অৰুণাচল প্ৰদেশৰ অনুসূচিত জনজাতি
৬ প্ৰবন্ধ
-
কাৰ্বি জনগোষ্ঠী
কাৰ্বি জনগোষ্ঠী (পূৰ্বতে “মিকিৰ” নামে পৰিচিত) অসমৰ এক প্ৰাচীন চীনা-তিব্বতীয় জনগোষ্ঠী, যাৰ মূল জনবসতি কাৰ্বি আংলং জিলাত কেন্দ্ৰিত। কাৰ্বিসকলৰ ভাষা কাৰ্বি ভাষা আৰু পৰম্পৰাগত ধৰ্মীয়-সাংস্কৃতিক ধাৰা হেমফু-মুক্ৰঙ কেন্দ্ৰিক লোকবিশ্বাস, উৎসৱ, লোকসাহিত্য আৰু বস্ত্ৰশিল্পত সমৃদ্ধ।
-
চিংফৌ জনগোষ্ঠী
চিংফৌ জনগোষ্ঠী হৈছে চীন, ম্যানমাৰ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত বিস্তৃত হৈ থকা কাচিন লোকসকলৰ আটাইতকৈ ডাঙৰ জাতিগত উপগোট। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয় শাখাৰ এটা জনগোষ্ঠী।
-
খামটি জনগোষ্ঠী
টাই খামটি (খামতি) বা খামটি শান হল চীনৰ য়ুন্নান প্ৰদেশ, ম্যানমাৰৰ কাচিন ৰাজ্যৰ খাম টি লুং, মগয়ুং আৰু মিটকীয়ান ঠাইৰ পৰা মূলবসতি ধৰি উত্তৰপূবৰ অসম আৰু অৰুণাচলত বসবাস কৰা উত্তৰপূবৰ টাই জাতিৰ এটা ঠাল। অসমত খামটিসকলৰ জনসংখ্যা প্ৰায় ৬০,০০০ ত কৈ অধিক।
-
খাময়াঙ জনগোষ্ঠী
টাই-খাময়াঙ জনগোষ্ঠী বা চিয়াম হ’ল অসমত বসবাস কৰা উত্তৰ পূব ভাৰতৰ টাই জাতিৰ এটা ঠাল। এওঁলোক অসমৰ তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট জিলা আৰু অৰুণাচল প্ৰদেশত পোৱা যায়।
-
টাংছা জনগোষ্ঠী
টাংছাসকল মূলত: ইণ্ডো-মংগোলিয়ান ফৈদৰ লোক। ছানহুৱাং আৰু ছাঞ্জো টাংছাসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয়। মাছুৱাই ছিংগ্ৰাপুম তেওঁলোকৰ আদি বাসভূমি। ইয়াৰ পৰা তেওঁলোকে পাছলৈ ভাল ঠাই বিচাৰি কেইবাখনো নৈয়েদি উজাই আহি অসম আৰু অৰুণাচলত বসবাস কৰিবলৈ লয়।
-
টানি জাতি
টানি জাতি (Tani people) হ'ল চীন আৰু উত্তৰপূৰ্ব ভাৰতৰ আদি, আপাটানি, গালো, মিচিং, নিছি, আৰু টাগিন জনগোষ্ঠীসমূহ মিলি হোৱা এটা জাতি। চীনা-তিব্বতীয় জনগোষ্ঠীৰ সদস্য হিচাপে তেওঁলোকে বিভিন্ন টানি ভাষাসমূহ কয় আৰু মূলতঃ চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ লগতে উত্তৰপূৰ্ব ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসম ৰাজ্যত…