষাত "মগজু", কিয়নো টাম্বুৰাৰ খোলাটো মানুহৰ লাওখোলাৰ দৰে। খোলাটো পোৰা মাটি, শুকান লাওৰ খোলা বা পিতল আৰু তামৰ দ্বাৰা তৈয়াৰ কৰা হয়। বাদ্যযন্ত্ৰটো দেখাত বীনাৰ দৰেই আৰু পৰিবেশকে তাঁৰ টানি, টিপি বিভিন্ন সংগীতিক ধ্বনিৰ সৃষ্টি কৰিব পাৰে।

বৰ্তমান

বুৰ্ৰাকথা পৰিবেশকক বুদাগাজাংগালু বুলি কোৱা হয়। আধুনিক জীৱনত ইণ্টাৰনেট আৰু চলচ্চিত্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেয়েহে বুৰ্ৰাকথা এতিয়া দেখা পোৱা নাযায় আৰু ইয়াৰ বিকাশ আৰু উন্নয়নৰ বাবে কোনো আগবাঢ়ি নাহে। পূৰ্বতে গাঁৱে-ভূঞে বুৰ্ৰাকথাৰ গুৰুত্ব আছিল; বৰ্তমান গতিকে বুৰ্ৰাকথা কোৱাসকলে নিজৰ পৰম্পৰাগত শিল্পকলা এৰি ভিক্ষাৰী বা দিন হাজিৰা কৰা মানুহ হৈ পৰিছে।৫

গ্ৰন্থপঞ্জী

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (14 January 2013). Burrakatha loses sheen sans patronage. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Nidhi Dugar Kundalia. (2015). The Lost Generation: Chronicling India's Dying Professions. Random House India. পৃ. 63–65. ISBN 9788184007763
  3. ↑ Nidhi Dugar Kundalia. (2015). The Lost Generation: Chronicling India's Dying Professions. Random House India. পৃ. 63–65. ISBN 9788184007763
  4. ↑ enrouteI. (2023-05-12). Burrakatha: The Fading Art of Rural Storytelling in Andhra Pradesh. Enroute Indian History
  5. ↑ (2013-01-14). Burrakatha loses sheen sans patronage. The Times of India

সম্পৰ্কিত শ্ৰেণী

অন্ধ্ৰপ্ৰদেশৰ সংস্কৃতিতেলংগানাৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুৰ্ৰা কথা” প্ৰবন্ধৰ সংশোধন ৬১৪৬৪৫ (২৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।