উদ্যান
৭ প্ৰবন্ধ
-
জটায়ু প্ৰকৃতি উদ্যান
জটায়ু আৰ্থছ চেণ্টাৰ, বা জটায়ু প্ৰকৃতি উদ্যান, ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ চডয়ামংগলামত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান আৰু পৰ্যটন কেন্দ্ৰ। ই সাগৰ পৃষ্ঠৰপৰা গড়ে 350 মিটাৰ উচ্চতাত অৱস্থিত। ইয়াৰ শীৰ্ষলৈ যাবলৈ কেবল কাৰৰ ব্যৱস্থা আছে আৰু এইখন কেৰালাৰ একমাত্ৰ কেবল কাৰ।
-
তপোবন
তপোবন সংস্কৃতমূলীয় শব্দ। তপঃ অৰ্থাৎ তপস্যা আৰু ৱন অৰ্থাৎ বন- এই দুই মূল শব্দৰপৰা হৈছে তপোবন। তপস্যাৰ অধিক সাধাৰণ অৰ্থ 'আধ্যাত্মিক অনুশীলন', আৰু ৱন 'অৰণ্য' বা 'ডাঙৰ'। তাৰ পিছত তপোবনৰ অনুবাদ হয় ‘তপ বা আধ্যাত্মিক অনুশীলনৰ অৰণ্য’।
-
অটল উদ্যান
অটল উদ্যান হ'ল গুৱাহাটীৰ মালিগাঁও অঞ্চলৰ আদাবাৰী তিনিআলীত অৱস্থিত এখন চহৰীয়া উদ্যান।
-
এলনৱিক গাৰ্ডেন
এলনৱিক গাৰ্ডেন বা এলনৱিক বাগিচা (Alnwick Poison Garden) ইংলেণ্ডৰ নৰ্থাম্বাৰলেণ্ডৰ এলনৱিক চহৰৰ এলনৱিক কাচলৰ সংলগ্ন এখন আনুষ্ঠানিক উদ্যান। ডিউকচ্ অৱ নৰ্থাম্বাৰলেণ্ডৰ অধীনত থকা এই উদ্যানবোৰৰ বহুতো ইতিহাস জড়িতহৈ আছে। একবিংশ শতিকাৰ পুনৰুদ্ধাৰৰ আৰম্ভণিতে এইবোৰ জীৰ্ণশীৰ্ণ অৱস্থাতে আছিল।
-
কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান
কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান হৈছে অসমত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ অৰ্কিড উদ্যান। গোলাঘাট জিলাৰ দুৰ্গাপুৰ গাঁৱত প্ৰায় ৬ একৰ এলেকাত বিস্তৃত উদ্যানখনে কাজিৰঙাৰ গৌৰৱ বহুগুণে বৃদ্ধি কৰিছে।
-
মিল এণ্ডছ পাৰ্ক
মিল এণ্ডছ পাৰ্ক (Mill Ends Park) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাউনটাউনৰ এচডব্লিউ টেইলৰ ষ্ট্ৰীটৰ ওচৰৰ উইলামেট নদীৰ কাষৰ টম মেককল ৱাটাৰফ্ৰণ্ট পাৰ্কৰ কাষত এচডব্লিউ নেইট' পাৰ্কৱেৰ মধ্যৱৰ্তী ষ্ট্ৰিপত অৱস্থিত পৰ্টলেণ্ড, অৰেগনৰ এখন সৰু নগৰীয়া উদ্যান। এই উদ্যানখন এজোপা গছৰে গঠিত।
-
হাইনান দ্বীপ মৌচুমী বৰ্ষাৰণ্য
হাইনান দ্বীপ মৌচুমী বৰ্ষাৰণ্য (ডব্লিউ.ডব্লিউ.এফ. আই.ডি.: আইএম০১৬৯) (Hainan Island monsoon rain forests) পৰিৱেশ অঞ্চলে চীনৰ হাইনান দ্বীপত থকা পাহাৰীয়া অভ্যন্তৰীণ অঞ্চলক সামৰি লৈছে। গ্ৰীষ্মমণ্ডলীয় অৰণ্যসমূহত বছৰি ১,০০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হয়। গ্ৰীষ্মকালীন বৰষুণৰ বতৰত ইয়াৰ পৰিমাণ অধিক হয়।