অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চৰ্দাৰ বল্লভভাই পেটেল আৰক্ষী সংগ্ৰহালয়

চৰ্দাৰ বল্লভভাই পেটেল আৰক্ষী সংগ্ৰহালয় ভাৰতৰ আৰক্ষী বাহিনীৰ ইতিহাস আৰু ক্ৰমবিকাশৰ চানেকি দাঙি ধৰা এখন সংগ্ৰহালয়। এই সংগ্ৰহালয়টো ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম চহৰত থকা কোল্লাম জংচন ৰেল ষ্টেচনৰ ঠিক বিপৰীতে অৱস্থিত।

হালনাগাদ: ৬ আগষ্ট ২০২৬ ১৭০ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চৰ্দাৰ বল্লভভাই পেটেল আৰক্ষী সংগ্ৰহালয় ভাৰতৰ আৰক্ষী বাহিনীৰ ইতিহাস আৰু ক্ৰমবিকাশৰ চানেকি দাঙি ধৰা এখন সংগ্ৰহালয়। এই সংগ্ৰহালয়টো ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম চহৰত থকা কোল্লাম জংচন ৰেল ষ্টেচনৰ ঠিক বিপৰীতে অৱস্থিত।১২ এই সংগ্ৰহালয়টো বিখ্যাত বেৰিষ্টাৰ তথা ৰাজনৈতিক নেতা বল্লভভাই পেটেলৰ নামত উৎসৰ্গা কৰা হৈছে।

আকৰ্ষণসমূহ

এই সংগ্ৰহালয়টো ২০০০ চনত মুকলি কৰা হৈছিল।৩ ইয়াত অষ্টাদশ আৰু ঊনবিংশ শতিকাৰ বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ আৰু ভাণ্ডাৰ সংৰক্ষণ কৰা হৈছে। ইয়াৰ ভিতৰত গুলী, বন্দুক, মেচিন আৰু অন্যান্য বিভিন্ন মাৰাত্মক সঁজুলি অন্যতম। ইয়াৰ উপৰি সংগ্ৰহালয়টোত ডিএনএ পৰীক্ষা, মানুহৰ হাড়, আঙঠিবোৰৰ ছাপ (fingerprints) আদিৰ তথ্যভিত্তিক ফলক আছে। লগতে আৰক্ষী কুকুৰৰ আলোকচিত্ৰ আৰু বিভিন্ন পদৰ আৰক্ষী জোৱানক প্ৰদান কৰা বিভিন্ন পদকসমূহো ইয়াত প্ৰদৰ্শন কৰা হৈছে।৪ ২০০৫ চনৰ জানুৱাৰী মাহত সংগ্ৰহালয়টোত চৰ্দাৰ বল্লভভাই পেটেলৰ এটা কংক্ৰিটৰ মূৰ্তি উন্মোচন কৰা হয়। এই মূৰ্তিটোৰ ওজন ১.১ টন আৰু ইয়াৰ নিৰ্মাণ কৰিছিল আৰক্ষী কনিষ্টবল শ্ৰী সন্তোষে।

অৱস্থিতি

  • কোল্লাম জংচন ৰেল ষ্টেচন - 100 মিটাৰ
  • আন্দামুক্কাম চিটি বাছ আস্থান - 1.1 কি.মি.
  • কোল্লাম কেএছআৰটিচি বাছ আস্থান - 1.7 কি.মি.
  • কোল্লাম বন্দৰ - 2.9 কি.মি.
  • কোল্লাম সাগৰীয় তীৰ - 2.2 কি.মি.
  • আশ্ৰমম মৈদান - 2.4 কি.মি.

তথ্যসূত্ৰ

  1. ↑ Police Museum or The Sardar Vallabhai Patel Police Museum at Kollam. www.keralatourism.org
  2. ↑ Sardar Vallabhai Patel Police Museum, Karbala, Near Kollam Ksrtc Bus Station · DTPC. DTPC kollam
  3. ↑ Sardar Patel statue to be unveiled today at Kollam Police Museum
  4. ↑ History of Kerala Police, Police Museum Kollam from God's Own Kerala

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ সংগ্ৰহালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰ্দাৰ বল্লভভাই পেটেল আৰক্ষী সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৬২৩৬৪০ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।