আদিবাসী মহিলা
৮ প্ৰবন্ধ
-
দময়ন্তী বেশ্ৰা
দময়ন্তী বেশ্ৰা (Damayanti Beshra, ১৮ ফেব্ৰুৱাৰী ১৯৬২) এগৰাকী চাঁওতালি লেখিকা আৰু আদিবাসী গৱেষক। তেওঁ বিশেষকৈ চাঁওতালি ভাষাৰ সাহিত্যৰ বাবে তেওঁ পৰিচিত। ২০০৯ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ 'কৰম দাৰ' চাঁওতালি ভাষাৰ প্ৰথমখন মহিলাৰ আলোচনী প্ৰকাশ কৰিছিল।
-
মাইনা টুডু
মাইনা টুডু (Maina ) এগৰাকী ভাৰতীয় চাঁওতালি ভাষাৰ লেখিকা আৰু ওড়িশাৰ গৃহিণী।২০১৭ চনত তেওঁ যুৱ পুৰস্কাৰ লাভ কৰিছিল।
-
সোণাঝৰীয়া মিনজ
সোণাঝৰীয়া মিনজ এগৰাকী শিক্ষাবিদ। তেওঁ গণিত আৰু কম্পিউটাৰ বিজ্ঞানৰ প্ৰশিক্ষণ লাভ কৰিছে। তেওঁ সিদ্ধু কানহু মুৰ্মু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল।
-
এলিছ এক্কা
এলিছ এক্কা (হিন্দী: एलिस एक्का, ইংৰাজী: Alice Ekka; ৮ ছেপ্টেম্বৰ ১৯১৭ – ৫ জুলাই ১৯৭৮) এগৰাকী ভাৰতীয় আদিবাসী লেখিকা আছিল। তেওঁ জনজাতীয় পটভূমিৰ প্ৰথম মহিলা গল্পকাৰ হিচাপে পৰিচিত।
-
গ্ৰেচ কুজুৰ
গ্ৰেচ কুজুৰ (হিন্দী: ग्रेस कुजूर, ইংৰাজী: Grace Kujur; জন্ম: ৩ এপ্ৰিল ১৯৪৯) এগৰাকী ভাৰতীয় আদিবাসী লেখিকা আছিল। তেওঁৰ জন্ম হৈছিল ১৯৪৯ চনত ঝাৰখণ্ডৰ ৰাঁচীত। তেওঁৰ মাতৃভাষা আছিল 'কুড়ুখ'। তেওঁৰ পিতৃৰ নাম আছিল পৈত্ৰিক কুজুৰ আৰু মাতৃৰ নাম আছিল আছিল ৰুথ কেৰকেট্টা।
-
জসিঁতা কেৰকেট্টা
জসিঁতা কেৰকেট্টা (ইংৰাজী: Jacinta Kerketta; জন্ম: ৩ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় হিন্দী ভাষাৰ সাংবাদিক, কবি আৰু কৰ্মী। তেওঁৰ কবিতা আৰু সাংবাদিকতাই আদিবাসী যুৱক-যুৱতীসকলৰ পৰিচয়, ভাৰতত আদিবাসীসকলৰ প্ৰণালীবদ্ধ অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ, বিশেষকৈ মহিলাৰ বিৰুদ্ধে লিংগভিত্তিক হিংসা, স্থানচ্যুতিৰ বিষয়ে…
-
বিদ্যা বাল
বিদ্যা বাল (১২ জানুৱাৰী ১৯৩৭ – ৩০ জানুৱাৰী ২০২০) ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী মাৰাঠী নাৰীবাদী লেখিকা/সম্পাদিকা আছিল। তেওঁ আছিল এগৰাকী সমাজ কৰ্মী, বিশেষকৈ ভাৰতৰ পুৰুষৰ বিপৰীতে মহিলাৰ সামাজিক মৰ্যাদা সমতা স্থাপনৰ ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য।
-
ৰোজ কেৰকেট্টা
ৰোজ কেৰকেট্টা (ইংৰাজী: Rose Kerketta; জন্ম: ৫ ডিচেম্বৰ ১৯৪০) এগৰাকী মহিলা লেখিকা, কবি, চিন্তাবিদ আৰু জনজাতীয় অধিকাৰ কৰ্মী। তেখেতৰ জন্ম হৈছিল বিহাৰৰ ৰাঁচী জিলাৰ কাইছাৰা (বৰ্তমান ঝাৰখণ্ডৰ ছিমডেগা জিলা, খৰীয়া) পৰিয়ালত। তেখেতে জনজাতীয় ভাষা আৰু সংস্কৃতিৰ ওপৰত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে।