হেৰী পটাৰ
১৩ প্ৰবন্ধ
-
জে. কে. ৰাউলিং
জে. কে. ৰাউলিং (J. K. Rowling) এগৰাকী ইংৰাজ লেখিকা। ৰাউলিঙৰ জন্ম হয় ১৯৬৫ চনৰ ৩১ জুলাইত। তেওঁৰ প্ৰকৃত নাম জোৱান ৰাউলিং (Joanne Rowling)। তেওঁক ঘাইকৈ হেৰী পটাৰ কল্প কাহিনী শৃংখলাৰ বাবে জনা যায়।
-
হেৰী পটাৰ
হেৰী পটাৰ (Harry Potter) হৈছে ইংৰাজ লেখিকা জে. কে. ৰাউলিঙৰ সাতখন কল্প কাহিনীৰ উপন্যাসৰ শৃংখলা। ৰাউলিঙৰ মতে এই কাহিনীটোৰ ধাৰণাটো প্ৰথমে তেওঁৰ মনলৈ ১৯৯০ চনত এক ৰেলযাত্ৰাৰ সময়ত আহে। কাহিনীৰ নায়ক হৈছে কিশোৰ যাদুকৰ হেৰী পটাৰ আৰু মূল খলনায়ক ক'লা যাদুকৰ ভলডেম'ৰ্ট।
-
চেভেৰাছ স্নেইপ
চেভেৰাছ স্নেইপ (Severus Snape) জে. কে. ৰাউলিঙৰ হেৰী পটাৰ কল্প-কাহিনী শৃংখলাৰ এক প্ৰধান চৰিত্ৰ। শৃংখলাটোত স্নেইপ হগৱাৰ্ট্ছ যাদু বিদ্যালয়ৰ (Hogwarts School Of Witchcraft And Wizardry) যাদু ৰসায়নৰ শিক্ষক। ষষ্ঠ গ্ৰন্থখনত তেওঁ ক'লা যাদুৰ পৰা প্ৰতিৰক্ষা বিষয়ৰ শিক্ষক নিযুক্ত হৈছে।
-
হাৰমাইনি গ্ৰেইঞ্জাৰ
হাৰমাইনি জিন গ্ৰেইঞ্জাৰ (Hermione Jean Granger; ) ব্ৰিটিছ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ উপন্যাস-শৃংখলাৰ এক কাল্পনিক চৰিত্ৰ। শৃংখলাৰ প্ৰথম উপন্যাস হেৰী পটাৰ এণ্ড দ্য ফিল'ছফাৰ্চ ষ্ট'ন ৰ পৰা পৰৱৰ্তী প্ৰতিখন উপন্যাসতে তেওঁৰ উপস্থিতি আছে।
-
মাগোল
মাগোল (Muggle) হৈছে জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ ছিৰিজত কোনো যাদুকৰী ক্ষমতা নথকা বা যাদুৰ জগতখনত জন্ম নোহোৱা মানুহক বুজাবলৈ ব্যৱহৃত এক শব্দ।মাগোলৰ কোনো যাদুকৰী তেজ নাথাকে। মাগোল শব্দটি স্কুইব বা মাগোল-জন্মা মাগোল-বৰ্ণ শব্দৰ পৰা পৃথক।
-
হ’ৰক্ৰাক্স
হ'ৰক্ৰাক্স (Horcrux) হৈছে ইংৰাজ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ গ্ৰন্থ শৃংখলাত উল্লিখিত এবিধ যাদুকৰী সামগ্ৰী। এই যাদুকৰী সামগ্ৰীৰ মাজত এজন লোকে নিজৰ প্ৰাণশক্তিৰ একাংশ লুকুৱাই ৰাখিব পাৰে। হ'ৰক্ৰাক্সটো সুৰক্ষিত অৱস্থাত থাকিলে উক্ত লোকজনৰ জীৱনো সুৰক্ষিত হৈ থাকে। এক কথাত তেওঁক মাৰিব পৰা নাযায়।
-
ডেনিয়েল ৰেডক্লিফ
ডেনিয়েল জেকব ৰেডক্লিফ '(Daniel Radcliffe) (জন্ম: ২৩ জুলাই, ১৯৮৯) এজন ইংৰাজ অভিনেতা। হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা)ত হেৰী পটাৰৰ ভূমিকাত অভিনয় কৰি বিশেষভাবে পৰিচিত হয়। ইয়াৰ উপৰিও ৰেডক্লিফে একাধিক মঞ্চ, টিভি আৰু চলচ্চিত্ৰত অভিনয় কৰিছে।
