অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কমলপুৰ

কমলপুৰ অসমৰ কামৰূপ জিলাত অৱস্থিত এটা উন্নয়নশীল অঞ্চল তথা কামৰূপ জিলাৰ ১৪টা উন্নয়ন খণ্ডৰ মাজৰ এটা। চৰকাৰী নথি মতে কমলপুৰ উন্নয়ন খণ্ডৰ ক্ৰমিক নং ১৮২। এইটো উন্নয়ন খণ্ডৰ অধীনত ১২খন গাওঁ পঞ্চায়ত, ৬৬খন গাওঁ আৰু ২১৬৩৯টা পৰিয়াল আছে (২০১১ চনৰ লোকপিয়লৰ তথ্যমতে )। ইয়াৰ চুবুৰীয়া চহৰখন হৈছে ৰঙিয়া

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ২৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কমলপুৰ অসমৰ কামৰূপ জিলাত অৱস্থিত এটা উন্নয়নশীল অঞ্চল তথা কামৰূপ জিলাৰ ১৪টা উন্নয়ন খণ্ডৰ মাজৰ এটা। চৰকাৰী নথি মতে কমলপুৰ উন্নয়ন খণ্ডৰ ক্ৰমিক নং ১৮২।১ এইটো উন্নয়ন খণ্ডৰ অধীনত ১২খন গাওঁ পঞ্চায়ত২, ৬৬খন গাওঁ আৰু ২১৬৩৯টা পৰিয়াল আছে (২০১১ চনৰ লোকপিয়লৰ তথ্যমতে )১। ইয়াৰ চুবুৰীয়া চহৰখন হৈছে ৰঙিয়া

জনগাঁথনি

২০১১ চনৰ লোকপিয়লমতে, কমলপুৰ উন্নয়ন খণ্ডৰ মুঠ জনসংখ্যা ৯১,০৫৬ জন। ইয়াৰে ভিতৰত ৪৭৯৩৬ গৰাকী পুৰুষ আৰু ৪৩১২০ গৰাকী মহিলা। এই উন্নয়ন খণ্ডটোত ০-৬ বছৰ সীমাৰ শিশু মুঠ ৮৬৫২ জন, তেওঁলোকৰ ভিতৰত ৪৪৬১ জন ল'ৰা আৰু ৪১৯১জনী ছোৱালী।১

সাক্ষৰতাৰ হাৰ

কমলপুৰ উন্নয়ন খণ্ডৰ সাক্ষৰতাৰ হাৰ ৮০%। মুঠ জনসংখ্যা ৯১০৫৬ গৰাকীৰ ৭৩৪২৮ গৰাকীয়েই শিক্ষিত। পুৰুষৰ ক্ষেত্ৰত সাক্ষৰতাৰ হাৰ ৮৫%, অৰ্থাৎ মুঠ পুৰুষ জনসংখ্যা ৮৭৯৩৬জনৰ ৪১০৬৯ জন শিক্ষিত হোৱাৰ বিপৰীতে মহিলাৰ ক্ষেত্ৰত এই হাৰ ৭৫%, অৰ্থাৎ মুঠ মহিলা জনসংখ্যা ৪৩১২০ গৰাকীৰ ৩২৩৫৯ গৰাকীয়েই শিক্ষিত।

ইয়াৰ বিপৰীতে কমলপুৰ উন্নয়ন খণ্ডৰ মুঠ জনসংখ্যা ৯১০৫৬ গৰাকীৰ ১৭৬২৮ গৰাকী অশিক্ষিত। পুৰুষৰ অসাক্ষৰতাৰ হাৰ ১৪ শতাংশ, অৰ্থাৎ মুঠ পুৰুষ জনসংখ্যা ৮৭৯৩৬জনৰ ৬৮৬৭ জন অশিক্ষিত হোৱাৰ বিপৰীতে মহিলাৰ ক্ষেত্ৰত এই হাৰ ২৪ শতাংশ, অৰ্থাৎ মুঠ মহিলা জনসংখ্যা ৪৩১২০ গৰাকীৰ ১০৭৬১ গৰাকীয়েই অশিক্ষিত। ১

জীৱন-জীৱিকা

কমলপুৰ উন্নয়ন খণ্ডৰ ৩১৬৩৩ গৰাকী কৰ্মনিযুক্ত হোৱাৰ বিপৰীতে ৫৯৪২৩ গৰাকী ব্যক্তি নিবনুৱা। কৰ্মনিযুক্ত ব্যক্তি ৩১৬৩৩ গৰাকীৰ ভিতৰত ৫২৭৩ গৰাকী ব্যক্তিয়েই জীৱিকা হিচাপে কৃষিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল।১

কমলপুৰ উন্নয়ন খণ্ডৰ অধীনৰ গাওঁ পঞ্চায়ত সমূহ

+কমলপুৰ উন্নয়ন খণ্ড{| | আঠগাওঁ |- | বাইহাটা |- | বৰডেকপাৰ |- | বোৰ্কা-সাতগাওঁ |- | বৰশিল |- | গোপেশ্বৰ |- | গুইয়া |- | কমলপুৰ |- | কেন্দুকোণা |- | মদাৰতোলা |- | পুঠিমাৰী |- | সোণাপুৰ |}

কমলপুৰ অঞ্চলৰ শিক্ষানুষ্ঠানসমূহ

চৰকাৰী চিকিৎসালয়

  • মহাত্মা গান্ধী আদৰ্শ ৰাজ্যিক চিকিৎসালয়
  • কমলপুৰ পশু চিকিৎসালয়

চৰকাৰী কাৰ্যালয়

কমলপুৰ আৰক্ষী চকী
কমলপুৰ আৰক্ষী চকীছবি: প্ৰিয়ম প্ৰীতম · CC BY-SA 4.0
  • কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়
  • কমলপুৰ আৰক্ষী থানা
  • বাইহাটা উপ-ডাকঘৰ

যাতায়াত আৰু পৰিবহণ

কমলপুৰৰ মাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। ( পুৰণি নামকৰণ মতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ) লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰপৰা কমলপুৰলৈ দূৰত্ব ৪১.২ কিমি। কমলপুৰৰ নিকটৱৰ্তী ৰেলৱে ষ্টেচন বাইহাটাৰপৰা কমলপুৰলৈ দূৰত্ব ১ কিমি.তকৈও কম।

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কঁপি
  2. ↑ www.kamrup.assampanchayat.gov.in/home/-/asset_pu ৰ পৰা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলপুৰ” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৭৯ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।