অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডৰ্জি ৱাংমো ৱাংচুক

ডৰ্জি ৱাংমো ৱাংচুক(:Dorji Wangmo Wangchuck,জংখা ভাষাত: རྡོ་རྗེ་དབང་མོ་དབང་ཕྱུག་; ৱাইলি: Rdo-rje Dbang-mo Dbang-phyug; জন্ম ১০ জুন ১৯৫৫ ) ভূটানৰ ৰাণী-মাতা (Gyalyum Kude)। তেওঁ ভূটানৰ প্ৰাক্তন ৰজা জিগ্মে সিংগে ৱাংচুকৰ প্ৰথম পত্নী আছিল।

হালনাগাদ: ১৪ মাৰ্চ ২০২৬ ৩২৬ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ডৰ্জি ৱাংমো ৱাংচুক(:Dorji Wangmo Wangchuck,জংখা ভাষাত: རྡོ་རྗེ་དབང་མོ་དབང་ཕྱུག་; ৱাইলি: Rdo-rje Dbang-mo Dbang-phyug; জন্ম ১০ জুন ১৯৫৫ ) ভূটানৰ ৰাণী-মাতা (Gyalyum Kude)। তেওঁ ভূটানৰ প্ৰাক্তন ৰজা জিগ্মে সিংগে ৱাংচুকৰ প্ৰথম পত্নী আছিল। জিগ্মে সিংগে ৱাংচুকে তেওঁৰ তিনিজনী ভগ্নীকো বিবাহ কৰিছিল; এই চাৰিওজনী ভগ্নীয়েই ৰাণী হিচাপে অভিহিত হোৱাৰ অধিকাৰ লাভ কৰিছিল।১২

জীৱনী

তেওঁৰ পিতৃ ইয়াব দাশো উগেন দৰ্জি (১৯২৯–২০১৬) উগেন একাডেমী (UA)-ৰ প্ৰতিষ্ঠাপক আৰু স্বত্বাধিকাৰী আছিল, আৰু এইখন ২০০২ চনৰ ৩ এপ্ৰিলত স্থাপিত হৈছিল।৩ তেওঁৰ মাতৃ হৈছে য়ুম থুইজি জাম (জন্ম ১৯৩২)। থিম্ফু জিলাত অৱস্থিত য়ুম থুইজি জাম চেৰিটি স্কুলখন তেওঁৰ মাতৃৰ নামত নামকৰণ কৰা হৈছে।৪

আশি দৰ্জি ৱাংমো ৱাংচুক ভূটানৰ চতুৰ্থ ৰজা জিগ্মে সিংগে ৱাংচুকৰ প্ৰথমা পত্নী।

তেওঁ ভাৰতৰ কুৰ্সেয়ংস্থিত ছেইণ্ট হেলেনছ স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।

তেওঁ প্ৰিন্সেছ আশি সোণাম দেচেন ৱাংচুক আৰু প্ৰিন্স দাশো জিগ্যেল উগেন ৱাংচুকৰ মাতৃ।

কৰ্মৰাজি

ৰাণী-মাতাই কবিতা আৰু ৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত ৰচিত ৰচনা-নিবন্ধৰ কেইবাখনো গ্ৰন্থ প্ৰায়োজনা আৰু সম্পাদনা কৰিছে। তেওঁ Of Rainbows and Clouds: a Story of Dasho Yab Ugyen Dorji নামৰ গ্ৰন্থখনৰ লেখিকা; এই গ্ৰন্থখনত ৰাণীৰ পিতৃ দাশো ইয়াব উগেন দৰ্জিৰ জীৱনৰ কাহিনী বৰ্ণিত হৈছে।৫ তেওঁৰ দ্বিতীয় গ্ৰন্থ Treasures of the Thunder Dragon: A Portrait of Bhutan ব্যক্তিগত স্মৃতিচাৰণ, ইতিহাস, লোককথা আৰু ভ্ৰমণবৃত্তান্তৰ এক সংমিশ্ৰণ।৬ তৃতীয় গ্ৰন্থ Dochula: A Spiritual Abode in Bhutan ভূটানৰ ড্ৰুক ৱাংগ্যেল কমপ্লেক্সৰ এক নথিভুক্তি, য’ত লুংচুত্সে লাখাং, ১০৮টা ড্ৰুক ৱাংগ্যেল স্তূপ, ড্ৰুক ৱাংগ্যেল লাখাং আৰু ড্ৰুক ৱাংগ্যেল ছে’ছু অন্তৰ্ভুক্ত।৭

