শ্ৰীলংকাৰ চলচ্চিত্ৰ অভিনেত্ৰী
১২ প্ৰবন্ধ
-
জেকলিন ফাৰ্ণাণ্ডীজ
জেকলিন জিনেভিভ ফাৰ্ণাণ্ডীজ (সিংহল: ஜாக்குலின் பெர்னாண்டஸ் (জাক্কুলিন়্ পেৰ্ন়াণ্টস্), জন্ম: ১১ আগষ্ট ১৯৮৫) এগৰাকী ভাৰত-ভিত্তিক শ্ৰীলংকান অভিনেত্ৰী। তেওঁ ভাৰতীয় চলচ্চিত্ৰত, বিশেষকৈ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে, লগতে বিভিন্ন বাস্তৱ অনুষ্ঠান আৰু সংগীত ভিডিঅ’তো অংশগ্ৰহণ কৰিছে।
-
অনুলা বুলাতসিংহলা
অনুলা বুলাতসিংহলা (ইংৰাজী: Anula Bulathsinhala; জন্ম: অনুলা মেণ্ডিছ; ২১ ছেপ্টেম্বৰ ১৯৪৭ – ১৬ অক্টোবৰ ২০২০) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু গায়িকা আছিল। মঞ্চ নাটক, দূৰদৰ্শন আৰু শ্ৰীলংকান চলচ্চিত্ৰত তেওঁৰ অভিনয়ৰ বাবে তেওঁ জনপ্ৰিয় আছিল।
-
অৰুণী ৰাজপক্ষ
অৰুণী ৰাজপক্ষ (Aruni Rajapaksha) হৈছে শ্ৰীলংকাৰ এগৰাকী মডেল, অভিনেত্ৰী, টিভি আয়োজক আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী।
-
কৌশল্যা ফাৰ্ণাণ্ডো
কৌশল্যা ফাৰ্ণাণ্ডো (ইংৰাজী: Kaushalya Fernando), এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, পৰিচালক, প্ৰযোজক আৰু নাগৰিক কৰ্মী। ফাৰ্ণাণ্ডোৱে ৰাজ্যিক নাট্য মহোৎসৱত পাঁচবাৰকৈ সন্মানীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে। তেওঁ জনপ্ৰিয় নাট্য পৰিচালক প্ৰয়াত সোমলতা চুবাসিংঘেৰ কন্যা।
-
চেনালী ফোনচেকা
ৱান্নিয়াৰাচ্চিগে চেনালী কোশিলা ফোনচেকা (ইংৰাজী: Wanniarachchige Senali Koshila Fonseka; সিংহল: වන්නිආරච්චිගේ සෙනාලි කෝෂිලා ෆොන්සේකා;; জন্ম ১৮ ছেপ্টেম্বৰ, ১৯৯২) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী যিয়ে শ্ৰীলংকাৰ চলচ্চিত্ৰ, মঞ্চ আৰু টেলিভিছনত অভিনয় কৰে।
-
থুছাৰী জয়শেখৰা
থুছাৰী জয়শেখৰা (ইংৰাজী: Thushari Jayasekera) এগৰাকী শ্ৰীলংকান-আমেৰিকান অভিনেত্ৰী, প্ৰদৰ্শনকাৰী আৰু লেখিকা।
-
দমিথা আবেৰত্ন
দমিথা আবেৰত্ন (ইংৰাজী: Damitha Abeyratne; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৭৫), সম্পূৰ্ণ নাম সেধাৱী মুদিয়ানসেলেজ দমিথা বুদ্ধিনী আবেৰত্ন বন্দৰা, এগৰাকী জনপ্ৰিয় শ্ৰীলংকান চলচ্চিত্ৰ আৰু টেলিড্ৰামা অভিনেত্ৰী।
-
দীপানী ছিলভা
দীপানী ছিলভা (সিংহল: දීපානි සිල්වා), যাৰ আন এটা নাম হৈছে দীপানী ডি ছিলভা (সিংহল: දීපානි ධී සිල්වා), এগৰাকী শ্ৰীলংকান জনপ্ৰিয় প্ৰবীণ চলচ্চিত্ৰ আৰু টেলিড্ৰামা অভিনেত্ৰী। কেইবাখনো বাটৰ নাট আৰু নাটকত অভিনয় কৰাৰ পাছত তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে।
-
দেনাৱাকা হামিনে
কলা সূৰী ডোনা মাৰিয়া দেনাৱাকা (২০ ফেব্ৰুৱাৰী ১৯০৬ – ৯ ডিচেম্বৰ ২০০২), যি জনপ্ৰিয়ভাৱে দেনাৱাকা হামিনে নামেৰে পৰিচিত, শ্ৰীলংকান চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ এগৰাকী অভিনেত্ৰী আছিল।
-
পিয়ুমি হংসমালী
পিয়ুমি হংসমালী গোমেজ (জন্ম: ২২ নৱেম্বৰ ১৯৯২) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, দূৰদৰ্শন ব্যক্তিত্ব, সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰতিযোগী আৰু মডেল। তেওঁ ৰিতু নামৰ ধাৰাবাহিকখনৰ লগতে ৱাচ্ছানায়ে চন্দা আৰু লক্ষ্ণৌ আদি বোলছবিসমূহত অভিনয় কৰিছে।
-
মৰিন চাৰুণী
মৰিন চাৰুণী (ইংৰাজী: Maureen Charuni; জন্ম: ১৯ ছেপ্টেম্বৰ, ১৯৬৩), সম্পূৰ্ণ নাম কুৰুকুলাসূৰ্য মৰিন অ’হাৰা পেৰা, শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।
-
শেহানী কহন্দৱালা
শেহানী কহন্দৱালা (ইংৰাজী: Shehani Kahandawala; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৯৫) এগৰাকী শ্ৰীলংকান টেলিভিছন অভিনেত্ৰীৰ লগতে এগৰাকী টেলিভিছন ঘোষিকা, গায়িকা আৰু মডেল।