অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গুলাব বাই

গুলাব বাই (জন্ম ১৯২৬, মৃত্যু ১৯৯৬), জনপ্ৰিয় ভাবে গুলাব জান নামে বিখ্যাত, এগৰাকী ভাৰতীয় নৌটংকী অভিনেত্ৰী। নৌটংকী মূলতঃ উত্তৰ প্ৰদেশৰ লোক গীতিনাট্য। তেওঁ প্ৰচলিত লোক গীতিনাট্য নৌটংকীৰ প্ৰথম মহিলা শিল্পী। বহুতেই তেওঁক নৌটংকীৰ অগ্ৰণী খ্যাতিমান শিল্পী হিচাপে অভিহিত কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২১৪ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

গুলাব বাই (জন্ম ১৯২৬, মৃত্যু ১৯৯৬), জনপ্ৰিয় ভাবে গুলাব জান নামে বিখ্যাত, এগৰাকী ভাৰতীয় নৌটংকী অভিনেত্ৰী।১ নৌটংকী মূলতঃ উত্তৰ প্ৰদেশৰ লোক গীতিনাট্য। তেওঁ প্ৰচলিত লোক গীতিনাট্য নৌটংকীৰ প্ৰথম মহিলা শিল্পী।২ বহুতেই তেওঁক নৌটংকীৰ অগ্ৰণী খ্যাতিমান শিল্পী হিচাপে অভিহিত কৰে।৩ তেওঁ দা গ্ৰেট গুলাব থিয়েটাৰ কোম্পানী নামেৰে সফল নৌটংকীৰ দল প্ৰতিষ্ঠা কৰিছিল।৪ ১৯৯০ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে কলা শিতানত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৫

প্ৰাৰম্ভিক জীৱন

১৯২৬ চনত ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ ফাৰুকাবাদ জিলাৰ বালপূৰ্বা গাঁৱত গুলাব বাইৰ জন্ম হৈছিল। বিনোদনমূলক অভিনয়ৰ লগত জড়িত পিছপৰা বেদিয়া সম্প্ৰদায়ৰ পৰিয়ালত তেওঁৰ জন্ম হৈছিল।১৬ ১৯৩১ চনত তেওঁ কানপুৰ ঘৰানাৰ ওস্তাদ ত্ৰিমোহন লাল আৰু হাথৰাস ঘৰানাৰ ওস্তাদ মোহম্মদ খানৰ অধীনত আনুষ্ঠানিক ভাবে সংগীতৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল।

কৰ্মজীৱন

মাত্ৰ তেৰ বছৰ বয়সতে তেওঁ ত্ৰিমোহন লালৰ নৌটংকীৰ যোগদান কৰি অভিনয় আৰম্ভ কৰিছিল। এই ধৰণৰ শিল্পকলাৰ তেওঁ প্ৰথম মহিলা পৰিবেশক আছিল। অতিশীঘ্ৰে তেওঁ সংগীতৰ এক স্বতন্ত্ৰ শৈলীৰ উন্নয়ন সাধে আৰু গুলাব জান হিচাপে প্ৰসিদ্ধি লাভ কৰে। তেওঁৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা অনুভৱ কৰি তেওঁ নিজাকৈ দা গ্ৰেট গুলাব থিয়েটাৰ কোম্পানী নামেৰে এটা নৌটংকী দল প্ৰতিষ্ঠা কৰে। কিন্তু ইয়াত তেওঁৰ গুৰু ত্ৰিমোহন লালৰ মত নাছিল।৪ গুলাব বাইৰ নৌটংকী দলৰ যাত্ৰা আৰম্ভণিৰ লগে লগেই সফলতা মুখ দেখা পায়। কোম্পানীৰ পৰিচালনাৰ দায়িত্ব আৰু বয়সৰ বাবে তেওঁ ১৯৬০ৰ দশকত তেওঁ নিজা ৰাজহুৱা পৰিবেশন কমাবলৈ বাধ্য হৈছিল।২ তাৰপিছত তেওঁ তেওঁৰ সৰু ভগ্নী সুখবদনক নৌটংকীৰ মুখ্য চৰিত্ৰৰ অভিনেত্ৰী হিচাপে উপস্থাপন কৰিবলৈ লয়। পিছলৈ সুখবদন নন্দ গুহ নামেৰে জনা যায়। কালক্ৰমত তেওঁ নিজৰ অভিনয় আৰু পৰিবেশন ক্ষমতাত এগৰাকী বিখ্যাত অভিনেত্ৰী তথা পৰিবেশক হিচাপে জনপ্ৰিয়তা লাভ কৰিছিল।৪গুলাব বাইৰ কন্যা মধুয়ো এগৰাকী নৌটংকী শিল্পী।২ তেওঁৰ জীৱনৰ শেষৰ ফালে শিল্পৰূপ হিচাপে নৌটংকীৰ আবেদন ধীৰে ধীৰে লোপ পায়।৬

বঁটা আৰু সন্মান

১৯৯০ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে কলা শিতানত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।.৫১ দীপ্তি প্ৰিয়া মহাপাত্ৰৰ গুলাব বাই: দা কুইন অফ নৌটংকী নামেৰে তেওঁৰ জীৱনী পেংগুইন ইণ্ডিয়ায়ে প্ৰকাশ কৰিছে।৭ ২০১৪ চনত তেওঁৰ জীৱনৰ ওপৰত আধাৰিত এখন এখন নাটক কানপুৰত মঞ্চস্থ কৰা হৈছিল।৮

মৃত্যু

১৯৯৬ চনত ৭০ বছৰ বয়সত গুলাব বাইৰ মৃত্যু হৈছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ananda Lal. (2004). Gulab Bai (1926–96). The Oxford Companion to Indian Theatre. ISBN 9780195644463
  2. ↑ (2015). Dying Drama. Booji
  3. ↑ (2015). Amazon profile. Amazon
  4. ↑ (2015). Biography Page 179. Rediff
  5. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  6. ↑ (2015). Penguin Books profile. Penguin India
  7. ↑ Deepti Priya Mehrotra. (2006). Gulab Bai: The Queen of Nautanki Theatre. Penguin India. পৃ. 318. ISBN 9780143100430
  8. ↑ (12 May 2014). Actors and theatre artists watch the play 'Gulab Bai' in Lucknow. Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীপদ্মশ্ৰী বঁটা বিজয়ীভাৰতৰ লোকশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুলাব বাই” প্ৰবন্ধৰ সংশোধন ৩৮০৬৭৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।