অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গোলকীয় শিক্ষক বঁটা

গোলকীয় শিক্ষক বঁটা (Global Teacher Prize) প্ৰতিবছৰে ভাৰ্কে ফাউণ্ডেচনে শিক্ষকতাৰ ক্ষেত্ৰখনলৈ উৎকৃষ্ট অৱদান আগবঢ়োৱা শিক্ষকসকলক প্ৰদান কৰা বঁটা। এই বঁটাৰ অৰ্থমূল্য ১ নিযুত আমেৰিকান ডলাৰ। নিৰ্দিষ্ট মানদণ্ড পূৰণ কৰা শিক্ষক সকলক বিশ্বৰ জনসাধাৰণে মনোনীত কৰে।

হালনাগাদ: ১১ নৱেম্বৰ ২০২৪ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

গোলকীয় শিক্ষক বঁটা (Global Teacher Prize) প্ৰতিবছৰে ভাৰ্কে ফাউণ্ডেচনে শিক্ষকতাৰ ক্ষেত্ৰখনলৈ উৎকৃষ্ট অৱদান আগবঢ়োৱা শিক্ষকসকলক প্ৰদান কৰা বঁটা।১২৩ এই বঁটাৰ অৰ্থমূল্য ১ নিযুত আমেৰিকান ডলাৰ। নিৰ্দিষ্ট মানদণ্ড পূৰণ কৰা শিক্ষক সকলক বিশ্বৰ জনসাধাৰণে মনোনীত কৰে। ইয়াৰ লগতে শিক্ষকসকলে নিজেও মনোনয়ন আগবঢ়াব পাৰে।৪ গোলকীয় শিক্ষক বঁটা একাডেমীয়ে মনোনীত শিক্ষক সকলৰ মাজৰ পৰা এগৰাকী বিজেতা বাছনি কৰে। এই একাডেমীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰধান শিক্ষক, শিক্ষা বিশেষজ্ঞ, মন্তব্যকাৰী, সাংবাদিক, ৰাজহুৱা বিষয়া, প্ৰযুক্তি উদ্যোমী, কোম্পানী নিৰ্দেশক আৰু বিজ্ঞানী থাকে।৪৫

এই বাৰ্ষিক বঁটা ২০১৪ চনৰ মাৰ্চ মাহত দ্বিতীয় বাৰ্ষিক গোলকীয় শিক্ষা আৰু দক্ষতা মঞ্চৰ পৰা আৰম্ভ কৰা হৈছিল আৰু ১২৭খন দেশৰ পৰা ৫,০০০ৰো অধিক শিক্ষকৰ মনোনয়ন লাভ কৰিছিল।৬৭৮ গোলকীয় শিক্ষক বঁটাক শিক্ষকতাৰ ন'বেল বঁটা বুলি অভিহিত কৰা হয়।২৯১০১১ এই বঁটায়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিক্ষক সকলৰ উৎকৃষ্ট অৱদানক মান্যনা প্ৰদান কৰে আৰু তেওঁলোকৰ পেছাক সন্মান প্ৰদৰ্শন কৰে।১২১৩ ভাৰ্কে ফাউণ্ডেচনৰ মুৰব্বীৰ অনুসৰি "আমি শিক্ষকসকলক তাৰকা হিচাপে উদগনি দিব বিচাৰোঁ আৰু শিক্ষকসকলে আমাৰ জীৱনত হোৱা যথেষ্ট প্ৰভাৱৰ ওপৰত আলোকপাত কৰিবলৈ শিক্ষাৰ মানদণ্ড সমৰ্থন কৰিব বিচাৰোঁ"; ১৪"শিক্ষাদান বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জীৱিকা হোৱা প্ৰয়োজন আৰু তেওঁলোকক তেওঁলোকৰ উচিত সন্মান দিব লাগিব।" ১৫

ইতিহাস

প্ৰথম গোলকীয় শিক্ষক বঁটা ২০১৫ চনৰ মাৰ্চ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ গ্ৰামাঞ্চল মেইনৰ এগৰাকী অভিনৱ আৰু অগ্ৰণী ইংৰাজী শিক্ষক আৰু শিক্ষক প্ৰশিক্ষক নেন্সী এটৱেলক প্ৰদান কৰা হৈছিল। তেওঁ শিক্ষাৰ্থীসকলে বছৰি গড়ে ৪০খন কিতাপ পঢ়া বিদ্যালয় এখনৰ প্ৰতিষ্ঠাপক। তেওঁ চলোৱা বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে কোনখন কিতাপ পঢ়িব নিজে বাছনি কৰিব পিছৰে আৰু তেওঁলোকে পঢ়া কিতাপ খনৰ বিষয়ে প্ৰশংসাৰে লিখে।৯১০১৬ এটৱেলে শিক্ষাদানৰ ওপৰত নখন কিতাপ লিখিছে। ইয়াৰে ভিতৰত এখন কিতাপৰ ৫ লাখতকৈও অধিক প্ৰতিলিপি বিক্ৰী হৈছে।১৬১৭ তেওঁ তেওঁৰ বিদ্যালয়ৰ ৰক্ষণাবেক্ষণ, বিকাশ আৰু বৃত্তি, অলাভজনক শিক্ষা আৰু শিক্ষণ কেন্দ্ৰৰ বাবে তেওঁৰ ১ মিলিয়ন ডলাৰ পুৰস্কাৰ দান কৰিছিল। এই বিদ্যালয় হৈছে শিক্ষাদান পদ্ধতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে এক প্ৰদৰ্শন বিদ্যালয়।১০১৬১৮১৯

