অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পৰৱাই মুন্নিয়াম্মা

পৰৱাই মুনিয়াম্মা ( Paravai Muniyamma) এগৰাকী ভাৰতীয় লোকসংগীত শিল্পী আৰু অভিনেত্ৰী আছিল। তেওঁ মাদুৰাইৰ পৰৱাই নামৰ গাঁৱত জন্ম লোৱাৰ বাবে পৰৱাই উপাধিটো পাইছিল। তেওঁ বহুতো তামিল কথাছবিত অভিনয় কৰিছিল আৰু বেছিভাগতেই সহ-চৰিত্ৰত অভিনয় কৰিছিল আৰু তেওঁ নেপথ্য কণ্ঠশিল্পী হিচাপেও কাম কৰিছিল।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৬ ৪৫৫ শব্দ · ৩ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

পৰৱাই মুনিয়াম্মা ( Paravai Muniyamma) এগৰাকী ভাৰতীয় লোকসংগীত শিল্পী আৰু অভিনেত্ৰী আছিল। তেওঁ মাদুৰাইৰ পৰৱাই নামৰ গাঁৱত জন্ম লোৱাৰ বাবে পৰৱাই উপাধিটো পাইছিল। তেওঁ বহুতো তামিল কথাছবিত অভিনয় কৰিছিল আৰু বেছিভাগতেই সহ-চৰিত্ৰত অভিনয় কৰিছিল আৰু তেওঁ নেপথ্য কণ্ঠশিল্পী হিচাপেও কাম কৰিছিল। তেওঁৰ জন্ম হৈছিল ২৫ জুন ১৯৩৭ চনত আৰু মৃত্যু হৈছিল ২৯ মাৰ্চ ২০২০ চনত৷১২৩৪কলাইনাৰ টিভি অনুষ্ঠানত মুনিয়াম্মাৰ নিজাকৈ ৰন্ধন অনুষ্ঠানো আছিল। ৫সংগীত পৰিচালক বিদ্যাসাগৰে মুনিয়াম্মাক তামিল চলচ্চিত্ৰ উদ্যোগত তেওঁক চিনাকি কৰাই দিছিল।

কৃতিত্ব

মুনিয়াম্মাই সাংস্কৃতিক মন্দিৰৰ অনুষ্ঠানত কণ্ঠদান কৰি গায়িকা হিচাপে নিজৰ সংগীত যাত্ৰা আৰম্ভ কৰিছিল আৰু ৬০ বছৰ বয়সত প্ৰায় ২০০০ লোকগীতৰ মঞ্চত গীত পৰিৱেশন কৰিছিল; সেইবোৰৰ মাজত লক্ষণ শ্ৰুতিৰ হৈ লণ্ডন, চিংগাপুৰ আৰু মালয়েছিয়াৰ অনুষ্ঠানো অন্তৰ্ভুক্ত কৰা হৈ আছে৷৬ ২০০৪ চনত “হিন্দু’’ কাকতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, তেওঁ এবাৰ এই কথাটো আঙুলিয়াই দিছিল যে, মানৱ জাতিৰ লোকশিল্প আৰু সংস্কৃতিৰ প্ৰতি আকৰ্ষণ আছে। এই কথা তেওঁৰ বহিঃৰাজ্যত হোৱা আন্তঃৰাষ্ট্ৰীয় লোকসংস্কৃতি-সম্পৰ্কীয় অনুষ্ঠানসমূহে প্ৰমাণ কৰে৷৭তেওঁ খ্যাতিৰ শিখৰত উপনীত হোৱাৰ সময়ত কেইবাজনো সংগীত পৰিচালকে মুনিয়াম্মাৰ কাষ চাপিছিল, বিশেষকৈ এ আৰ ৰহমানে ১৯৯৫ চনৰ “মুথু’’ নামৰ কথাছবিখনৰ বাবে এটা গীত গাবলৈ প্ৰস্তাৱ দিছিল, অৱশ্যে অজ্ঞাত কাৰণত তেওঁ এই প্ৰস্তাৱ নাকচ কৰিছিল।৮ সংগীত পৰিচালক বিদ্যাসাগৰেও তেওঁৰ “ধুল’’(২০০৩) নামৰ ছবিখনৰ বাবে এটা লোকগীত গাবলৈ মুনিয়াম্মাক অনুৰোধ কৰিছিল আৰু তেওঁ সেই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এই “ধূল’’ নামৰ ছবিখনৰ জৰিয়তে তেওঁ নিজকে নেপথ্য গায়িকা হিচাপে চলচ্চিত্ৰত অভিষেক ঘটায় আৰু তেওঁৰ প্ৰথম চলচ্চিত্ৰ গীত আছিল “সিংম পোলা নদন্থু ৱাৰান’’ শীৰ্ষক গীতটো৷ এইটো গীত ছবিখনত একেলেথালিয়ে দেখুওৱা যুঁজৰ এটা ক্ৰমৰ পিছত হোৱাৰ বাবে দৰ্শকে ভালদৰে আকোঁৱালি লৈছিল৷৯ সেই একেখন কথাছবিতে পৰিচালকে তেওঁক তেওঁৰ ৬৬ বছৰ বয়সত সহযোগী চৰিত্ৰৰ অভিনয়ৰে চলচ্চিত্ৰ অভিনয় জীৱনৰ অভিষেক ঘটায়।১০তাৰ পিছত তেওঁ ৫০খনতকৈও অধিক ছবিত অভিনয় কৰে৷ সাধাৰণতে মুনিয়াম্মাই আইতাকৰ চৰিত্ৰত অভিনয় কৰিছিল।১১ছবিখন আৰু গীতটোৰ সফলতাই মুনিয়াম্মালৈ ছবি জগতৰ অভিনয় আৰু গায়কীৰ বাবে অধিক প্ৰস্তাৱ অহাৰ বাট মুকলি কৰি দিলে।১২

