প্ৰদূষণ
৭ প্ৰবন্ধ
-
বায়ু প্ৰদূষণ
বায়ু প্ৰদূষণ(Air pollution) হ’ল বায়ুমণ্ডলত প্ৰদূষক পদাৰ্থৰ উপস্থিতিৰ ফলত বায়ু দূষিত হোৱা, যিয়ে মানুহ আৰু অন্যান্য জীৱৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু জলবায়ু বা বয়-বস্তুৰ ক্ষতি সাধন কৰে।
-
জল প্ৰদূষণ
জল প্ৰদূষণ (water pollution) বিশুদ্ধ পানী জীৱজগতৰ এক অপৰিহাৰ্য উপাদান। পানী অবিহনে জীৱই জীৱন নিৰ্বাহ কৰিব নোৱাৰে। এই পানীৰ উৎসসমূহ হ’ল সাগৰ, নদী, হ্ৰদ, পুখুৰী, খাল, বিল, ভূগৰ্ভৰ পানী আৰু জলীয় বাষ্প। খোৱাৰ বাবে উপযোগী পানীত পৰ্যাপ্ত পৰিমাণৰ পৌষ্টিক উপাদান যেনে খনিজ লৱণসমূহ থকাটো প্ৰয়োজন।
-
প্ৰদূষণ
প্ৰদূষণ হ’ল প্ৰাকৃতিক পৰিৱেশত দূষিত পদাৰ্থৰ প্ৰৱেশ ঘটাৰ ফলত হোৱা পৰিৱেশৰ বিৰূপ পৰিবৰ্তন। প্ৰদূষণে যিকোনো পদাৰ্থ (কঠিন, তৰল বা গেছ) বা শক্তি (যেনে তেজস্ক্ৰিয়তা, তাপ, শব্দ বা পোহৰ)ৰ ৰূপ ল’ব পাৰে। প্ৰদূষণৰ কাৰক অৰ্থাৎ প্ৰদূষকসমূহ বিদেশী পদাৰ্থ/শক্তি বা প্ৰাকৃতিকভাৱে পোৱা যিকোনো কাৰক হ’ব পাৰে।
-
শব্দ প্ৰদূষণ
শব্দ প্ৰদূষণ (Noise pollution) হৈছে মানুহৰ বা জন্তুৰ জীৱনৰ কাৰ্যকলাপৰ ওপৰত বিভিন্ন ক্ষতিকাৰক প্ৰভাৱৰ পেলোৱাকৈ হোৱা শব্দ তথা কোলাহলৰ প্ৰসাৰ। শব্দ হৈছে অণুৰ সংঘৰ্ষত সৃষ্টি হোৱা এক কম্পন বা তৰঙ্গ, যি কোনো মাধ্যমৰ দ্বাৰা আহি আমাৰ কাণত অনুভূত হয়।
-
পোহৰ প্ৰদূষণ
পোহৰ প্ৰদূষণ বুলিলে কৃত্ৰিম পোহৰে অনাৱশ্যকীয় ঠাইত, ভূল দিশত অনাধিকাৰ প্ৰৱেশ কৰি সৃষ্টি কৰা একপ্ৰকাৰৰ প্ৰদূষণ। গাড়ীৰ পোহৰে চকু চাঁট মাৰি ধৰা বা কোঠাৰ বিজুলী বাতি নুমাই শুই থকা অৱস্থাত বাহিৰৰ পৰা পোহৰ আহি আমনি কৰাটো পোহৰ প্ৰদূষণৰ উদাহৰণ।
-
বায়ু গুণাগুণ সূচকাংক
বায়ু গুণাগুণ সূচকাংক (এ কিউ আই) হ'ল বৰ্তমান বায়ু কিমান প্ৰদূষিত বা ভৱিষ্যতে কিমান প্ৰদূষিত হ'ব পাৰে সেইটো ভৱিষ্যৎবাণী কৰা এটা সূচক সংখ্যা। বায়ু প্ৰদূষণৰ মাত্ৰা যেতিয়া বাঢ়ে, একিউআই বৃদ্ধিৰ লগতে ৰাজহুৱা স্বাস্থ্য অৱনতিৰ আশংকাও বৃদ্ধি পায়।
-
ভূমি প্ৰদূষণ
মাটিত কিছুমান নাথাকিবলগীয়া ৰসায়ন বা পদাৰ্থৰ উপস্থিতিয়ে নাইবা কিছুমান পদাৰ্থ থাকিবলগীয়া পৰিমাণতকৈ অধিক থাকিলে, যদি তাত থকা জীৱসমূহলৈ বিপদ মাতি আনে; তেতিয়াই মাটিখিনিক প্ৰদূষিত হোৱা বুলি কোৱা হয়। মাটিৰ এই অৱস্থাটোকে ভূমি প্ৰদূষণ বোলে।