অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

গাঁ‌ঠিয়ন

গাঁঠিয়ন বা কেম্পফেৰিয়াগলাংগা আদাজাতীয় একক স্ত্ৰীকেশৰযুক্ত উদ্ভিদ আৰু গলাংগাল নামৰ চাৰিবিধ উদ্ভিদৰ ভিতৰত অন্যতম। ইয়াক প্ৰধানকৈ ইণ্ডোনেছিয়া, দক্ষিণ চীন, টাইৱান, কম্বোডিয়া আৰু ভাৰতৰ মুকলি অঞ্চলসমূহত পোৱা যায় যদিও সমগ্ৰ দক্ষিণ-পূব এছিয়াতে ইয়াৰ খেতি ব্যাপকভাৱে কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

গাঁঠিয়ন বা কেম্পফেৰিয়াগলাংগা আদাজাতীয় একক স্ত্ৰীকেশৰযুক্ত উদ্ভিদ আৰু গলাংগাল নামৰ চাৰিবিধ উদ্ভিদৰ ভিতৰত অন্যতম। ইয়াক প্ৰধানকৈ ইণ্ডোনেছিয়া, দক্ষিণ চীন, টাইৱান, কম্বোডিয়া আৰু ভাৰতৰ মুকলি অঞ্চলসমূহত পোৱা যায় যদিও সমগ্ৰ দক্ষিণ-পূব এছিয়াতে ইয়াৰ খেতি ব্যাপকভাৱে কৰা হয়।

ৰন্ধন আৰু চিকিৎসাত ব্যৱহাৰ

ইণ্ডোনেছিয়াৰ ৰন্ধন প্ৰণালীত গাঁঠিয়নক মছলা হিচাপে ব্যৱহাৰ কৰা হয়। তাত ইয়াককেনকুৰ আৰু মালয়েছিয়াত চেকুৰ বুলি কোৱা হয়। বিশেষকৈ জাভা আৰু বালিৰ ৰন্ধনপ্ৰণালীত গাঁঠিয়ন ব্যৱহাৰ কৰা হয়। ইণ্ডোনেছিয়াত শুকান গাঁঠিয়নৰ গুড়িৰ সৈতে চাউলৰ গুড়িৰ মিশ্ৰণ কৰি প্ৰস্তুত কৰা বনৌষধি পানীয় (জামু) বেৰাছ কেনকুৰ বিশেষভাৱে জনপ্ৰিয়। ইয়াৰ পাত মালয়ৰ চাউলৰ ব্যঞ্জন নাচিউলামতো ব্যৱহাৰ কৰা হয়।

চীনা ৰন্ধনপ্ৰণালী আৰু চীনা চিকিৎসাতো ইয়াক ব্যৱহাৰ কৰা হয়ি। চীনত ইয়াক শ্বা জিয়াং নামেৰে বিক্ৰী কৰা হয়।১ আনহাতে ইয়াক চীনা ভষাত কোৱা হয় শ্বান নাই।২ ইয়াৰ সোৱাদ জলা কৰ্পূৰৰ দৰে।১

অসমৰ বিবাহ অনুষ্ঠানত ব্যৱহাৰ

মূল প্ৰবন্ধ: গাঁঠিয়ন খুন্দা

গাঁঠিয়ন খুন্দা উজনি অসমৰ বিবাহ অনুষ্ঠানৰ এক লোকাচাৰ। এই লোকাচাৰত বিয়াৰ অধিবাসৰ দিনা চাৰিগৰাকী অকুমাৰী ছোৱালীয়ে পটাত লৈ গাঁ‌ঠিয়ন খুন্দে। অঞ্চলবিশেষে কইনাকে ধৰি সাতগৰাকী আয়তীয়ে গাঁ‌ঠিয়ন খুন্দাৰ নিয়ম আছে। খুন্দাৰ পিছত ইয়াক তেলত ডুবাই দূবৰিৰে অলপ অলপকৈ কইনাৰ শিৰত দিয়া হয়।

