গৱেষক
৮ প্ৰবন্ধ
-
জয়ন্তী নায়ক
ড° জয়ন্তী নায়ক (জন্ম ৬ আগষ্ট ১৯৬২) গোৱাৰ এগৰাকী কোংকণী সাহিত্যিক আৰু লোককথাৰ গৱেষক। তেখেত এগৰাকী চুটিগল্প লেখিকা, নাট্যকাৰ, শিশু লেখিকা, লোককথাবিদ, অনুবাদক আৰু গোৱা বিশ্ববিদ্যালয়ৰ কোংকণী বিভাগৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ব্যক্তি।তেখেত সাহিত্য অকাডেমীৰ বঁটাও বিজয়ী।
-
আলাউদ্দিন আল আজাদ
আলাউদ্দিন আল আজাদ (Alauddin Al-Azad; জন্ম: ৬ মে' ১৯৩২ - মৃত্যু: ৩ জুলাই ২০০৯)) বাংলাদেশৰ এজন ঔপন্যাসিক, প্ৰবন্ধকাৰ, কবি, নাট্যকাৰ, গৱেষক আৰু অধ্যাপক। তেওঁৰ লিখনিবিলাক আছিল সংগ্ৰামী আৰু আশাবাদী। সমসাময়িক নাগৰিক জীৱনৰ সমস্যাসমূহ তেওঁ লিখিছিল। ১৯৫২ চনৰ ভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল তেওঁ।
-
ছাৰা জেমি লুইছ
ছাৰা জেমি লুইছ (Sarah Jamie Lewis) এগৰাকী পৰিচয়হীনতা (anonymity) আৰু গোপনীয়তা সংক্ৰান্তীয় গৱেষক। তেওঁৰ গৱেষণা বিশেষকৈ ‘ডিএনোনিমাইজেচন’ আৰু ই-ভোটদানৰ ক্ষেত্ৰত প্ৰকাশিত হৈছে।
-
ডৰথী ৰিডল
ডৰথী ৰিডল (Dorothy Riddle; জন্ম: ১২ জানুৱাৰী, ১৯৪৪) এগৰাকী আমেৰিকান-কানাডিয়ান মনোবিজ্ঞানী, নাৰীবাদী আৰু অৰ্থনৈতিক উন্নয়ন বিশেষজ্ঞ। ৰিডল হমফবিয়া স্কেলৰ লেখিকা হিচাপে পৰিচিত আৰু তেওঁ নাৰীঅধ্যয়ন, হমফবিয়া, সেৱা আৰু আধ্যাত্মিকতাবাদৰ ওপৰত গ্ৰন্থ প্ৰকাশ কৰে।
-
পৌৰাণ ডেৰাখশান্দেহ
পৌৰাণ ডেৰাখশান্দেহ (ফাৰ্চী: پوران درخشنده; জন্ম ২৭ মাৰ্চ, ১৯৫১) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু গৱেষক।
-
স্মাদাৰ লেভি
স্মাদাৰ লেভি (Smadar Lavie) কেলিফৰ্ণিয়া ডেভিছ বিশ্ববিদ্যালয়ৰ নৃতত্ত্বৰ অধ্যাপক এমেৰিটা, আৰু মিজৰাহি নৃতত্ত্ববিদ, লেখক আৰু কৰ্মী। তেওঁ ইজিপ্ত, ইজৰাইল আৰু পেলেষ্টাইনৰ নৃতত্ত্বৰ বিশেষজ্ঞ; জাতি, লিংগ আৰু ধৰ্মৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
হিলিনা বেৰহানু ডেগেফা
হিলিনা বেৰহানু ডেগেফা (Hilina Berhanu Degefa) (জন্ম-১৯৯২) এগৰাকী ইথিঅ'পিয়ান মহিলা অধিকাৰ কৰ্মী আৰু গৱেষক। আদিছ আবাবা আৰু মেকেলে বিশ্ববিদ্যালয়ত যুৱক-যুৱতীৰ নেতৃত্বত গঢ় লৈ উঠা নাৰীবাদী পোষকতা আৰু সৱলীকৰণ কাৰ্যসূচী দ্য ইয়েলো মুভমেণ্টৰ তেওঁ সহ-প্ৰতিষ্ঠাপক।
-
ৰাজীৱ মালহোত্ৰা
ৰাজীৱ মালহোত্ৰা (Rajiv Malhotra) (জন্ম: ১৫ ছেপ্টেম্বৰ ১৯৫০) ভাৰতত জন্মগ্ৰহণ কৰা এজন আমেৰিকীয় সোঁপন্থী হিন্দুত্ববাদী মতাদৰ্শবিদ৷ তেওঁ ভাৰতীয় অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা ইনফিনিটি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক৷ ইয়াৰ লগতে তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ তিব্বতী বৌদ্ধ টেংগ্যুৰ অনুবাদৰ প্ৰকল্পৰ বাবেও ধন…