তেওঁৰ নেতৃত্বত তাৰায়ানা ফাউণ্ডেশ্যনৰ জৰিয়তে কৰা সমাজকল্যাণমূলক কামৰ স্বীকৃতি স্বৰূপে, তেওঁক এটা আনুষ্ঠানিক সমাৰোহত পোপ ফ্ৰান্সিছ চেৰিটি এণ্ড লিডাৰশ্বিপ এৱাৰ্ড প্ৰদান কৰা হৈছিল।৮

সন্তান

ৰাণী মাতা আৰু প্ৰাক্তন ৰজাৰ যুগ্ম জীৱনৰ সাক্ষী দুগৰাকী সন্তান ক্ৰমে প্ৰিন্সেছ আশি সোণাম দেচেন ৱাংচুক (জন্ম: ৫ আগষ্ট ১৯৮১) আৰু প্ৰিন্স দাশো জিগ্যেল উগেন ৱাংচুক (জন্ম: ৬ জুলাই ১৯৮৪) আছে।

পৃষ্ঠপোষকতা

১৯৯৯ চনৰপৰা কৃষি আৰু পশুপালন মন্ত্ৰ্যালয়ৰ মুখ্য পৃষ্ঠপোষক।

“ভূটান ইক’চ: ড্ৰুকিউলৰ কলা আৰু সাহিত্য উৎসৱ”-ৰ মুখ্য পৃষ্ঠপোষক।

২০০০ চনৰপৰা শেৰুবৎসে কলেজৰ সন্মানীয় সভাপতি।

২০০৩ চনৰপৰা তাৰায়ানা ফাউণ্ডেশ্যন (TF)-ৰ প্ৰতিষ্ঠাপক আৰু সভাপতি।৯

২০০১ চনৰপৰা লোক ঐতিহ্য সংগ্ৰহালয় (ফেলচেই টোৱেনখিম)-ৰ পৃষ্ঠপোষক।

সন্মান

সংযুক্ত ৰাজ্যঃ ইটালি কাৰিটাছ ইন ভেৰিতাটে ইণ্টাৰনেছনেলঃ দানশীলতা আৰু নেতৃত্বৰ বাবে পোপ ফ্ৰানচিছ বঁটা (২২ অক্টোবৰ ২০১৬)।১০

তথ্যসূত্ৰ

  1. ↑ Monarchy and Royal family of Bhutan. Bhutan News Online
  2. ↑ (6 November 2008). Bhutan crowns the new King. দ্য হিন্দু
  3. ↑ Ugyen Academy
  4. ↑ Fee Structure of Private Schools in Bhutan
  5. ↑ Dorji, Yab Ugyen; Bhutan), Queen Ashi Dorji Wangmo Wangchuck (Consort of Jigme Singye Wangchuck, King of. (1999). Of Rainbows and Clouds: The Life of Yab Ugyen Dorji as Told to His Daughter. Serindia Publications, Inc. ISBN 978-0-906026-49-6
  6. ↑ Bhutan), Queen Ashi Dorji Wangmo Wangchuck (Consort of Jigme Singye Wangchuck, King of. (2006). Treasures of the Thunder Dragon: A Portrait of Bhutan. Penguin Books India. ISBN 978-0-670-99901-9
  7. ↑ Dochula: A Spiritual Abode in Bhutan
  8. ↑ Queen Mother of Bhutan receives international award for charitable accomplishments
  9. ↑ Tarayana Foundation
  10. ↑ Tarayana Foundation

সম্পৰ্কিত শ্ৰেণী

ভূটানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডৰ্জি ৱাংমো ৱাংচুক” প্ৰবন্ধৰ সংশোধন ৫৮৮০৬৮ (১৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।