অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিম পাৰছনছ

জেমছ জোচেফ পাৰ্ছনছ (James Joseph Parsons; জন্ম: ২৪ মাৰ্চ, ১৯৭৩) এজন আমেৰিকান অভিনয়শিল্পী। ২০০৭ চনৰ পৰা ২০১৯ চনলৈকে পাৰ্ছনছে চিবিএছৰ চিটকম 'দ্য বিগ বেং থিয়ৰী'ত শ্বেলডন কুপাৰৰ চৰিত্ৰত অভিনয় কৰে।তেওঁ বিভিন্ন বঁটা লাভ কৰিছে৷ তাৰ ভিতৰত আছে কমেডী ছিৰিজৰ অসামান্য মুখ্য অভিনয়শিল্পীৰ বাবে চাৰিটা…

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

জেমছ জোচেফ পাৰ্ছনছ (James Joseph Parsons; জন্ম: ২৪ মাৰ্চ, ১৯৭৩) এজন আমেৰিকান অভিনয়শিল্পী। ২০০৭ চনৰ পৰা ২০১৯ চনলৈকে পাৰ্ছনছে চিবিএছৰ চিটকম 'দ্য বিগ বেং থিয়ৰী'ত শ্বেলডন কুপাৰৰ চৰিত্ৰত অভিনয় কৰে।১২৩তেওঁ বিভিন্ন বঁটা লাভ কৰিছে৷ তাৰ ভিতৰত আছে কমেডী ছিৰিজৰ অসামান্য মুখ্য অভিনয়শিল্পীৰ বাবে চাৰিটা প্ৰাইমটাইম এমি বঁটা৪ আৰু টেলিভিছন ছিৰিজৰ মিউজিকেল বা কমেডীৰ শ্ৰেষ্ঠ অভিনেতাৰ বাবে গোল্ডেন গ্ল'ব বঁটা৷ ২০১৫ চনৰ পৰা ২০১৮ চনলৈকে ফৰ্বছে তেওঁক বিশ্বৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা টেলিভিছন অভিনেতা হিচাপে নিৰ্বাচিত কৰে।৫৬৭৮

লেৰী ক্ৰেমাৰৰ ড্ৰামা দ্য নৰ্মেল হাৰ্ট (২০১১)ত টমী ব’টৰাইটৰ চৰিত্ৰত অভিনয় কৰি পাৰ্ছনছে ব্ৰডৱে থিয়েটাৰত অভিষেক ঘটায়৷ ইয়াৰ পিছত তেওঁ ব্ৰডৱেৰ নাটক হাৰ্ভি (২০১২), এণ এক্ট অৱ গড (২০১৫), দ্য বয়ছ ইন দ্য বেণ্ড (২০১৮), মাদাৰ প্লে (২০২৪), আৰু আৱাৰ টাউন (২০২৪)ত অভিনয় কৰে৷

চলচ্চিত্ৰ জগতত পাৰ্ছনছে হোম (২০১৫) ছবিত মুখ্য চৰিত্ৰৰ কণ্ঠদান কৰিছে৷ ইয়াৰোপৰি তেওঁ হিডেন ফিগাৰছ (২০১৬), এ কিড লাইক জেক (২০১৮), এক্সট্ৰিমলি উইকড, শ্বকিংলি ইভিল এণ্ড ভাইল (২০১৯), দ্য বয়ছ ইন দ্য বেণ্ড (২০১৮) আদি ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰিছে। টেলিভিছনত তেওঁ এইচবিঅ’ৰ ছবি দ্য নৰ্মেল হাৰ্ট (২০১১)ত টমী ব’টৰাইটৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে আৰু নেটফ্লিক্সৰ ধাৰাবাহিক হলিউড (২০২০)ত হেনৰী উইলছনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে এমি বঁটাৰ বাবে মনোনীত হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Oswald, Brad. The buzz: Jim Parsons as Sheldon. Winnipeg Free Press
  2. ↑ Salem, Rob. (January 24, 2009). Nerd herd doing a bang-up job. Toronto Star
  3. ↑ Gilbert, Matthew. (February 8, 2009). Gentle twists on reliable formulas keep viewers hooked. The Boston Globe
  4. ↑ 61st Primetime Emmy Awards | Academy of Television Arts & Sciences. Emmys.tv
  5. ↑ Robehmed, Natalie. (October 24, 2018). Highest-Paid TV Actors 2018: Jim Parsons leads with $26.5 million. Forbes
  6. ↑ Berg, Madeline. (September 28, 2017). The world's Highest-Paid TV actors: Jim Parsons leads with $27.5 million. Forbes
  7. ↑ McGrath, Maggie. (September 22, 2016). The World's Highest Paid TV Actors, 2016: Jim Parsons leads with $25 million take. Forbes
  8. ↑ McGrath, Maggie. (August 25, 2015). World's Highest-Paid TV Actors 2015: Jim Parsons leads with $29 million take. Forbes

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিম পাৰছনছ” প্ৰবন্ধৰ সংশোধন ৬৩৭১৫৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।