অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ক'কে

ছাৰ্জিঅ' কণ্ট্ৰেৰাছ পাৰ্ড' (Sergio Contreras Pardo), যাৰ চিনাকি নাম ক'কে (Koke) (জন্ম- ২৭ এপ্ৰিল ১৯৮৩), হৈছে স্পেইনৰ এজন পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ এতিয়ালৈকে স্পেইন, ফ্ৰান্স, পৰ্তুগাল, গ্ৰীচ, আমেৰিকা যুক্তৰাষ্ট্ৰ, আজাৰবাইজান, জাৰ্মানী, বলিভিয়া আৰু ভাৰতৰ বিভিন্ন ক্লাবক প্ৰতিনিধিত্ব কৰিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৫৫৫ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ছাৰ্জিঅ' কণ্ট্ৰেৰাছ পাৰ্ড' (Sergio Contreras Pardo), যাৰ চিনাকি নাম ক'কে (Koke) (জন্ম- ২৭ এপ্ৰিল ১৯৮৩), হৈছে স্পেইনৰ এজন পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ এতিয়ালৈকে স্পেইন, ফ্ৰান্স, পৰ্তুগাল, গ্ৰীচ, আমেৰিকা যুক্তৰাষ্ট্ৰ, আজেৰবাইজান, জাৰ্মানী, বলিভিয়া আৰু ভাৰতৰ বিভিন্ন ক্লাবক প্ৰতিনিধিত্ব কৰিছে। বৰ্তমান তেওঁ নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ এজন ষ্ট্ৰাইকাৰ।

ফুটবল কেৰিয়াৰ

Málaga

স্পেইনৰ Málaga চহৰত জন্ম গ্ৰহণ কৰা ক'কেই ঘৰুৱা চহৰৰ ক্লাব Málaga CFত নিজৰ পেছাদাৰী ফুটবলৰ পাতনি মেলে। ২০০৩ চনত এই ক্লাবৰ B-দলে প্ৰথমবাৰৰ বাবে দ্বিতীয় ডিভিজনত প্ৰৱেশ কৰে।

২০০৩ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে তেওঁ লা লিগাত Celta de Vigo দলৰ বিৰুদ্ধে ঘৰুৱা খেলপথাৰত শেষ মুহূৰ্তত এটা গ'ল দি খেলখন ১-১ গ'লৰ ব্যৱধানত ড্ৰ কৰে।১ এই বৰ্ষৰ লা লিগাত তেওঁ ৬খন খেলত অংশ লৈ (৫ খনত substitute হিচাপে) মুঠ ১৭৬ মিনিট খেলপথাৰত অৱতীৰ্ণ হয়।

Marseille

ক'কে Marseille দলৰ হৈ খেলোঁতে
ক'কে Marseille দলৰ হৈ খেলোঁতেছবি: Olympique_de_Marseille_Koke_et_Gimenez.jpg: Stephane Delbecque derivative work: · CC BY 2.0

প্ৰথমটো দলত কম সময়ৰ বাবেহে খেলিব পোৱাত তেওঁ ২০০৪ চনৰ জানুৱাৰী মাহত Ligue ১ প্ৰতিযোগিতাৰ দল Olympique de Marseilleৰ সৈতে চুক্তিবদ্ধ হয়।২ ২০০৩-০৪ বৰ্ষৰ Ligue ১-ত তেওঁ গ'ল দিবলৈ সক্ষম নহয় যদিও ২০০৪-০৫ বৰ্ষৰ এই প্ৰতিযোগিতাত তেওঁ ২৪খন খেলত অংশ লৈ ৫টা গ'ল দিয়ে।

২০০৫-০৬ বৰ্ষৰ Ligue ১-ত ৯খন খেলত অংশ লৈ তেওঁ ১টা গ'ল দিয়ে। ২০০৬ চনত তেওঁ ঋণত Sporting Clube de Portugal দললৈ যায়। এই দলৰ হৈ তেওঁ Gil Vicente F.C. দলৰ বিৰুদ্ধে substitute হিচাপে খেলি দুটা গ'ল দিয়ে আৰু তেওঁৰ দল ২-০ ব্যৱধানত জয়ী হয়।৩

