অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান

গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ হিমাচল প্ৰদেশৰ কুল্লু অঞ্চলত অৱস্থিত সংৰক্ষিত ৰাষ্ট্ৰীয় উদ্যান। ১৯৮৪ চনত এই ৰাষ্ট্ৰীয় ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি ১,১৭১ বৰ্গ কিলোমিটাৰ আৰু ই সাগৰ পৃষ্ঠৰ পৰা ৬০০ মিটাৰৰ পৰা ১৫০০ মিটাৰ উচ্চতাত অৱস্থিত।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ৭২৯ শব্দ · ৪ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ হিমাচল প্ৰদেশৰ কুল্লু অঞ্চলত অৱস্থিত সংৰক্ষিত ৰাষ্ট্ৰীয় উদ্যান। ১৯৮৪ চনত এই ৰাষ্ট্ৰীয় ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি ১,১৭১ বৰ্গ কিলোমিটাৰ আৰু ই সাগৰ পৃষ্ঠৰ পৰা ৬০০ মিটাৰৰ পৰা ১৫০০ মিটাৰ উচ্চতাত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ৩৭৫টা ভিন্ন প্ৰজাতিৰ উদ্ভিদ, ৩১টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ১৮১টা চৰাইৰ প্ৰজাতি, ৩টা প্ৰজাতিৰ সৰীসৃপ, ৯টা উভচৰ প্ৰাণীৰ প্ৰজাতি, ১১টা বলয়ীপ্ৰাণীৰ প্ৰজাতি, ১৭টা কোমলদেহী প্ৰাণীৰ প্ৰজাতি আৰু ১২৭টা সন্ধিপদী প্ৰাণীৰ বাসস্থান। এই সকলো প্ৰাণী আৰু উদ্ভিদ বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ ৰ অধীনত সংৰক্ষিত।

২০১৪ চনত কাটাৰৰ ৰাজধানী দোহাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ ৩৮তম অধিবেশনত গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰা হয়।১ ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান কমিটিয়ে এই ৰাষ্ট্ৰীয় উদ্যানক "উৎকৃষ্টতম জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণৰ গুৰুত্ব"ৰ বাবে বিশ্ব ঐতিহ্যবাহী স্থানত অন্তৰ্ভুক্ত কৰে।২

ভৌগোলিক বিৱৰণ

গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ দুটা প্ৰধান জৈৱ-ভৌগোলিক ক্ষেত্ৰৰ সংযোগস্থলত অৱস্থিত। ইয়াৰ দক্ষিণে ইণ্ডোমালয় ক্ষেত্ৰ আৰু উত্তৰত পেলিয়াৰ্কটিক জৈৱ-ভৌগোলিক ক্ষেত্ৰ অৱস্থিত। ইয়াৰ নাতিশীতোষ্ণ বনাঞ্চলৰ উদ্ভিদ আৰু প্ৰাণীয়ে চীন-জাপানী অঞ্চলৰ আটাইতকৈ পশ্চিমীয়া সম্প্ৰসাৰণক প্ৰতিনিধিত্ব কৰে। উত্তৰ-পশ্চিম হিমালয়ৰ উচ্চ উচ্চতাৰ পৰিৱেশ তন্ত্ৰত কাষৰীয়া পশ্চিম আৰু মধ্য এছিয়া অঞ্চলৰ সৈতে উদ্ভিদৰ মিল দেখা যায়। ৪,১০০ মিটাৰ উচ্চতাত অৱস্থিত হোৱাৰ ফলত উদ্যানখনৰ প্ৰতিনিধিত্বমূলক উদ্ভিদ আৰু প্ৰাণীজগতৰ সৈতে বিভিন্ন অঞ্চলৰ সৈতে যেনে আলপাইন, হিমবাহীয়, নাতিশীতোষ্ণ আৰু উপগ্ৰীষ্মমণ্ডলীয় অৰণ্যৰ মিল পৰিলক্ষিত হয়।

এই জৈৱ-ভৌগোলিক উপাদানসমূহ হিমালয়ৰ ভূতাত্ত্বিক বিৱৰ্তনৰ ফল। ১০ কোটি বছৰতকৈও অধিক পূৰ্বে ভাৰতীয় উপমহাদেশখন দক্ষিণৰ বৃহৎ ভূখণ্ড গণ্ডৱানালেণ্ডৰ পৰা বিচ্ছিন্ন হৈ উত্তৰ দিশলৈ গতি কৰিছিল। অৱশেষত ই উত্তৰ ভূমি ল’ৰেছিয়াত খুন্দা মাৰি হিমালয়ৰ বিশাল ভাঁজ কৰা পৰ্বতবোৰ গঠন কৰে। গণ্ডৱানালেণ্ড আৰু এছিয়াটিক ভূখণ্ডৰ এই মিলনৰ বাবে উদ্ভিদ আৰু প্ৰাণীৰ বিনিময় সম্ভৱ হৈছিল আৰু ইয়াৰ ফলত শেষত এই অঞ্চলত অনন্য জৈৱ-ভৌগোলিক বৈশিষ্ট্যৰ সৃষ্টি হৈছিল।

