কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান বা কাঞ্চনজংঘা বায়স্ফেয়াৰ ৰিজাৰ্ভ ভাৰতৰ ছিক্কিমত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যান আৰু বায়স্ফেয়াৰ ৰিজাৰ্ভ। ২০১৬ চনৰ জুলাই মাহত অনুষ্ঠিত হোৱা ৪০তম অধিবেশনত ইয়াক ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। লগতে ই ভাৰতৰ প্ৰথম মিশ্ৰিত ঐতিহ্যবাহী স্থান১ এই ৰাষ্ট্ৰীয় উদ্যানৰ নাম কাঞ্চনজংঘা শৃংগৰ নামেৰে ৰখা হৈছে। কাঞ্চনজংঘা ভাৰতৰ আটাইতকৈ উচ্চতম আৰু পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ আৰু ইয়াৰ উচ্চতা ৮,৫৮৬ মিটাৰ। উদ্যান খনৰ ক্ষেত্ৰফল ১,৭৮৪ বৰ্গ কিঃমিঃ।
মানৱ ইতিহাস
ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰত কিছুমান লেপচা জনজাতিৰ লোকৰ ঘৰ আছে।
উদ্যান খনৰ ভিতৰতে থলুং মনেষ্টৰী অৱস্থিত। এই গুম্পা ৰাষ্ট্ৰীয় উদ্যান খনৰ বাফাৰ জ'নত অৱস্থিত। ই ছিক্কিমৰ অন্যতম পৱিত্ৰ বৌদ্ধ মনেষ্টৰী।২৩৪
ভূগোল

কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ছিক্কিমৰ উত্তৰ ছিক্কিম জিলা আৰু পশ্চিম ছিক্কিম জিলাত অৱস্থিত। ইয়াৰ উচ্চতা ১,৮২৯ মিটাৰৰ পৰা ৮,৫৫০ মিটাৰ আৰু মুঠ মাটিকালি ৮৪৯.৫ বৰ্গ কিঃমিঃ।৫
ইয়াৰ উত্তৰে তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ কমোলাংমা ৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ আৰু পশ্চিমে নেপালৰ কাঞ্চনজঙ্ঘা সংৰক্ষিত অঞ্চল অৱস্থিত।৬
বাহ্যিক সংযোগ
- Khangchendzonga National Park, WebIndia123
- Goecha La: In search of Kangchenjunga by George Thengummoottil - documentary on Goechala Trek inside Kangchenjunga National Park
তথ্যসূত্ৰ
- ↑ Tile: UNESCO approves all 3 Indian nominations for heritage tag, Publisher: India Today news, Published on: 18 July 2016, Accessed on: 18 July 2016
- ↑ Tholung Monastery (1789 A.D). Department of Ecclesiastical Affairs, Government of Sikkim. Department of Information Technology Government of Sikkim
- ↑ Tholung Monastery Trekking - 10 Days. Alpine Adventure Club. Alpine Adventure Club Treks & Expedition
- ↑ Khangchendzonga National Park: Tholung monastery in the buffer zone of KBR. UNESCO World Heritage Centre
- ↑ O'Neill, Alexander. (2017-03-29). Sikkim claims India’s first mixed-criteria UNESCO World Heritage Site. Current Science. পৃ. 893–994
- ↑ Bhuju, U. R., Shakya, P. R., Basnet, T. B., Shrestha, S. (2007). Nepal Biodiversity Resource Book. Protected Areas, Ramsar Sites, and World Heritage Sites. International Centre for Integrated Mountain Development, Ministry of Environment, Science and Technology, in cooperation with United Nations Environment Programme, Regional Office for Asia and the Pacific. Kathmandu, Nepal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৪২৬৮৩০ (২৬ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।