Aris

২০০৬ চনত তেওঁ গ্ৰীচৰ Aris Thessaloniki FC দলৰ সৈতে ৩ বছৰৰ বাবে চুক্তিবদ্ধ হয়।৪ এই দলৰ হৈ তেওঁ ভাল খেল প্ৰদৰ্শন কৰে আৰু প্ৰথম বৰ্ষত ১০টা গ'ল দি দলক লীগৰ চতুৰ্থ স্থান অধিকাৰ কৰাত অৱদান আগবঢ়ায়। উল্লেখ্য যে দলটোৱে তাৰ আগৰ বছৰতহে শীৰ্ষ ডিভিজনলৈ উন্নীত হৈছিল।

২০০৭-০৮ বৰ্ষত তেওঁ ছুপাৰলীগ গ্ৰীচত পুনৰ ১০টা গ'ল দিয়াৰ উপৰিও সেই বৰ্ষৰ উৱেফা কাপত ৰেড ষ্টাৰ বেলগ্ৰেড দলৰ বিৰুদ্ধে আন এটা গ'ল দিয়ে। ২০০৮ চনত তেওঁ Aris দলৰ সৈতে নতুনকৈ ৫ বছৰৰ বাবে চুক্তিবদ্ধ হোৱাৰ লগতে সহ-অধিনায়ক হোৱাৰ সুযোগ পায় আৰু ২০০৯-১০ বৰ্ষত তেওঁ দলৰ অধিনায়ক হয়।

হ'ষ্টন ডাইনেম'

২০১১ চনৰ ১৫ এপ্ৰিলত তেওঁ মেজৰ লীগ ছ'কাৰ প্ৰতিযোগিতাৰ দল হ'ষ্টন ডাইনেম'ৰ সৈতে চুক্তিবদ্ধ হয়। ২৯ এপ্ৰিল তাৰিখে এই দলৰ হৈ প্ৰথমখন খেলত তেওঁ substitute হিচাপে অৱতীৰ্ণ হয়। খেলখনত দলটো ডি চি ইউনাইটেড দলৰ বিৰুদ্ধে ৪-১ ব্যৱধানত জয়ী হয়।৫ অৱশ্যে হ'ষ্টনত থকাৰ সুবিধা কৰিব নোৱাৰি আৰু লীগত ভাল প্ৰদৰ্শন কৰিব নোৱাৰি তেওঁ চুক্তি সামৰণিৰ বাবে আবেদন কৰে আৰু ৩০ মে' তাৰিখে তেওঁ দলৰপৰা ওলাই আহে।৬

পুনৰ স্পেইনলৈ

২০১১ চনৰ ছেপ্টেম্বৰত তেওঁ স্পেইনলৈ ঘূৰি আহে আৰু শীৰ্ষ ডিভিজনলৈ নতুনকৈ উন্নীত হোৱা দল Rayo Vallecanoৰ সৈতে চুক্তিবদ্ধ হয়। ২৩ অক্টোবৰ তাৰিখে এই দলৰ হৈ প্ৰথম খেলত Real Betis দলৰ বিৰুদ্ধে দ্বিতীয় হাফত substitute হিচাপে সোমাই ৮৮ মিনিটত পেনাল্টি কিকৰ জৰিয়তে এটা গ'ল দিয়ে আৰু তেওঁৰ দল ২-০ত জয়ী হয়।৭

২০১২ চনৰ জানুৱাৰীত তেওঁ transfer windowৰ জৰিয়তে মাদ্ৰিদৰ দলটোৰপৰা ওলাই আহে।

FK Baku

২০১২ চনৰ ফেব্ৰুৱাৰীত তেওঁ আজাৰবাইজান প্ৰীমিয়াৰ লীগৰ দল Baku FCৰ সৈতে চুক্তিবদ্ধ হয়।৮ সেই বৰ্ষত দলটো লীগৰ বিজয়ী হয় আৰু তেওঁ ফাইনেলত গ'ল দিয়ে। তেওঁ মুঠ ১৫খন খেলত ৪টা গ'ল দিয়ে।৯

Jahn Regensburg আৰু ক্লাব ব্লুমিং

২০১৩ চনৰ জানুৱাৰীত তেওঁ transfer windowৰ জৰিয়তে ২. বুন্দেছলিগাৰ দল SSV Jahn Regensburgৰ সৈতে চুক্তিবদ্ধ হয়।১০ ২৬ জুলাইত তেওঁ পুনৰ দেশ আৰু ক্লাব সলনি কৰি বলিভিয়াৰ ক্লাব ব্লুমিঙৰ সৈতে চুক্তিবদ্ধ হয়।১১