চিকিৎসা

২০১৫ চনত মুনিয়াম্মা চিকিৎসালয়ত ভৰ্তি হ’ব লগা হৈছিল৷ চিকিৎসালয়ত তেওঁক তামিল চলচ্চিত্ৰ উদ্যোগেৰ বিভিন্নজনে সহায় কৰিছিল, ইয়াৰ ভিতৰত অভিনেতা শিৱকাৰ্থিকেয়ান, সৰথকুমাৰ আৰু বিশাল কৃষ্ণ আছিল অন্যতম৷১৩১৪ তদুপৰি তামিলনাডুৰ মুখ্যমন্ত্ৰী জয়ললিতাই “এ এম জি আৰ কল্যাণ আঁচনি’’ৰ অধীনত মুনিয়াম্মাৰ নামত ৬ লাখ টকা “ফিক্সড ডিপজিট’’ৰ ব্যৱস্থা কৰি সহায় কৰিছিল, আৰু অভিনেতা ধনুষেও তেওঁৰ চিকিৎসাৰ খৰচ গা পাতি লৈছিল।১৫ ২০১৯ চনৰ নৱেম্বৰ মাহত মুনিয়াম্মা সংকটজনকভাৱে অসুস্থ হৈ মৃত্যু হোৱা বুলি উৰাবাতৰি প্ৰচাৰ হৈছিল।১৬২০২০ চনৰ ফেব্ৰুৱাৰী মাহত বহুদিন ধৰি সংকটজনকভাৱে অসুস্থ হৈ থকাৰ পিছতো অভিনেতা “আবি সাৰাৱানন’’ৰ অনুৰোধত ছবিগৃহত “মায়ানাধি’’ নামৰ ছবিখনৰ প্ৰচাৰমূলক দৰ্শনী চাবলৈ আহিছিল।১৭১৮১৯ ২০১৯ চনত তামিলনাডু চৰকাৰে তেওঁ“কালাইমামণি’’ বঁটা প্ৰদান কৰিছিল।২০

