অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

দ্বিতীয় ঢৌৰ নাৰীবাদ

দ্বিতীয় ঢৌৰ নাৰীবাদ (Second-wave Feminism) আছিল ১৯৬০ চনৰ আৰম্ভণিৰ পৰা আৰম্ভ হোৱা নাৰীবাদী কাৰ্যকলাপৰ সময় আৰু ই প্ৰায় দুটা দশক ধৰি চলিছিল। ই সমগ্ৰ পশ্চিমীয়া বিশ্বতে সংঘটিত হৈছিল, আৰু ইয়াৰ লক্ষ্য আছিল পূৰ্বৰ নাৰীবাদী প্ৰাপ্তিৰ ওপৰত মনোনিৱেশ কৰি নাৰীৰ সমতা বৃদ্ধি কৰা।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৬৯ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

দ্বিতীয় ঢৌৰ নাৰীবাদ (Second-wave Feminism) আছিল ১৯৬০ চনৰ আৰম্ভণিৰ পৰা আৰম্ভ হোৱা নাৰীবাদী কাৰ্যকলাপৰ সময় আৰু ই প্ৰায় দুটা দশক ধৰি চলিছিল। ই সমগ্ৰ পশ্চিমীয়া বিশ্বতে সংঘটিত হৈছিল, আৰু ইয়াৰ লক্ষ্য আছিল পূৰ্বৰ নাৰীবাদী প্ৰাপ্তিৰ ওপৰত মনোনিৱেশ কৰি নাৰীৰ সমতা বৃদ্ধি কৰা।

প্ৰথম ঢৌৰ নাৰীবাদে মূলতঃ ভোটাধিকাৰ আৰু লিংগ সমতাৰ আইনী বাধাসমূহ (যেনে ভোটাধিকাৰ আৰু সম্পত্তিৰ অধিকাৰ) উলংঘা কৰাত গুৰুত্ব আৰোপ কৰিছিল যদিও দ্বিতীয় ঢৌৰ নাৰীবাদে বিতৰ্কক বহল কৰি বহল পৰিসৰৰ বিষয়সমূহ অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰে কিছুমান হ'ল যৌনতা, পৰিয়াল, কৰ্মক্ষেত্ৰ, প্ৰজননৰ অধিকাৰ, বাস্তৱ বৈষম্য আৰু চৰকাৰী আইনী বৈষম্য।১ই আছিল এনে এক আন্দোলন যিয়ে সমগ্ৰ সমাজত পিতৃতান্ত্ৰিক বা পুৰুষ-প্ৰধান প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পদ্ধতিসমূহৰ সমালোচনা কৰাত মনোনিৱেশ কৰিছিল।২ দ্বিতীয় ঢৌৰ নাৰীবাদে ঘৰুৱা হিংসা আৰু বৈবাহিক ধৰ্ষণৰ বিষয়সমূহৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰিছিল৷ ইয়াৰ ফলত ধৰ্ষণ-সংকট কেন্দ্ৰ আৰু মহিলা আশ্ৰয় শিবিৰৰ সৃষ্টি হৈছিল আৰু জিম্মাত লোৱা আইন আৰু বিবাহ বিচ্ছেদ আইনত পৰিৱৰ্তন কৰিছিল। নাৰীবাদী মালিকানাধীন কিতাপৰ দোকান, ক্ৰেডিট ইউনিয়ন, ৰেষ্টুৰেণ্ট আদি আন্দোলনৰ মূল সভাস্থলী আৰু অৰ্থনৈতিক চিন্তাৰ ভিতৰুৱা আছিল।৩

১৯৬৮ চনৰ মাৰ্চ মাহত নিউয়ৰ্ক টাইমছ মেগাজিনৰ এটা প্ৰবন্ধত সাংবাদিক মাৰ্থা লিয়াৰে "দ্বিতীয় ঢৌৰ নাৰীবাদ" শব্দটো ব্যৱহাৰ কৰিছিল।৪তেখেতে লিখিছে, "সমৰ্থকসকলে ইয়াক দ্বিতীয় নাৰীবাদী ঢৌ বুলি কয়। প্ৰথমটো ঢৌ ভোটাধিকাৰৰ গৌৰৱময় বিজয়ৰ পিছত স্তিমিত হৈ পৰিছিল আৰু পৰিশেষত একত্ৰিত হৈ থকাৰ মৰুৰ মহান গুৰিটোত অদৃশ্যমান হৈ গৈছিল।" ("Proponents call it the Second Feminist Wave, the first having ebbed after the glorious victory of suffrage and disappeared, finally, into the great sandbar of Togetherness.")৪

