সামাজিক সম্প্ৰদায়
১১ প্ৰবন্ধ
-
টাই জাতি
টাই জাতি (ফান-টাই) বুলিলে সেইসকল জনগোষ্ঠীৰ সমষ্টিক বুজায় যিসকলে বৰ্তমান বা অতীতত টাই ভাষা ব্যৱহাৰ কৰিছে। দক্ষিণ চীনৰ পৰা দক্ষিণ-পূব এছিয়া আৰু উত্তৰ-পূব ভাৰতলৈ বিস্তৃত এই জনগোষ্ঠীসমূহ ভাষা-সংস্কৃতিত বহু সাদৃশ্য ৰাখি অতীতোহে ব্যাপক প্ৰব্ৰজন আৰু ৰাজ্য-গঠন প্ৰক্ৰিয়াৰ সৈতে জড়িত।
-
খিলঞ্জীয়া লোক
খিলঞ্জীয়া (𑜁𑜢𑜤𑜰𑜫:𑜎า𑜃𑜫𑜊𑜣 khér laan zi Indigenous peoples অন্যনাম: ভূমিপুত্ৰ, থলুৱা,থলগিৰি) হৈছে কোনো অঞ্চলৰ উপনিবেশিকৰণৰ পূৰ্বৰ পৰাই ঐতিহাসিক ধাৰাবাহিকতা, সুকীয়া সংস্কৃতি, ভাষা আৰু ব্যৱস্থা থকা জনগোষ্ঠী।
-
জনগোষ্ঠী
জনগোষ্ঠী বা জাতিগত গোট বা এথনিচিটি হৈছে মানুহৰ একপ্ৰকাৰ গোট, যাৰ সদস্যসকলে সাধাৰণতে একে জাতীয় উৎপত্তি, ভাষা, ইতিহাস, সংস্কৃতি, আৰু সমাজগত অভিজ্ঞতাৰে একত্ৰিত হৈ থাকে। এই পৰিচয় সাধাৰণতে আত্ম-পৰিচয় আৰু বাহ্যিক স্বীকৃতিৰ দ্বাৰা নিৰ্ধাৰিত হয়।
-
সূত
সূত (সংস্কৃত: सूत) হিন্দু পুৰাণিক কাহিনীৰ চৰাই আৰু মিশ্ৰিত জাতি বা সম্প্ৰদায় দুয়োটাকে বুজায়। মনু স্মৃতি (১০.১১.১৭)ৰ মতে সূত জাতি ক্ষত্ৰিয় পিতৃ আৰু ব্ৰাহ্মণ মাতৃৰ সন্তান। আৰু কেইবাখনো পুৰাণৰ কথক ৰোমাহৰ্ষণৰ পুত্ৰ উগ্ৰশ্ৰৱা সৌতিকো সূত বুলি কোৱা হৈছিল।
-
ৰহিঙীয়া
ৰহিঙীয়া বা ৰহিঙ্গিয়া হৈছে ম্যানমাৰ (পূৰ্বৰ বাৰ্মা বা ব্ৰহ্মদেশ)-ৰ ৰাখাইন (পূৰ্বৰ আৰাকান) প্ৰদেশত থিতাপি লোৱা বা বিয়পি পৰা আৰু বৰ্তমান ভগনীয়া হোৱা এক চট্টগ্ৰামীয় চুন্নী ইছলামিক জনগোষ্ঠী।
-
কুইলতা
কুইলতা বা কুলতা ভাৰতৰ ওড়িশা ৰাজ্যৰ অন্যতম কৃষক সম্প্ৰদায়। এই সম্প্ৰদায়ৰ লোকসকলে বিশেষকৈ ওড়িশাৰ বলাংগীৰ জিলাৰ পাটনগড় তথা ওড়িশাৰ অন্যান্য পশ্চিম অঞ্চলত বাস কৰে। কুইলতাসকলে ৰাণেশ্বৰ ৰামচণ্ডী দেৱীক প্ৰধান দেৱতা হিচাপে পূজা কৰে।
-
মাং জনগোষ্ঠী
মাং (চীনা: 莽人, পিনইন: Mángrén; ভিয়েটনামী: Mảng) হৈছে এটা জাতিগোট যি প্ৰধানকৈ উত্তৰ-পশ্চিম ভিয়েটনামৰ লাই চাউ অঞ্চলত বসবাস কৰে, য'ত ই ভিয়েটনামৰ চৰকাৰীভাৱে স্বীকৃত ৫৪টা জাতিগোটৰ অন্যতম।
-
মাংগ (জাতি)
মাংগ বা মাতংগ হৈছে ভাৰতৰ এক জাতি যাৰ মূল নিবাস মহাৰাষ্ট্ৰ ৰাজ্যত। তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকত মাতংগসকলক মাডিগা বুলি জনা যায়। এই সম্প্ৰদায়টো ঐতিহাসিকভাৱে গাঁৱৰ নিৰাপত্তা আৰু ৰছী নিৰ্মাণ, ঝাড়ু নিৰ্মাণ, সংগীতজ্ঞ, গৰু-ম'হ চামৰাৰ কাম, ধাত্ৰী, জল্লাদ আৰু শৱদাহৰ কামত জড়িত আছিল বুলি বিশ্বাস…
-
য়াজিদি
য়াজিদি (Yazidi) কূৰ্দিছ আৰু আৰবী ভাষী এটা জাতি। এওঁলোক জ'ৰ'ষ্ট্ৰীয়ানিজম (Zoroastrianism) আৰু মেছ'পটেমিয়াৰ প্ৰাচীন ধৰ্মসমূহৰ সৈতে মিল থকা এক ধৰ্মবিশ্বাসী লোক। তেওঁলোকৰ প্ৰধান বসতিস্থল উত্তৰ ইৰাকৰ 'Nineveh Province' অঞ্চল।
-
অৱধী লোক
অৱধী লোক (দেৱনাগৰী: अवधी, কাইথি: 𑂃𑂫𑂡𑂲, পাৰ্চো-আৰবী: اودھی) হৈছে অৱধী ভাষা কোৱা আৰু উত্তৰ প্ৰদেশৰ আৱধ অঞ্চলত বাস কৰা এটা ভাৰত-আৰ্য্য নৃতাত্ত্বিক-ভাষিক গোট।
-
লোনিয়া
লোনিয়াসকল হৈছে হিন্দু অন্য পিছপৰা জাতি। তেওঁলোকে মূলতঃ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কাষৰীয়া অঞ্চলত বসবাস কৰে। তেওঁলোক পৰম্পৰাগতভাৱে নিমখ খন্দা আৰু নিমখ নিৰ্মাণৰ কামত জড়িত আছিল। ৰাজ্য চৰকাৰে মাল্লা, বিন্দ আৰু বেলদাৰ সম্প্ৰদায়ৰ সৈতে লোনিয়াসকলক অতি পিছপৰা জাতি হিচাপে তালিকাভুক্ত কৰে।