অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেখা ৰাজ

ৰেখা ৰাজ (ইংৰাজী: Rekha Raj; জন্ম: ৫ মে' ১৯৭৮) এগৰাকী দলিত আৰু নাৰীবাদী চিন্তাবিদ, সমাজকৰ্মী আৰু লেখিকা। তেওঁ কেৰালাত দলিত মহিলা অধিকাৰ, লিংগ সমতা আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আহিছে।

হালনাগাদ: ৫ এপ্ৰিল ২০২৬ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰেখা ৰাজ (ইংৰাজী: Rekha Raj; জন্ম: ৫ মে' ১৯৭৮) এগৰাকী দলিত আৰু নাৰীবাদী চিন্তাবিদ, সমাজকৰ্মী আৰু লেখিকা। তেওঁ কেৰালাত দলিত মহিলা অধিকাৰ, লিংগ সমতা আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আহিছে।

প্ৰাৰম্ভিক জীৱন

ৰাজৰ জন্ম হৈছিল ১৯৭৮ চনৰ ৫ মে'ত কেৰালাৰ এক কেন্দ্ৰীয় জিলা কোট্টায়ামত, পিতৃ কে পি নলিনাক্ষী আৰু মাতৃ এছ ৰাজপ্পানৰ ঘৰত। তেওঁ স্বামী এম. আৰ. ৰেনুকুমাৰ আৰু পুত্ৰৰ সৈতে বাস কৰে। "কেৰালাৰ সমসাময়িক দলিত আলোচনা-বিলোচনত লিংগ আৰু দলিত পৰিচয়ৰ ৰাজনীতি: দলিত মহিলাৰ প্ৰতিনিধিত্ব" শীৰ্ষক দৰ্শনত পিএইচডিৰে,১ তেওঁ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ গান্ধীয়ান চিন্তা আৰু উন্নয়ন অধ্যয়ন বিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কাম কৰি আছিল, কিন্তু নিযুক্তিৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগত কেৰালা উচ্চ ন্যায়ালয়ে তেওঁৰ নিযুক্তি বাতিল কৰে।২

ৰচনা

ৰাজে দলিত স্ত্ৰী ইডাপেডালুকাল শীৰ্ষক এখন কিতাপ লিখিছে।৩ ২০১৫ চনত প্ৰকাশিত এই গ্ৰন্থখন ২০১৭ চনত তামিললৈ অনূদিত হৈছিল। তেওঁ 'সংঘদিতা' আলোচনীৰ অতিথি সম্পাদক হিচাপে ২০১৩ চনত "দলিত মহিলা" বিষয়ক বিশেষ সংখ্যা সম্পাদনা কৰিছিল।৪ তেওঁ শৈক্ষিক আৰু অন্যান্য আলোচনীত বহুতো প্ৰবন্ধ লিখিছে, যাৰ ভিতৰত আছে ইকনমিক এণ্ড পলিটিকেল উইকলি, মাথাভুমি, সামকালিকা মালায়ালম বাৰিকা, মাধ্যমম উইকলি আৰু ভাৰতৰ আন বহুতো সাময়িকী।৫ তেওঁৰ শৈক্ষিক আগ্ৰহৰ ক্ষেত্ৰসমূহ লিংগ, উন্নয়ন, বৰ্ণ, সাংস্কৃতিক, দলিত আৰু উপনিচয় অধ্যয়নলৈ বিস্তৃত। তেওঁ জনসাধাৰণৰ আলোচনাতো নিয়মিতভাৱে অংশগ্ৰহণ কৰে আৰু সামাজিক ন্যায় বিষয়ক বক্তৃতা আগবঢ়ায়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2016). Politics of gender and dalit identity: Representation of Dalit women in contemporary Dalit discourses in Kerala. Mahatma Gandhi University Online Theses Library
  2. ↑ (26 August 2022). HC annuls appointment of Dalit activist Rekha Raj in MG University. English.Mathrubhumi
  3. ↑ 'Dalit Sthree Idapedalukal' released
  4. ↑ (12 August 2017). Women's world. Times of India Blog
  5. ↑ Rekha Raj. Economic and Political Weekly

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সমাজকৰ্মীভাৰতীয় নাৰীবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেখা ৰাজ” প্ৰবন্ধৰ সংশোধন ৬০০০১৪ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।