টাই জাতি
১৪ প্ৰবন্ধ
-
টাই-আহোম জনগোষ্ঠী
টাই-আহোম জনগোষ্ঠী হৈছে অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ টাই জাতিগত গোট। ঐতিহাসিকভাৱে তেওঁলোকৰ আগমন, ৰাজ্য-গঠন, লিপি-ভাষা আৰু পূৰ্বপুৰুষ-পূজাভিত্তিক ধৰ্মীয়-সাংস্কৃতিক পৰম্পৰা অসম ইতিহাসৰ এটা মুখ্য অধ্যায়।
-
টাই জাতি
টাই জাতি (ফান-টাই) বুলিলে সেইসকল জনগোষ্ঠীৰ সমষ্টিক বুজায় যিসকলে বৰ্তমান বা অতীতত টাই ভাষা ব্যৱহাৰ কৰিছে। দক্ষিণ চীনৰ পৰা দক্ষিণ-পূব এছিয়া আৰু উত্তৰ-পূব ভাৰতলৈ বিস্তৃত এই জনগোষ্ঠীসমূহ ভাষা-সংস্কৃতিত বহু সাদৃশ্য ৰাখি অতীতোহে ব্যাপক প্ৰব্ৰজন আৰু ৰাজ্য-গঠন প্ৰক্ৰিয়াৰ সৈতে জড়িত।
-
খামটি জনগোষ্ঠী
টাই খামটি (খামতি) বা খামটি শান হল চীনৰ য়ুন্নান প্ৰদেশ, ম্যানমাৰৰ কাচিন ৰাজ্যৰ খাম টি লুং, মগয়ুং আৰু মিটকীয়ান ঠাইৰ পৰা মূলবসতি ধৰি উত্তৰপূবৰ অসম আৰু অৰুণাচলত বসবাস কৰা উত্তৰপূবৰ টাই জাতিৰ এটা ঠাল। অসমত খামটিসকলৰ জনসংখ্যা প্ৰায় ৬০,০০০ ত কৈ অধিক।
-
ফাকে জনগোষ্ঠী
টাইফাকে জনগোষ্ঠী হল অসম আৰু অৰুণাচলৰ এটা টাই জাতিৰ অন্তৰ্গত উত্তৰপূবৰ টাই জনগোষ্ঠী। এওঁলোক এটা ক্ষুদ্ৰ জনগোষ্ঠী। গ্ৰীয়েৰ্চনৰ মতে ফাকেসকল ১৭৬০ চনত অসমত প্ৰৱেশ কৰিছিল৷ ১৯৭৫ চনত চীনৰ হুকং উপত্যকাৰপৰা অসমলৈ তেওঁলোকৰ প্ৰব্ৰজন ঘটে।
-
লাও জনগোষ্ঠী
লাও জনগোষ্ঠী (Lao people) দক্ষিণ-পূব এছিয়াৰ এক খিলঞ্জীয়া টাই জনগোষ্ঠী। তেওঁলোকে ক্ৰা-ডাই ভাষা পৰিয়ালৰ লাও ভাষা ব্যৱহাৰ কৰে। বৰ্তমানৰ দক্ষিণ চীন লাও জনগোষ্ঠীৰ আদিস্থান। তেওঁলোকে লাওছৰ মুঠ জনসংখ্যাৰ ৫৩.২% অধিকাৰ কৰি খিলঞ্জীয়া জনগোষ্ঠীৰ সিংহভাগ গঠন কৰিছে।
-
আইটন জনগোষ্ঠী
টাই-আইটন জনগোষ্ঠী (থাই ভাষা: ชาวไทอ่ายตน চাও টাই আই টন) হল অসমত বসবাস কৰা উত্তৰ পূব ভাৰতৰ টাই জাতিৰ এটা ঠাল। তেওঁলোকক চিয়াম বা শ্যাম বুলিও কোৱা হয় (যিটো সম্ভৱতঃ চি-য়াং চীনা শব্দৰ পৰা আহিছে যাক টাই সকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়)।তেওঁলোকে টাই আইটন ভাষা কয়।
-
খাময়াঙ জনগোষ্ঠী
টাই-খাময়াঙ জনগোষ্ঠী বা চিয়াম হ’ল অসমত বসবাস কৰা উত্তৰ পূব ভাৰতৰ টাই জাতিৰ এটা ঠাল। এওঁলোক অসমৰ তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট জিলা আৰু অৰুণাচল প্ৰদেশত পোৱা যায়।
-
ক্ৰা-ডাই ভাষা