নৰ্থ ইষ্ট ইউনাইটেড

২০১৪ চনৰ ১৫ ছেপ্টেম্বৰত তেওঁ প্ৰাৰম্ভিক বৰ্ষৰ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলললৈ আহে।১২১৩ দলৰ প্ৰথমখন খেলত কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে তেওঁ একমাত্ৰ গ'লটো দিয়ে আৰু নৰ্থ ইষ্ট ইউনাইটেড ১-০ গ'লত জয়ী হয়।১৪

সাফল্য

Málaga

  • উৱেফা ইণ্টাৰট'ট' কাপ: ২০০২

Marseille

  • Coupe de France: ৰাণাৰ্ছ আপ ২০০৫-০৬

Aris

  • গ্ৰীক কাপ: ৰাণাৰ্ছ আপ ২০০৭-০৮, ২০০৯-১০

FK Baku

  • আজাৰবাইজান কাপ: ২০১১-১২

ক্লাব পৰিসংখ্যা (অসম্পূৰ্ণ)

১৫

ক্লাব প্ৰদৰ্শনলীগকাপলীগ কাপমহাদেশীয়মুঠ
বৰ্ষক্লাবলীগখেলগ'লখেলগ'লখেলগ'লখেলগ'লখেলগ'ল
আমেৰিকা যুক্তৰাষ্ট্ৰলীগঅ'পেন কাপলীগ কাপউত্তৰ আমেৰিকামুঠ
২০১১হ'ষ্টন ডাইনেম'মেজৰ লীগ ছ'কাৰ৭১———৭১
স্পেইনলীগCopa del ReySupercopa de Españaইউৰোপমুঠ
২০১১-১২Rayo Vallecanoলা লিগা৫১১০——৬১
আজাৰবাইজানলীগআজাৰবাইজান কাপলীগ কাপইউৰোপমুঠ
২০১১-১২FK Bakuআজাৰবাইজান প্ৰীমিয়াৰ লীগ১০২৫২——১৫৪
জাৰ্মানীলীগDFB-Pokalডি এফ এল ছুপাৰকাপইউৰোপমুঠ
২০১২-১৩Jahn Regensburg২. বুন্দেছলিগা৯৩০০——৯৩
মুঠআমেৰিকা যুক্তৰাষ্ট্ৰ৭১———৭১
স্পেইন৫১১০——৬১
আজাৰবাইজান১০২৫২——১৫৪
জাৰ্মানী৯৩০০——৯৩
সৰ্বমুঠ৩১৭৬২——৩৭৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (24 February 2003). El Celta paga su falta de ambición ante el Málaga. El País
  2. ↑ (2 February 2004). Koke in the can for Marseille. UEFA.com
  3. ↑ (6 March 2006). Sporting-Gil Vicente, 2–0: Um jogo da vida real. Record
  4. ↑ (15 August 2006). Koke is it for Aris. UEFA.com
  5. ↑ Bruin leads explosive Dynamo offense in rout of DC. MLS Soccer
  6. ↑ de Jesus Ortiz, Jose. (30 May 2011). Koke's short stint with Dynamo comes to an end. Chron
  7. ↑ (23 October 2011). Real Betis 0–2 Rayo Vallecano. ESPN Soccernet
  8. ↑ (13 February 2012). Bakú, destino final para Koke. Málaga Hoy
  9. ↑ (6 May 2012). Del primer título de Torres a los goles exóticos de Rafa Jordá o 'Koke'. Marca
  10. ↑ (31 January 2013). Regensburg holt de Guzman, Hendl und Koke. kicker
  11. ↑ (26 July 2013). Koke se marcha al Blooming boliviano. Marca
  12. ↑ (15 September 2014). Koke signs for NorthEast United FC. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  13. ↑ (16 September 2014). Koke signs with NorthEast United FC. Goal.com
  14. ↑ Ganguily, Abhishek. (13 October 2014). ISL: NorthEast United ride high on Koke, beat Kerala Blasters 1–0. The Times of India
  15. ↑ Koke. Soccerway

সম্পৰ্কিত শ্ৰেণী

ফুটবল খেলুৱৈনৰ্থ ইষ্ট ইউনাইটেড এফ চিস্পেইনৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক'কে” প্ৰবন্ধৰ সংশোধন ৬৩৬৯০৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।