অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চেগুন সংগ্ৰহালয়

চেগুন সংগ্ৰহালয় দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ মালাপুৰম জিলাৰ নীলাম্বুৰ চহৰৰপৰা ৬ কিলোমিটাৰ দূৰত অৱস্থিত। ভাৰতত প্ৰাকৃতিকভাৱে চেগুন গছ পোৱা যায় আৰু ইয়াৰ প্ৰধান অৰণ্যসমূহ কেৰালাত আছে। এই সংগ্ৰহালয়টো বিশ্বৰ প্ৰথমটো চেগুন সংগ্ৰহালয়।

হালনাগাদ: ৫ আগষ্ট ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ
১৯১৭ চনত নীলাম্বুৰ চেগুন খেতি
১৯১৭ চনত নীলাম্বুৰ চেগুন খেতিছবি: Government of India · Public domain

চেগুন সংগ্ৰহালয় দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ মালাপুৰম জিলাৰ নীলাম্বুৰ চহৰৰপৰা ৬ কিলোমিটাৰ দূৰত অৱস্থিত।১২ ভাৰতত প্ৰাকৃতিকভাৱে চেগুন গছ পোৱা যায় আৰু ইয়াৰ প্ৰধান অৰণ্যসমূহ কেৰালাত আছে।৩ এই সংগ্ৰহালয়টো বিশ্বৰ প্ৰথমটো চেগুন সংগ্ৰহালয়।

মাদ্ৰাজ প্ৰেছিডেন্সীৰ পুৰণি প্ৰশাসনিক নথি-পত্ৰ অনুসৰি তদানীন্তন মাদ্ৰাজ প্ৰেছিডেন্সীৰ চৰকাৰৰ মালিকানাধীন আটাইতকয়ে উল্লেখযোগ্য চেগুন খেতিখন ১৮৪৪ চনত নীলাম্বুৰত কৰা হৈছিল।৪

এই দুমহলীয়া সংগ্ৰহালয় ভৱনটো কেৰালা বন গৱেষণা প্ৰতিষ্ঠানে (Kerala Forest Research Institute) পৰিচালনা কৰে। প্ৰদৰ্শনীসমূহত চেগুন কাঠৰ ব্যৱহাৰ আৰু ইয়াৰ বিভিন্ন দিশৰ বিশদ তথ্য অন্তৰ্ভুক্ত কৰা হৈছে। সংগ্ৰহালয়টোৱে ঐতিহাসিক, কলাত্মক আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰপৰা গুৰুত্বপূৰ্ণ জ্ঞান প্ৰদান কৰে।৫

এই অঞ্চলটোৰ বাবে চেগুনৰ ঐতিহাসিক গুৰুত্ব থকাৰ বাবে ১৯৯৫ চনত কেৰালা বন গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত এই সংগ্ৰহালয়টো স্থাপন কৰা হৈছিল। ব্ৰিটিছসকলে ১৯২০-ৰ দশকত নীলাম্বুৰত বিশ্বৰ প্ৰথম চেগুন খেতি আৰম্ভ কৰিছিল।৬

চেগুনৰ ফুল
চেগুনৰ ফুলছবি: J.M.Garg · CC BY-SA 4.0
কেকটাছ সংগ্ৰহ
কেকটাছ সংগ্ৰহছবি: Prof tpms · CC BY-SA 4.0

দৰ্শনৰ সময়

প্ৰতি সোমবাৰে সাপ্তাহিক বন্ধৰ দিনটোক বাদ দি দৰ্শনাৰ্থীসকলে সকলো দিনতে ৰাতিপুৱা ১০.০০ বজাৰপৰা আবেলি ৪ বজাৰ ভিতৰত ইয়াত প্ৰৱেশ কৰিব পাৰে।

আটাইতকয়ে ওচৰৰ ৰেল ষ্টেচনটো নীলাম্বুৰত অৱস্থিত। ইয়াৰ পৰা চেগুন সংগ্ৰহালয়লৈ দূৰত্ব প্ৰায় ৩ কিলোমিটাৰ। নিকটৱৰ্তী বিমানবন্দৰটো হ’ল কৰিপুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। এই বন্দৰ মালাপুৰমৰপৰা প্ৰায় ৩৬ কিলোমিটাৰ দূৰত অৱস্থিত।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Teak Museum · KFRI. www.kfri.res.in
  2. ↑ Teak Museum at Nilambur, Malappuram. www.keralatourism.org
  3. ↑ Teak Museum. Kerala Forest Research Institute
  4. ↑ Boag, GT. (1933). The Madras Presidency (1881-1931). Government of Madras. পৃ. 63
  5. ↑ Nilambur(Forest area) - Teak Museum. Malappuram.net
  6. ↑ Museums of Kerala - Teak Museum, Nilambur. Indiatourism.com
  7. ↑ Teak Museum, Nilambur. Keralatourism.org

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ সংগ্ৰহালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেগুন সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৬২৩৩২৪ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।