একেধৰণৰ প্ৰজাতি

ফুলেৰে সৈতে গাঁ‌ঠিয়নৰ গছ।
ফুলেৰে সৈতে গাঁ‌ঠিয়নৰ গছ।ছবি: Jahnabi10 · CC BY-SA 4.0

গাঁঠিয়ন সেই জাতৰ আন গলাংগলসমূহতকৈ কিছু পৃথক। ইয়াৰ কাণ্ড অংশ নাথাকে আৰু ইয়াৰ ৰাইজমৰ ৰং গাঢ় বাদামী আৰু ঘূৰণীয়া। আনহাতে আন জাতবোৰৰ সকলোৰে কাণ্ড আৰু শেঁতা গোলাপী ৰঙৰ ৰাইজম থাকে। ইয়াক কেতিয়াবা লেছাৰ গলাংগল বুলিও কোৱা হয়।

ৰাসায়নিক উপাদান

গাঁঠিয়নৰ ৰাইজমত চিন'ল, বৰ্নিঅল, ৩-কেৰিন, কেম্পফেন, কেম্পফেৰল, কেম্পফেৰাইড, চিনামালডিহাইড, পি-মেথ'ক্সিচিনামিক এচিড আদি উপাদান থকা বুলি জনা গৈছে।

কীটনাশক গৱেষণা

গাঁঠিয়নৰ পৰা নিষ্কাশিত দ্ৰৱ্যই কিছুমান ৰোগ পৰিবহণকাৰী মহৰ পলু ধ্বংস কৰিব পাৰে।১০১১ পতংগ নিয়ন্ত্ৰক হিচাপে ব্যৱহাৰৰ বাবে ইয়াৰ ওপৰত গৱেষণা চলি আছে। প্ৰাথমিক তথ্য অনুসৰি ই এন্দুৰৰ ছালৰ বাবে অপকাৰী নহয়।১২

নিষ্কাশন আৰু আৱশ্যকীয় তেল

গাঁঠিয়নৰ ৰাইজম
গাঁঠিয়নৰ ৰাইজমছবি: Hariadhi · CC BY-SA 4.0

আৱশ্যকীয় তেল থকা গাঁঠিয়নৰ ৰাইজম বা মূল অংশ চীনৰ পৰম্পৰাগত চিকিৎসাত ব্যৱহাৰ কৰা হয়। ইয়াৰ এলকহলিক মেচেৰেচন বাতবিষৰ বাবে লিনিমেণ্ট হিচাপেও প্ৰয়োগ কৰা হৈছে।১২ ইয়াৰ পৰা নিষ্কাশিত দ্ৰৱ্যৰ প্ৰভাৱত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ শিথিলতা আহে আৰু শ্বাস-প্ৰশ্বাসৰ হাৰ হ্ৰাস পায়।১৩

ইয়াৰ পাতৰ ৰসত ভ্ৰম সৃষ্টিকাৰী গুণ থাকিব পাৰে। ইয়াৰ কাৰণ আৱশ্যকীয় তেলৰ অংশৰ অচিনাক্ত ৰাসায়নিক উপাদান বুলি অনুমান কৰা হৈছে।১৪

'গাঠিয়ন আৰু পলিয়েষ্টাৰ-৮-ৰ বিশুদ্ধ নিষ্কাশনে এভ'বেনজ'ন যুক্ত ছানস্ক্ৰীণৰ সংমিশ্ৰণৰ UV-শোষক ধৰ্ম সুস্থিৰ কৰে।১৫

সুগন্ধি বৈশিষ্ট্য

  • বোৰ্নিওলক১৬
  • ১,৮-চিনেঅ'ল১৬
  • ইথাইল চিনামেট১৬১৭
  • ইথাইল পি-মেথক্সিচিনামেটল১৬১৮
  • গামা-কাৰ-৩-এন১৬
  • পেণ্টাডেকেন১৬

