অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

তাৰ পৰা উভতি আহিছোঁ আমি য'ত নাছিলোঁ

তাৰ পৰা উভতি আহিছোঁ আমি য'ত নাছিলোঁ (Tar Pora Ubhoti Ahiso Ami Jot Nasilo) কবি মৃদুল হালৈয়ে ৰচনা কৰা অসমীয়া কবিতাৰ এক সংকলন। এই সংকলনটো আঁক-বাক প্ৰকাশনে ২০২২ চনৰ জুলাই মাহত প্ৰকাশ কৰে। এইখন হালৈৰ তৃতীয় কাব্য সংকলন। ইয়াত মুঠ ৩৫টা কবিতা সন্নিৱিষ্ট কৰা হৈছে।

হালনাগাদ: ১৩ মে’ ২০২৩ ২১৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

তাৰ পৰা উভতি আহিছোঁ আমি য'ত নাছিলোঁ (Tar Pora Ubhoti Ahiso Ami Jot Nasilo) কবি মৃদুল হালৈয়ে ৰচনা কৰা অসমীয়া কবিতাৰ এক সংকলন। এই সংকলনটো আঁক-বাক প্ৰকাশনে ২০২২ চনৰ জুলাই মাহত প্ৰকাশ কৰে। এইখন হালৈৰ তৃতীয় কাব্য সংকলন। ইয়াত মুঠ ৩৫টা কবিতা সন্নিৱিষ্ট কৰা হৈছে।

কবিতাসমূহ

  • এই উজ্জ্বলতাই
  • তাৰ পৰা উভতি আহিছো আমি য'ত নাছিলোঁ
  • যি হ'ল নহ'বৰ হ'ল
  • কাৰ্ফিউৰ মহানগৰত
  • হয়তো জীৱন
  • এই দেশ কুশলে আছে
  • অন্য আয়োজন
  • আৰুনো কি ক'বলৈ বাকী আছে?
  • যুদ্ধবন্দী
  • যদিও কাল তোমাৰ নাম
  • ধোঁৱাফুল
  • ভালপোৱাৰ কাব্য
  • স্মৃতি
  • অন্তত
  • প্ৰথম জোন
  • আহিনে আমনি কৰা তৰাজাক
  • অন্তৰতম
  • অলপ নিৰ্জনতা
  • মোৰ নদীয়ে
  • অকাল বোধন
  • 'সৰুফুল'ৰ বাবে এটা কবিতা
  • ৰাতিৰ কবিতা
  • খুলি থোৱা খিৰিকীখনে
  • গৰু
  • আৰু এদিন এনেকৈয়ে
  • ম‍ই
  • ম‍ই তোমাৰ প্ৰাচীন উপাসকজন
  • তুমি
  • বালিৰ দুহাত
  • অসম্ভৱ অনুবাদ
  • ৰুমাল-২
  • ক'লা কবিতা
  • বিপন্নতাৰ পদ্য
  • ৰাগি
  • জোন

কবিৰ চমু পৰিচয়

মূল প্ৰবন্ধ: মৃদুল হালৈ

মৃদুল হালৈৰ প্ৰথম কাব্যগ্ৰন্থ 'অকলে আছোঁ‌ কুশলে আছোঁ‌'ৰ বাবে তেওঁ ২০১৩ চনত ‘মুনীন বৰকটকী বঁটা’১ আৰু ২০১৫ চনত ‘সাহিত্য অকাদেমি যুৱ পুৰস্কাৰ’ লাভ কৰিছিল। অসমীয়া কবিতাক প্ৰতিনিধিত্ব কৰি তেওঁ সাহিত্য অকাদেমিৰ একাধিক সৰ্বভাৰতীয় সন্মিলনত ভাগ লৈছে। তদুপৰি তেওঁ ইন্দোৰত আকাশবাণীয়ে আয়োজন কৰা 'নেশ্যনেল ছিম্পছিয়াম অৱ পয়েটছ', বাজা ফাউণ্ডেশ্যনে নতুন দিল্লীত আয়োজন কৰা 'বাক: দ্য ৰাজা বায়েনেল অব ইণ্ডিয়ান পয়েট্ৰী', 'জয়পুৰ লিটাৰেচাৰ ফেষ্টিভেল' আদি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত ভাগ লৈছে। তেওঁৰ কবিতা হিন্দী, ইংৰাজী, বাংলা আদি ভাষালৈ অনূদিত হৈছে।২ হালৈ পেছাত এগৰাকী সাংবাদিক।৩

তথ্যসূত্ৰ

  1. ↑ মুনীন বৰকটকী সাহিত্য বঁটা বিজয়ীসকল
  2. ↑ মৃদুল হালৈ. (২০২২). তাৰ পৰা উভতি আহিছোঁ আমি য'ত নাছিলোঁ. আঁ‌ক-বাক. পৃ. প্ৰচ্ছদ. ISBN 978-93-90610-91-4
  3. ↑ Mridul Haloi. jaipurliteraturefestival.org

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাৰ পৰা উভতি আহিছোঁ আমি য'ত নাছিলোঁ” প্ৰবন্ধৰ সংশোধন ৩৬৫৬১৯ (১৩ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।