কথাছবি

মুনিয়াম্মাই কেইবাখনো কথাছবিত সহ-শিল্পীৰ অভিনয় কৰিছিল৷ “ধূল’’(২০০৩), “কাধল সদুগুডু’’(২০০৩), “উন্নাই চৰণদাইন্ধেন’’(২০০৩), “আই’’(২০০৪), “জয়সূৰ্য্য’’(২০০৪), “এন পুৰুষন এথিৰ বীতু পন্নু’’(২০০৪), “কোভিল’’(২০০৪), “ছুপাৰ ডা’’(২০০৪), “দেৱথাইয়াই কাণ্ডেন’’(২০০৫),“কান্নাদী পূকাল’’(২০০৫), “থাকা থিমি থা’’(২০০৫), “নেঞ্জিল’’(২০০৬), “নাগাৰীগা কোমালি’’(২০০৬), “সুয়েটচাই বিধায়ক’’(২০০৬), “পশুপতি’’(২০০৭), “সন্দাই’’(২০০৮), “পূ’’(২০০৮), “থোৰানাই’’(২০০৯), “ৰাজাধি ৰাজা’’(২০০৯), “থামিজ পদম’’(২০১০), “মাগানে এন মাৰুমাগানে’’(২০১০), “বালে পাণ্ডিয়া’’(২০১০), “ভৱনী’’ (২০০৯), “ভৱনী আই পি এছ’’(২০১১), “ভেংহাই’’(২০১১) আদি৷

মৃত্যু

২০২০ চনৰ ২৯ মাৰ্চত বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে মুনিয়াম্মাৰ মাদুৰাইৰ নিজা বাসগৃহত ৮২ বছৰ বয়সত মৃত্যু হয়।৭

তথ্যসূত্ৰ

  1. ↑ (2005-03-28). Paravai Muniyaama is back. Behindwoods
  2. ↑ (2004-12-04). Metro Plus Tiruchirapalli / Personality: Ruling with RUSTIC ragas. দ্য হিন্দু
  3. ↑ (2020-03-29). Popular folk singer and actress Paravai Muniyamma has passed away
  4. ↑ (29 March 2020). Tamil Folk Singer and Actress Paravai Muniyamma Passes Away. News18
  5. ↑ (2007-07-30). Cooking up a smile Nuggets from Aatha. The Hindu
  6. ↑ Archive News. দ্য হিন্দু
  7. ↑ Staff Reporter. (2020-03-29). Tamil folk singer, actress Paravai Muniyamma no more. The Hindu
  8. ↑ Veteran folk artiste, actor-singer Paravai Muniyamma passes away. Cinema Express
  9. ↑ Actor-singer Paravai Muniyamma passes away. The New Indian Express
  10. ↑ (29 March 2020). Dhool paati Paravai Muniyamma dies aged 83. www.thenewsminute.com
  11. ↑ (2004-01-21). Throaty treat. দ্য হিন্দু
  12. ↑ Full Story Page Template 2. sify.com
  13. ↑ At last, Paravai Muniyamma gets financial aid - Times of India. The Times of India
  14. ↑ (2015-08-01). Dhanush, Sarathkumar help Paravai Muniyamma. Deccan Chronicle
  15. ↑ (2019-03-05). The sad state of Kalaimamani Paravai Muniyamma! - Tamil News. IndiaGlitz.com
  16. ↑ Kumar, Pradeep. (2019-11-01). Hospitalisation stirs up false news on Paravai Muniyamma's health. The Hindu
  17. ↑ Subramanian, Anupama. (2020-02-08). Abi Saravanan takes Paravai Muniyamma to watch Maayanadhi. Deccan Chronicle
  18. ↑ நடக்க முடியாத நிலையிலும் பிரபல நடிகருக்காக திரையரங்கம் வந்த பரவை முனியம்மா! பார்த்த கடைசி படம் இதுதான்!. Asianet News Network Pvt Ltd
  19. ↑ பரவை முனியம்மா பற்றி பேஸ்புக்கில் பகிர்ந்த அபிசரவணன். Samayam Tamil
  20. ↑ (2019-03-01). Kalaimamani awards after 8 years: 201 artistes get awards. Deccan Chronicle

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ অভিনেত্ৰীলোকশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰৱাই মুন্নিয়াম্মা” প্ৰবন্ধৰ সংশোধন ৬৩৬০৯৬ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।