-
লৰ্ড ভ'লডেমৰ্ট
লৰ্ড ভ’লডেমৰ্ট (জন্মনাম টম মাৰভোলো ৰিডল) হ’ল এক কাল্পনিক চৰিত্ৰ আৰু জে কে ৰাউলিঙৰ “হেৰী পটাৰ” শৃংখলাৰ প্ৰধান বিৰোধী চৰিত্ৰ তথা দাৰ্ক লৰ্ড অৰ্থাৎ এজন কলা যাদুগৰৰ চৰিত্ৰ আছিল যি ৱিজাৰ্ডিঙ যুদ্ধৰ কাৰণ আছিল। ১৯৯৭ চনত প্ৰকাশ হোৱা ‘’হেৰী পটাৰ এণ্ড দ্য ফিল’ছ’ফাৰ্ছ ষ্ট’ন’’ত ভ’লডেমৰ্টে আত্মপ্ৰকাশ কৰে।
-
হেৰী পটাৰ (চৰিত্ৰ)
হেৰী জেমছ পটাৰ (Harry James Potter) ব্ৰিটিছ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ উপন্যাস চিৰিজৰ প্ৰধান চৰিত্ৰ। হেৰীক কেন্দ্ৰ কৰিয়ে এই চিৰিজৰ কাহিনী আগবাঢ়িছে। হেৰী ১১ বছৰ বয়সত সৰ্বপ্ৰথম জানিবলৈ পায় যে সি এজন যাদুকৰ।
-
দ্য টেলছ অফ বিডল দ্য বাৰ্ড
দ্য টেলছ অফ বিডল দ্য বাৰ্ড (The Tales of Beedle the Bard) শিশু তথা কিশোৰসকলৰ বাবে লিখা এখন সাধুকথাৰ কিতাপ। জে. কে. ৰাউলিঙে লিখা এই কিতাপখনৰ প্ৰকাশক চিলড্ৰেনছ হাই লেভেল গ্ৰুপ (Children's High Level Group)। প্ৰথমতে ২০০৭ চনৰ ১৩ ডিচেম্বৰত গ্ৰন্থখনৰ হাতেলিখা সাতটা কপি নীলাম কৰা হৈছিল।
-
হেৰী পটাৰ বিশ্বৰ যাদুপ্ৰাণীসমূহ
জে কে ৰাউলিঙৰ হেৰী পটাৰ বিশ্বৰ যাদুপ্ৰাণীসমূহৰ তালিকাখন বিচিত্ৰ আৰু বাৰেভচহু অলেখ জীৱ-জন্তুৰে ভৰপূৰ। সাতখন গ্ৰন্থৰ এই শৃংখলাটিত হেৰী পটাৰ আৰু তাৰ বন্ধুসকলে বিভিন্ন অভিযানতেই হওক বা যাদু প্ৰাণীৰ তত্ত্বাৱধান শ্ৰেণীতেই হওক নানান জীৱ-জন্তুৰ সন্মুখীন হ'বলগীয়া হয়।
-
ৰুবিয়াছ হেগ্ৰিড
{{Infobox character | series = হেৰী পটাৰ | name = ৰুবিয়াছ হেগ্ৰিড | image = RubeusHagrid.jpg | caption = ৰুবিয়াছ হেগ্ৰিডৰ চৰিত্ৰত ৰব্বি কোলট্ৰেন হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অৱ ছিক্ৰেটছ (চলচ্চিত্ৰ)'ত | first = হেৰী পটাৰ এণ্ড দ্য ফিল’ছ’ফাৰ্ছ ষ্টোন | last = হেৰী পটাৰ এণ্ড দ্য ডেডলী হোলোজ | creator =…
-
যাদু (হেৰী পটাৰ)
জে কে ৰাউলিঙৰ হেৰী পটাৰ শৃংখলাত যাদুক এক অতিপ্ৰাকৃতিক শক্তি হিচাপে দেখুওৱা হৈছে যাক প্ৰকৃতিৰ সাধাৰণ নিয়মবোৰৰ তাৰতম্য ঘটাবলৈ ব্যৱহাৰ কৰিব পাৰি। শৃংখলাটোত বহুতো কাল্পনিক যাদুকৰী প্ৰাণী বিদ্যমান। আনহাতে সাধাৰণ প্ৰাণীবোৰেও কেতিয়াবা যাদুকৰী গুণাগুণ প্ৰদৰ্শন কৰে। ইয়াত যাদুকৰী সামগ্ৰীৰো বৰ্ণনা কৰা হৈছে।