সত্তা হৈছে ২০১৭ চনৰ বাংলাদেশী ৰোমাণ্টিক বিষাদভৰা নাটকীয় চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছে হাসিবুৰ ৰেজা কল্লোলে আৰু শোহানী হোসেইনে তাৰঙ্গা এণ্টাৰটেইনমেণ্ট বেনাৰত প্ৰযোজনা কৰিছে।১২ কাহিনী লিখিছে শোহানী হোছেইনে আৰু চিত্ৰনাট্য তথা সংলাপ লিখিছে ফাৰদৌস হাছানে। চলচ্চিত্ৰখনত মুখ্য ভূমিকাত অভিনয় কৰিছে শাকিব খান আৰু পাওলি দামে (বাংলাদেশত তেওঁৰ প্ৰথম অভিনয়), লগতে কবিলা, নাসৰিন, ৰিনা খান, ডন আদি সহায়ক ভূমিকাত অভিনয় কৰিছে।২৩
চলচ্চিত্ৰখনৰ মুখ্য চিত্ৰগ্ৰহণ ১৬ নৱেম্বৰ ২০১৪ তাৰিখে আৰম্ভ হয় আৰু ২০ নৱেম্বৰ ২০১৬ তাৰিখে সমাপ্ত হয়। ছবিখনৰ প্ৰথম টিজাৰ ১৪ এপ্ৰিল ২০১৬ তাৰিখে মুকলি কৰা হয়। চলচ্চিত্ৰখন ৭ এপ্ৰিল ২০১৭ তাৰিখে বাংলাদেশত মুক্তি লাভ কৰে। চলচ্চিত্ৰখনৰ সংগীত বাপ্পা মজুমদাৰে সুৰাৰোপ কৰিছে, যি তেওঁৰ প্ৰথম চলচ্চিত্ৰ সংগীত সংকলন আছিল। ই হাসিবুৰ ৰেজা কল্লোলৰ দ্বিতীয় পৰিচালনা; ইয়াৰ পূৰ্বে তেওঁ অন্ধ নিৰাঙ্গম নামৰ এখন চলচ্চিত্ৰ পৰিচালনা কৰিছিল, যিখন লালন দৰ্শনৰ বিকাশৰ আধাৰত নিৰ্মিত।৪ চলচ্চিত্ৰখন বিভিন্ন শ্ৰেণীত পাঁচটা জাতীয় চলচ্চিত্ৰ বঁটা লাভ কৰে, যাৰ ভিতৰত ৪২তম বাংলাদেশ জাতীয় চলচ্চিত্ৰ বঁটাত শাকিব খানে চতুৰ্থবাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। লগতে ই ছয়টা বাচসাস বঁটা আৰু দুটা মেৰিল-প্ৰথম আলো বঁটাও লাভ কৰে।৫৬৭
কাহিনী
ধনী পিতৃৰ বিপথে যোৱা পুত্ৰ সবুজ (শাকিব খান)ক মদিৰাসক্ত কৰি তেওঁৰ সম্পত্তি দখল কৰাৰ ষড়যন্ত্ৰ কৰে মোমায়েক-মামীয়েকে। ফলত সবুজে সমাজৰপৰা নিজকে আঁতৰাই ৰাখে। আনহাতে শিখা (পাওলি দাম) চুয়াডাঙা সীমান্তৱৰ্তী এখন গাঁৱৰ ছোৱালী। শিখাৰ মাক ৰূপা (শামীমা নাজনীন)-ই কন্যাৰ বিয়াৰ যৌতুক যোগাৰ কৰিবলৈ গৈ অবৈধ সৰবৰাহ কাৰ্যত জড়িত হয় আৰু সীমান্তৰক্ষী বাহিনীৰ গুলীত নিহত হয়।
মাকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ গৈ শিখা এজন নিৰ্দয় চিকিৎসকৰ কবলত পৰে। এসময়ত চিকিৎসকজনে তেওঁৰ মান হানিৰ চেষ্টা কৰে। নিজৰ সম্ভ্ৰম ৰক্ষা কৰিবলৈ শিখাই চিকিৎসকজনক ছুৰীৰে আঘাত কৰি ঢাকালৈ পলাই যায়। ঢাকাত উপস্থিত হৈ জীৱন-ধাৰণৰ বাবে কঠোৰ সংগ্ৰাম আৰম্ভ কৰে। বিভিন্ন দুষ্টচক্ৰৰ হাতত পৰি অৱশেষত পতিতাসকলৰ দলত সোমাবলৈ বাধ্য হয় যদিও সকলো প্ৰতিঘাতৰ মাজতো নিজৰ সতীত্ব অটুট ৰাখিবলৈ চেষ্টা চলাই যায়।
এসময়ত সবুজ শিখাৰ প্ৰেমত পৰে। শিখাৰ জীৱনসংগ্ৰাম আৰু সবুজৰ ভালপোৱাক কেন্দ্ৰ কৰি চলচ্চিত্ৰখনৰ কাহিনী আগবাঢ়ে।
তথ্যসূত্ৰ
- ↑ bn:‘সত্তা’ৰ শূটিংয়ে ঢাকায় পাওলি দাম. Janakantha
- ↑ ৰায়, অঞ্জন. bn:প্ৰথম ছবিতেই বাজিমাত শাকিব-পাওলিৰ ‘সত্তা’ৰ. Anandabazar Patrika
- ↑ bn:ঈদেৰ আগে শেষ হচ্ছে শাকিব-পাওলিৰ ‘সত্তা’. Manab Zamin
- ↑ (2011-12-22). bn:মুক্তি পাচ্ছে ‘অন্ধ নিৰাঙ্গম’. banglanews24.com
- ↑ (6 April 2019). আৰ্কাইভ কপি. Bhorer Kagoj
- ↑ bn:শিল্পীদেৰ পাঁচ বছৰেৰ পাওনা মেটাল বাচসাস. Prothom Alo
- ↑ bn:বাচসাস সুবৰ্ণ জয়ন্তী উৎসৱ ও চলচ্চিত্ৰ পুৰস্কাৰ প্ৰদান. Janakantha
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্তা” প্ৰবন্ধৰ সংশোধন ৬৩৫৬১৭ (১৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।