উদ্যানৰ ঘাঁহনি অঞ্চল
উদ্যানৰ ঘাঁহনি অঞ্চলছবি: Suresh Karia · CC BY-SA 4.0

ইতিহাস

১৯৮০ চনত কুল্লু জিলাৰ বাঞ্জাৰ অঞ্চলৰ তীৰ্থন, ছাইঞ্জ আৰু জিৱানালৰ জলভাগৰ প্ৰাৰম্ভিক উদ্যান জৰীপ চলোৱা হৈছিল আৰু ১৯৮৩ চনলৈ কুল্লু জিলাৰ বঞ্জাৰ অঞ্চলৰ উদ্যান জৰীপ অব্যাহত আছিল। জৰীপৰ পিছত ১৯৮৪ চনত হিমাচল চৰকাৰে গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান গঠনৰ সদিচ্ছা প্ৰকাশ কৰে। ১৯৮৮ চনত য়েত স্থানীয় সম্প্ৰদায়ৰ অধিকাৰৰ নিষ্পত্তি আৰম্ভ হয়। ১৯৯৪-৯৯ চনত বিশ্ব বেংকে ইয়াৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ প্ৰকল্পৰ বাবে ধন আগবঢ়ায়। তাৰপিছত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় জনগোষ্ঠীসমূহক জড়িত কৰিবলৈ ১৬খন গাঁৱৰ পৰিৱেশ উন্নয়ন সমিতি গঠন কৰা হয়। সেইসময়ত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে ইয়াত গৱেষণা প্ৰকল্প চলাইছে।

১৯৯৬ চনত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সমিতি য়ে ইয়াৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিবলৈ পঞ্জীয়ন কৰে। ১৯৯৯ চনত ভাৰতৰ নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হয় আৰু পূৰ্বতে তাত পৰম্পৰাগত বন অধিকাৰ থকা বুলি চিনাক্ত কৰা স্থানীয় সম্প্ৰদায়সমূহক প্ৰদান কৰা ক্ষতিপূৰণ প্ৰদান কৰা হয়।

২০১০ চনত জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ প্ৰচেষ্টা শক্তিশালী কৰিবলৈ ইয়াৰ উত্তৰ দিশত ৭১০ বৰ্গ কিলোমিটাৰ পাৰ্বতী জলভাগক খিৰগংগা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ দিয়া হয়। তীৰ্থন আৰু ছাইঞ্জৰ দুটা বন্যপ্ৰাণী অভয়াৰণ্যক উচ্চ সুৰক্ষাৰ মৰ্যাদাৰ বাবে গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে একত্ৰিত কৰাৰ প্ৰস্তাৱ দিয়া হয়।

২০১১ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপ ইয়াক মনোনীত কৰাৰ বাবে আবেদন দাখিল কৰে। ২০১৪: চনত কাটাৰৰ দোহাত অনুষ্ঠিত হোৱা ৩৮ সংখ্যক বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকৰ কাৰ্যসূচীত গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানক প্ৰাকৃতিক শ্ৰেণীৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰা হয়

গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্বতমালা
গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্বতমালাছবি: Ashish.kambale · CC BY-SA 4.0
ৰাষ্ট্ৰীয় উদ্যানখনৰ পশ্চিম ফালে কেইবাটাও সৰু সৰু গাঁও অৱস্থিত
ৰাষ্ট্ৰীয় উদ্যানখনৰ পশ্চিম ফালে কেইবাটাও সৰু সৰু গাঁও অৱস্থিতছবি: Samir Azad · CC BY-SA 4.0

জৈৱ-বৈচিত্ৰ্য

জীৱকুল

স্ন' লেপাৰ্ড
স্ন' লেপাৰ্ডছবি: Irbis1983 · Public domain
ফ্লাই কেঁচাৰ চৰাই
ফ্লাই কেঁচাৰ চৰাইছবি: Aji floyd · CC BY-SA 4.0

গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান ৩৭৫ টাতকৈও অধিক প্ৰাণী প্ৰজাতিৰ বাসস্থান। এতিয়ালৈকে ছটা ক্ৰমৰ অন্তৰ্গত ৩১টা স্তন্যপায়ী, ১৮১টা চৰাই, ৩টা সৰীসৃপ, ৯টা উভচৰ, ১১টা বলয়ী প্ৰাণী, ১৭টা কুমলদেহী প্ৰাণী আৰু ১২৭টা পোক-পৰুৱাৰ প্ৰজাতি চিনাক্ত কৰি নথিভুক্ত কৰা হৈছে। ভাৰতীয় বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ অনুসূচীৰ উচ্চ অগ্ৰাধিকাৰ সুৰক্ষা শ্ৰেণীৰ অধীনত অধিকাংশ হিমালয়ৰ প্ৰাণীক সুৰক্ষা প্ৰদান কৰা হৈছে। হিমাচল প্ৰদেশৰ ৰাজ্য চৰকাৰে ৰাজ্যখনত দহ বছৰতকৈ অধিক সময় ধৰি চিকাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। উদ্যানখনৰ উপত্যকা অঞ্চলত নীলা ভেড়া, স্ন' লেপাৰ্ড, হিমালয়ৰ মুগাৰঙী ভালুক, হিমালয়ৰ তাহৰ, কস্তুৰী হৰিণ আদি প্ৰাণীৰ উচ্চ উচ্চতাত বসবাস কৰা জীৱ দেখা যায়। শৰৎকালত (ছেপ্টেম্বৰ–নৱেম্বৰ) সৰ্বোত্তম ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শনৰ আটাইতকৈ উপযুক্ত সময়। এই সময়ত জীৱ-জন্তুৱে নিম্ন উচ্চতালৈ ঋতু অনুসৰি প্ৰব্ৰজন আৰম্ভ কৰে।

উদ্ভিদকুল

গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানত উদ্ভিদৰ বৈচিত্ৰ্য দেখা যায়। ইয়াৰ উচ্চতাৰ তাৰতম্যৰ বিস্তৃত পৰিসৰ আৰু তুলনামূলকভাৱে অবিক্ষিপ্ত বাসস্থানৰ বাবে এই বৈচিত্ৰ্য পৰিলক্ষিত হয়। উচ্চ পাইন, স্প্ৰুচ আৰু তলৰ উপত্যকাত বিস্তৃত ঘোঁৰাৰ চেষ্টনাটৰ পৰা আৰম্ভ কৰি আলপাইন বনৌষধি আৰু জুনিপাৰৰ ঘন অৰণ্য ইয়াত দেখা যায়। ইয়াৰ কিছুমান অঞ্চল চৰণীয়া পথাৰত পৰিৱৰ্তন কৰা হৈছে। ইয়াত আলপাইন ঘাঁহনিঅঞ্চলো দেখা যায়। ইয়াত উপআলপাইন অঞ্চলৰ প্ৰজাতিৰ সংখ্যা আটাইতকৈ বেছি। তাৰ পিছত আলপাইন আৰু উচ্চ নাতিশীতোষ্ণ অঞ্চলৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ ইয়াত পোৱা যায়।

ট্ৰেকিং আৰু পৰ্যটন

শেহতীয়াকৈ গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানে ট্ৰেকিং আৰু ইক’টুৰিজিমৰ জনপ্ৰিয় গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিছে। ছাই ৰোপাত অৱস্থিত উদ্যানৰ কাৰ্যালয়ে ট্ৰেকিঙৰ বাবে অনুমতি প্ৰদান কৰে।৩ উদ্যানখনৰ কেইবাটাও জনপ্ৰিয় ট্ৰেকিং পথ আছে। ইয়াত এদিন বা দুদিনৰ ভিতৰত সম্পূৰ্ণ ট্ৰেকিং কৰিব পৰা পথৰ পৰা আৰম্ভ কৰি এসপ্তাহৰ পৰা দহ দিনলৈকে ট্ৰেকিং কৰা পথ আছে।৪৫ উদ্যানৰ কাষৰীয়া অঞ্চলত ইক’টুৰিজিম আৰু হোমষ্টে পৰ্যটনে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Six new sites inscribed on World Heritage List. UNESCO
  2. ↑ Centre, UNESCO World Heritage. Six new sites inscribed on World Heritage List. whc.unesco.org
  3. ↑ Great Himalayan National Park. Outlook Traveller
  4. ↑ Marchal, Stephan. Treks in the Great Himalayan National Park. Himalayan Ecotourism
  5. ↑ Pandey, Abhimanyu. (July-September 2007). Khandedhar - Origin of the Jiwa Nal. Monal. পৃ. 3-5

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৬০২১৯১ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।