কেৰালাৰ সংগ্ৰহালয়
৮ প্ৰবন্ধ
-
কৃষ্ণপুৰম প্ৰাসাদ
কৃষ্ণপুৰম প্ৰাসাদ দক্ষিণ-পশ্চিম ভাৰতৰ কেৰালা ৰাজ্যৰ আলাপ্পুয়া জিলাৰ কায়ামকুলাম চহৰৰ ওচৰত অৱস্থিত এখন প্ৰাসাদ আৰু সংগ্ৰহালয়। ট্ৰাভাংকোৰ ৰাজ্যৰ ৰজা অনিঝাম থিৰুনাল মাৰ্তণ্ড বাৰ্মাই (১৭২৯–১৭৫৮ খ্ৰীষ্টাব্দ) অষ্টাদশ শতিকাত এই প্ৰাসাদখন নিৰ্মাণ কৰাইছিল।
-
আন্তঃৰাষ্ট্ৰীয় কয়ৰ সংগ্ৰহালয়
আন্তঃৰাষ্ট্ৰীয় কয়ৰ সংগ্ৰহালয় (International Coir Museum) ভাৰতৰ কেৰালা ৰাজ্যত অৱস্থিত এখন সংগ্ৰহালয়। এই সংগ্ৰহালয়টো আলাপ্পুয়া জিলাৰ কালাভূৰত অৱস্থিত। ই ভাৰত চৰকাৰৰ এক সংবিধিবদ্ধ সংস্থা ভাৰতীয় কয়ৰ ব’ৰ্ডৰ অধীনস্থ এখন সংগ্ৰহালয়।
-
কুলাথুপুড়া অৰণ্য সংগ্ৰহালয়
কুলাথুপুড়া অৰণ্য সংগ্ৰহালয় হ’ল ভাৰতৰ এক বিশেষ সংগ্ৰহালয়। এই সংগ্ৰহালয়টো কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ কুলাথুপুড়াত অৱস্থিত। এইখন কেৰালাৰ প্ৰথম তথা সৰ্ববৃহৎ অৰণ্য সংগ্ৰহালয়।
-
কেৰালা ভূমি সংগ্ৰহালয়
কেৰালা ভূমি সংগ্ৰহালয় ভাৰতৰ কেৰালা ৰাজ্যৰ তিৰুৱনন্তপুৰম জিলাৰ পৰোট্টুকোণমত অৱস্থিত কেন্দ্ৰীয় মৃত্তিকা বিশ্লেষণ পৰীক্ষাগাৰ (Central Soil Analytical Laboratory) চৌহদৰ এখন সংগ্ৰহালয়। এই সংগ্ৰহালয়টোত ৰাজ্যখনত পোৱা বিভিন্নপ্ৰকাৰৰ মাটি প্ৰদৰ্শন কৰা হৈছে।
-
চেগুন সংগ্ৰহালয়
চেগুন সংগ্ৰহালয় দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ মালাপুৰম জিলাৰ নীলাম্বুৰ চহৰৰপৰা ৬ কিলোমিটাৰ দূৰত অৱস্থিত। ভাৰতত প্ৰাকৃতিকভাৱে চেগুন গছ পোৱা যায় আৰু ইয়াৰ প্ৰধান অৰণ্যসমূহ কেৰালাত আছে। এই সংগ্ৰহালয়টো বিশ্বৰ প্ৰথমটো চেগুন সংগ্ৰহালয়।
-
চৰ্দাৰ বল্লভভাই পেটেল আৰক্ষী সংগ্ৰহালয়
চৰ্দাৰ বল্লভভাই পেটেল আৰক্ষী সংগ্ৰহালয় ভাৰতৰ আৰক্ষী বাহিনীৰ ইতিহাস আৰু ক্ৰমবিকাশৰ চানেকি দাঙি ধৰা এখন সংগ্ৰহালয়। এই সংগ্ৰহালয়টো ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম চহৰত থকা কোল্লাম জংচন ৰেল ষ্টেচনৰ ঠিক বিপৰীতে অৱস্থিত।
-
তালপাতৰ পুথি সংগ্ৰহালয়, তিৰুৱনন্তপুৰম
তালপাতৰ পুথি সংগ্ৰহালয়, তিৰুৱনন্তপুৰম (Palm Leaf Manuscript Museum) কেৰালাৰ পৰম্পৰাগত তালপাতৰ পাণ্ডুলিপিসমূহ সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে উৎসৰ্গিত এখন সংগ্ৰহালয়। ইয়াক বিশ্বৰ প্ৰথম আৰু সৰ্ববৃহৎ তালপাতৰ পাণ্ডুলিপি সংগ্ৰহালয় বুলি গণ্য কৰা হয়।
-
ভাৰতীয় বাণিজ্য সংগ্ৰহালয়
ভাৰতীয় বাণিজ্য সংগ্ৰহালয় (Indian Business Museum) ভাৰতৰ কেৰালা ৰাজ্যৰ কোঝিকোড় চহৰত অৱস্থিত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান কোঝিকোড় (IIM Kozhikode) চৌহদত অৱস্থিত। এই সংগ্ৰহালয়টো ২০১৩ চনত মুকলি কৰা হৈছিল।