বিজয়ীসকলৰ তালিকা

চনদেশনামজীৱিকাউৎস
২০১৫মেইন,নেন্সী এটৱেলইংৰাজী শিক্ষক আৰু শিক্ষক প্ৰশিক্ষক
২০১৬ৰামাল্লাহ, ৱেষ্ট বেংক,হানান আল হৰোবপেলেষ্টেইনী শিক্ষক২০
২০১৭চালুইট, কিউবেক,মেগী মেকডনেলইনুইট শিক্ষক২১
২০১৮ব্ৰেণ্ট, উত্তৰপশ্চিম লণ্ডন,এন্দ্ৰিয়া জেফিৰাকৌকলা আৰু কাপোৰৰ শিক্ষক২২২৩২৪২৫
২০১৯নাকুৰু,পিটাৰ টাবিচিবিজ্ঞান শিক্ষক২৬
২০২০মহাৰাষ্ট্ৰ,ৰণজিত সিংহ ডিচলেভাৰতীয় প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা প্ৰযুক্তিবিদ২৭

তথ্যসূত্ৰ

  1. ↑ "Applications open for world’s first one million dollar teacher prize" (press release). EducationandSkillsForum.org. March 2014
  2. ↑ Shapiro, Jordan. "Now There's A Davos Of Education And A $1 Million 'Nobel Prize' For Teachers". Forbes. 22 March 2014
  3. ↑ Global Teacher Prize – About the Prize. GlobalTeacherPrize.org. Retrieved 31 July 2015
  4. ↑ Strauss, Valerie. "Can a $1 million global teacher competition (backed by Bill Clinton) boost the profession?". Washington Post. 30 August 2014
  5. ↑ Global Teacher Prize – Meet the Academy . GlobalTeacherPrize.org. Retrieved 31 July 2015
  6. ↑ Quimby, Beth and Dennis Hoey. "First 'Nobel Prize for Teaching' goes to Mainer". Portland Press Herald. March 15, 2015
  7. ↑ "The (Million-Dollar) Value Of Great Teaching". NPR. 15 March 2015
  8. ↑ Press Trust of India."Three Indians Shortlisted for $1 Million Prize for Outstanding Teachers". NDTV. 8 December 2014
  9. ↑ "Nancie Atwell Of Maine Wins $1 Million Global Teaching Prize". NPR. 16 March 2015
  10. ↑ Gambino, Lauren. (March 23, 2015). The world's best teacher lives in rural Maine and doesn't care about test scores. The Guardian
  11. ↑ *"First 'Nobel Prize of teaching' winner gets $1 million". CNN. 17 March 2015. *Toppo, Greg. "U.S. writing teacher wins $1M 'Nobel Prize of Teaching'". USA Today. 15 March 2015. *Batrawy, Aya. "Beloved Literature Teacher Wins $1 Million Award, Donates It All To Improve Education Methods". Associated Press / Huffington Post. 16 March 2015. *Vaughan, Richard. "$1m 'Nobel prize for teaching' goes to US English teacher". Times Educational Supplement. 15 March 2015
  12. ↑ "Teachers From India Urged to Apply for Global Teacher Prize 2016" . The New Indian Express. 30 May 2015
  13. ↑ Varkey, Sunny. "Put education at the top of global agenda" . Times Educational Supplement. 6 March 2015
  14. ↑ Coughlan, Sean. "World's top teacher to win $1m prize in new competition". BBC News. 29 October 2013
  15. ↑ Coughlan, Sean. "The man behind the million-dollar teacher". BBC News. 5 May 2015
  16. ↑ Associated Press. "Maine Teacher Wins $1 Million Global Teacher Prize in Dubai". New York Times. 15 March 2015
  17. ↑ Coughlan, Sean. "Global teacher prize winner to give away $1m". BBC News. 15 March 2015
  18. ↑ Marsh, Sarah. "US teacher wins $1m for developing reading and writing skills". The Guardian. 15 March 2015
  19. ↑ "10 Incredible Facts about Prize Winner Nancie Atwell" . VarkeyFoundation.org. 19 March 2015
  20. ↑ Coughlan, Sean. (14 March 2016). Palestinian teacher wins global prize
  21. ↑ Foundation, Varkey. (21 February 2017). Maggie MacDonnell - Global Teacher Prize 2017 Winner
  22. ↑ (2018-03-18). Andria Zafirakou from north London wins $1m 'world's best teacher' prize. The Guardian
  23. ↑ Inspirational London teacher Andria Zafirakou wins $1m Global Teacher Prize. ITV News
  24. ↑ Coughlan, Sean. (2018-03-18). UK teacher wins global best teacher prize. BBC News
  25. ↑ Aitkenhead, Decca. (23 March 2018). Best teacher in the world Andria Zafirakou: ‘Build trust with your kids – then everything else can happen’. the Guardian
  26. ↑ Peter Tabichi - The 2019 Global Teacher Prize Winner
  27. ↑ Ranjitsinh Disale - The 2020 Global Teacher Prize Winner

সম্পৰ্কিত শ্ৰেণী

আন্তঃৰাষ্ট্ৰীয় বঁটাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলকীয় শিক্ষক বঁটা” প্ৰবন্ধৰ সংশোধন ৪৪৪০৩২ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।