বহু ইতিহাসবিদে আমেৰিকাৰ দ্বিতীয় ঢৌৰ নাৰীবাদী যুগটো ১৯৮০ চনৰ আৰম্ভণিতে যৌনতা আৰু পৰ্ণগ্ৰাফীৰ দৰে বিষয়ক লৈ নাৰীবাদী যৌন যুদ্ধৰ আন্তঃনাৰীবাদ বিবাদৰ সৈতে শেষ হোৱা বুলি ভাবে, যিয়ে ১৯৯০ চনৰ আৰম্ভণিতে তৃতীয় ঢৌৰ নাৰীবাদৰ যুগৰ সূচনা কৰিছিল।

কিছুমান কৃষ্ণাংগ আৰু/বা শ্ৰমিক শ্ৰেণী আৰু দৰিদ্ৰ মহিলাই দ্বিতীয় ঢৌৰ নাৰীবাদী আন্দোলনৰ মূল চিন্তাধাৰাৰ দ্বাৰা বিচ্ছিন্ন অনুভৱ কৰিছিল, যিয়ে বহুলাংশে মহিলাৰ ঘৰৰ বাহিৰত কাম কৰাৰ অধিকাৰ আৰু প্ৰজনন অধিকাৰৰ সম্প্ৰসাৰণৰ পোষকতা কৰিছিল। আমেৰিকাৰ বৰ্ণ মহিলা আৰু দৰিদ্ৰ শ্বেতাংগ মহিলাসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ঘৰৰ বাহিৰত কলাৰৰ আৰু সেৱাভিত্তিক চাকৰি কৰি আহিছিল। ইয়াৰ উপৰিও এঞ্জেলা ডেভিছে লিখিছে যে আফ্ৰিকান-আমেৰিকান মহিলা আৰু শ্বেতাংগ মহিলাসকলক একাধিক অনিচ্ছাকৃত গৰ্ভধাৰণৰ বলি কৰা হৈছিল৷ তেওঁলোকক গোপনে গৰ্ভপাত কৰিবলগীয়া হৈছিল যদিও আফ্ৰিকীয়-আমেৰিকীয় মহিলাসকলেও বাধ্যতামূলক বন্ধ্যাকৰণ কাৰ্যসূচীত ভুগিছিল যিবোৰ পৰিঘটনা প্ৰজনন ন্যায়ৰ বিষয়ে আলোচনাত ব্যাপকভাৱে অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। ২০ শতিকাৰ শেষৰ ফালৰ পৰা আৰম্ভ কৰি অড্ৰে লৰ্ড৫ আৰু উইনোনা লাডুকেৰ৬ দৰে অসংখ্য নাৰীবাদী পণ্ডিতে আমেৰিকাৰ দ্বিতীয় ঢৌৰ সমালোচনা কৰিছিল। তেওঁলোকৰ মতে ই নাৰীবাদী কাৰ্যকলাপক নাৰীবাদী ইতিহাসৰ এক সমতাপূৰ্ণ আৰু বগা ৰঙৰ কালক্ৰমলৈ হ্ৰাস কৰিছে যিয়ে বহু ৰঙৰ মহিলা, শ্ৰমিক শ্ৰেণীৰ মহিলা, আৰু এলজিবিটি মহিলাৰ কণ্ঠ আৰু অৱদানক আওকাণ কৰে।৭৮

তথ্যসূত্ৰ

  1. ↑ women's movement (political and social movement). Britannica Online Encyclopedia
  2. ↑ Pierceson, Jason, 1972-. (2016). Sexual minorities and politics: an introduction. ISBN 978-1-4422-2768-2
  3. ↑ Davis, Joshua Clark. (August 8, 2017). From Head Shops to Whole Foods: The Rise and Fall of Activist Entrepreneurs. Columbia University Press. পৃ. 129–175. ISBN 9780231543088
  4. ↑ Lear, Martha Weinman. (March 10, 1968). The Second Feminist Wave: What do these women want?. The New York Times
  5. ↑ Lewis, Gail. (July 2005). Audre Lorde: vignettes and mental conversations. Feminist Review. পৃ. 130–145
  6. ↑ Jenks, Tom. (February 2001). From the Conferences. The San Francisco Jung Institute Library Journal. পৃ. 53–66
  7. ↑ Blackwell, Maylei. (2011). ¡Chicana Power!: Contested Histories of Feminism in the Chicano Movement. University of Texas Press. পৃ. 11, 14. ISBN 9780292726901
  8. ↑ Henry, Astrid. (2012). Rethinking Women's and Gender Studies. Routledge. পৃ. 2071. ISBN 978-0415808316

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্বিতীয় ঢৌৰ নাৰীবাদ” প্ৰবন্ধৰ সংশোধন ৬৩১১৯৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।