গণিকা বিষয়ক ভাৰতীয় চলচ্চিত্ৰ
৫ প্ৰবন্ধ
-
দেৱদাস (২০০২ চনৰ হিন্দী চলচ্চিত্ৰ)
দেৱদাস হ'ল ২০০২ চনত মুক্তি পোৱা এখন ভাৰতীয় হিন্দী চলচ্চিত্ৰ। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বিখ্যাত উপন্যাস দেৱদাসৰ আধাৰত নিৰ্মিত হয় এই ছবিখন। এয়া দেৱদাসৰ কাহিনীৰ তৃতীয় বলীউড (হিন্দী) সংস্কৰণ আৰু হিন্দীত প্ৰথম ৰঙীন চলচ্চিত্ৰ সংস্কৰণ।
-
জলসাঘৰ
জলসাঘৰ (The Music Room) বঙালী লেখক তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ জনপ্ৰিয় চুটিগল্পৰ আধাৰত সত্যজিৎ ৰায়ৰ পৰিচালনাত ১৯৫৮ চনত নিৰ্মিত এখন ভাৰতীয় বঙালী নাট্যধৰ্মী ছবি; য’ত ছবি বিশ্বাসে মূল চৰিত্ৰত অভিনয় কৰিছিল। এইখন সত্যজিৎ ৰায়ৰ চতুৰ্থ পূৰ্ণদৈৰ্ঘ্য ছবি।
-
পাকীজা (চলচ্চিত্ৰ)
পাকীজা (Pakeezah ) ১৯৭২ চনৰ কামাল আমৰোহী ৰচিত, পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় সংগীতমধুৰ ৰোমান্টিক নাট্যধৰ্মী ছবি। ছবিখনত অশোক কুমাৰ আৰু ৰাজ কুমাৰৰ সৈতে নাম ভূমিকাত অভিনয় কৰিছে মীনা কুমাৰীয়ে। ইয়াত লক্ষ্ণৌৰ তৱাইফ চাহিবজানৰ কাহিনী বৰ্ণিত হৈছে।
-
চিত্ৰলেখা (১৯৪১ চলচ্চিত্ৰ)
চিত্ৰলেখা ( Chitralekha ) ১৯৪১ চনৰ কিদাৰ শৰ্মা পৰিচালিত এখন ভাৰতীয় হিন্দী ছবি। ১৯৩৪ চনত ৰচিত ভাগৱতী চৰণ বাৰ্মাৰ একে নামৰ হিন্দী উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ইয়াৰ সংগীত বিখ্যাত শাস্ত্ৰীয় সংগীতজ্ঞ উস্তাদ ঝাণ্ডে খানৰ।
-
গোমতী কে কিনাৰে
গোমতী কে কিনাৰে (Gomti Ke Kinare) ১৯৭২ চনত নিৰ্মিত এখন বলীউডী নাট্যধৰ্মী ছবি। এইখন সাৱন কুমাৰ টাকৰ প্ৰথম পৰিচালিত ছবি। ইয়াত অভিনয় কৰিছে মীনা কুমাৰী আৰু মুমতাজে। এইখনে আছিল মীনা কুমাৰীৰ শেষ মুক্তি পোৱা ছবি আৰু ৩১ মাৰ্চত মৃত্যুৰ ৮ মাহৰ পিছত ১৯৭২ চনৰ ২২ নৱেম্বৰত মৰণোত্তৰভাৱে মুক্তি পাইছিল।