তথ্যসূত্ৰ

  1. ↑ Van Wyk. (2005). Food Plants of the World. Timber Press, Inc. ISBN 978-0-88192-743-6
  2. ↑ Wu. (2000). Flora of China. Science Press; St. Louis: Missouri Botanical Garden Press. পৃ. 74
  3. ↑ Chan; Lim, Y.Y.; Wong, L.F. (2008). Antioxidant and tyrosinase inhibition properties of leaves and rhizomes of ginger species. Food Chemistry. পৃ. 477–483
  4. ↑ Chan; Lim, Y; Wong, S. (2009). Effects of different drying methods on the antioxidant properties of leaves and tea of ginger species. Food Chemistry. পৃ. 166–172
  5. ↑ Chan; Lim, Y.Y.; Ling, S.K. (2009). Caffeoylquinic acids from leaves of Etlingera species (Zingiberaceae). LWT - Food Science and Technology. পৃ. 1026–1030
  6. ↑ Woerdenbag; Windono, Tri; Bos, Rein. (2004). Composition of the essential oils of Kaempferia rotunda L. and Kaempferia angustifolia Roscoe rhizomes from Indonesia. Flavour and Fragrance Journal. পৃ. 145–148
  7. ↑ Nugroho; Schwarz, Brunhilde; Wray, Victor. (1996). Insecticidal constituents from rhizomes of Zingiber cassumunar and Kaempferia rotunda. Phytochemistry. পৃ. 129–132
  8. ↑ Chung; Han, AR; Sung, MK. (2009). Potent modulation of P-glycoprotein activity by naturally occurring phenylbutenoids from Zingiber cassumunar. Phytotherapy Research. পৃ. 472–476
  9. ↑ Jiang; Xie, Z; Koo, HJ. (2006). Metabolic profiling and phylogenetic analysis of medicinal Zingiber species: Tools for authentication of ginger (Zingiber officinale Rosc.). Phytochemistry. পৃ. 1673–1685
  10. ↑ Ahn; Byun, SG; Cho, JE. (2008). Larvicidal activity of Kaempferia galanga rhizome phenylpropanoids towards three mosquito species. Pest Management Science. পৃ. 857–862
  11. ↑ Kim N.-J., Byun S.-G., Cho J.-E., Chung K., Ahn Y.-J. "Larvicidal activity of Kaempferia galanga rhizome phenylpropanoids towards three mosquito species." Pest Management Science 2008 64:8 (857-862)
  12. ↑ Kanjanapothi; Panthong, A; Lertprasertsuke, N. (2004). Toxicity of crude rhizome extract of Kaempferia galanga L. (Proh Hom). Journal of Ethnopharmacology. পৃ. 359–365
  13. ↑ Kanjanapothi; Panthong, A; Lertprasertsuke, N. (2004). Toxicity of crude rhizome extract of Kaempferia galanga L. (Proh Hom). Journal of Ethnopharmacology. পৃ. 359–65
  14. ↑ Thomas Nordegren. (2002). The A-Z Encyclopedia of Alcohol and Drug Abuse. Universal-Publishers. পৃ. 303. ISBN 978-1-58112-404-0
  15. ↑ Gonzalez A., Gaenzler F. "Photostability of sunscreen combinations containing avobenzone exposed to natural and artificial ultraviolet light." Journal of the American Academy of Dermatology 2011 64:2 SUPPL. 1 (AB30)
  16. ↑ Wong; Ong, K. S.; Lim, C. L. (2006). Composition of the essential oil of rhizomes of kaempferia galanga L. Flavour and Fragrance Journal. পৃ. 263–266
  17. ↑ Othman; Ibrahim, H; Mohd, MA. (2006). Bioassay-guided isolation of a vasorelaxant active compound from Kaempferia galanga L. Phytomedicine. পৃ. 61–66
  18. ↑ Huang; Yagura, T; Chen, S. (2008). Sedative activity of hexane extract of Keampferia galanga L. and its active compounds. Journal of Ethnopharmacology. পৃ. 123–125

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতসপুষ্পক উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাঁ‌ঠিয়ন” প্ৰবন্ধৰ সংশোধন ৬৩২১৯৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।