ক্ৰা ডাই ভাষা বা টাই কাডাই ( দায়িক আৰু কাডাই) হল এক প্ৰকাৰৰ ভাষা সমূহ যাক চীন,ম্যানমাৰ, থাইলেণ্ড,লাওছ আৰু উত্তৰপূব ভাৰতত পোৱা যায়। চীনত ইয়াক চীনা-তিব্বতীয় ভাষাৰ শাখা মঙ-মিয়াও ভাষাৰ অন্তগত বুলি ধৰা হয়। ইয়াৰে থাই ভাষা আৰু লাও ভাষা ক্ৰমে থাইলেণ্ড আৰু লাওছ দেশৰ ৰাষ্ট্ৰভাষা।
-
টাই-য়াই জনগোষ্ঠী
টাই-য়াই জনগোষ্ঠী (တႆး) বা ছান জনগোষ্ঠী যাক টাই লু'ঙ বুলিও জনা যায়, দক্ষিণ-পূৰ্ব এছিয়াৰ এটি টাই জনগোষ্ঠী। টাই-য়াই ম্যানমাৰৰ আটাইতকৈ বৃহৎ সংখ্যালঘু গোট আৰু প্ৰধানকৈ এই দেশৰ ছান ৰাজ্যত বাস কৰে, কিন্তু মণ্ডলে অঞ্চল, কাচিন ৰাজ্য, কায়াহ ৰাজ্য, সাগাইং অঞ্চল আৰু কাইন ৰাজ্যৰ কিছু অংশৰ লগতে চীন (দাই…
-
দাই জনগোষ্ঠী
দাই জনগোষ্ঠী হৈছে চীনৰ য়ুন্নান প্ৰদেশৰ চিচুৱাংবান্না দাই স্বায়ত্ব প্ৰান্ত আৰু দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্তত বাস কৰা কেইবাটাও টাই জাতিৰ ঠাল। চীনৰ দ্বাৰা আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত ৫৬টা নৃগোষ্ঠীয় গোটৰ ভিতৰত দাই জনগোষ্ঠী অন্যতম।
-
টুৰুঙ জনগোষ্ঠী
টাই-টুৰুঙ জনগোষ্ঠী হৈছে অসমত বাস কৰা এক টাইমূলীয় জনগোষ্ঠী। জনসংখ্যাৰ ভিত্তিত ভাৰতত বাস কৰা টাইমূলীয় লোকৰ ভিতৰত টুৰুঙসকলেই ক্ষুদ্ৰতম গোট। অষ্টাদশ শতিকাত টুৰুঙসকলে ম্যানমাৰৰ পৰা উত্তৰ-পূব ভাৰতলৈ প্ৰব্ৰজন কৰি আহে। বৰ্তমান যোৰহাট জিলা, গোলাঘাট জিলা আৰু কাৰ্বি আংলং জিলাত টাই টুৰুঙসকলৰ বসতি আছে।
-
টাই-নুৱা জনগোষ্ঠী
টাই-নুৱা (টাই-নুৱা ভাষা: ᥖᥭᥰ ᥘᥫᥴ টাই লে'; চীনা: 傣那 Dǎinà) হৈছে টাই জাতিৰ এটা গোষ্ঠী, যি দক্ষিণ-পূব এছিয়াত পোৱা যায়। জনগোষ্ঠীটোৰ বেছিভাগ জনসংখ্যা চীনৰ ইউন্নান প্ৰদেশ, লাওচ, থাইলেণ্ড, মানদেশ আৰু ভিয়েটনামত বাস কৰে। কিছুমান আমেৰিকা যুক্তৰাষ্ট্ৰলৈও অভিবাসিত হৈছে।
-
টাই দন জনগোষ্ঠী
বগা টাই (ইংৰাজীঃ White Tai), টাই-খাও বা টাই-ডন হৈছে চীন, লাওছ আৰু ভিয়েটনামৰ এটা টাই জনগোষ্ঠী। ভিয়েটনামত তেওঁলোকক টাই দন বুলি কোৱা হয় আৰু অইন টাই জনগোষ্ঠীৰ গোটত অন্তৰ্ভুক্ত কৰা হয়। ভিয়েটনাম চৰকাৰৰ দ্বাৰা স্বীকৃত ৫৪টা জনগোষ্ঠীৰ ভিতৰত টাই জাতি হৈছে তৃতীয় বৃহত্তম জাতি।
-
টাই-লু জনগোষ্ঠী
টাই-লু জনগোষ্ঠী (টাই-লু: ᦺᦑᦟᦹᧉ,, Dǎi lè) হৈছে এটা টাই গোট যি চীন, লাওচ, থাইলেণ্ড, ম্যানমাৰ আৰু ভিয়েটনামত বাস কৰে। তেওঁলোকে এক প্ৰকাৰৰ দক্ষিণ পশ্চিম টাই ভাষা কয়।