অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কুঞ্জলতা

কুঞ্জলতা বা আইপ'মিয়া কোৱাম'ক্লিট হৈছে এবিধ লতাজাতীয় সপুষ্পক উদ্ভিদ। ইয়াক ইংৰাজীত চাইপ্ৰেছ ভাইন, চাইপ্ৰেছ ভাইন মৰ্নিং গ্ল'ৰী, কাৰ্ডিনেল ক্ৰিপাৰ, কাৰ্ডিনেল ভাইন, ষ্টাৰ গ্ল'ৰী, ষ্টাৰ অৱবেথলহেম বা হামিংবাৰ্ড ভাইন নামেৰে জনা যায়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৫ ২৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

কুঞ্জলতা বা আইপ'মিয়া কোৱাম'ক্লিট হৈছে এবিধ লতাজাতীয় সপুষ্পক উদ্ভিদ। ইয়াক ইংৰাজীত চাইপ্ৰেছ ভাইন, চাইপ্ৰেছ ভাইন মৰ্নিং গ্ল'ৰী, কাৰ্ডিনেল ক্ৰিপাৰ, কাৰ্ডিনেল ভাইন, ষ্টাৰ গ্ল'ৰী, ষ্টাৰ অৱবেথলহেম বা হামিংবাৰ্ড ভাইন নামেৰে জনা যায়। ই কনভলভুলেচিয়া পৰিয়ালৰ এটা প্ৰজাতি যি আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চল আৰু অন্যান্য ঠাইত প্ৰাকৃতিক ক্ৰান্তীয় অঞ্চলৰ থলুৱা উদ্ভিদ।

বিৱৰণ

কুঞ্জলতা ৩-১০ ফুট পৰ্যন্ত বৃদ্ধি পায়। ইয়াৰ পাত ১-৪ ইঞ্চি পৰ্যন্ত দীঘল হয়। ইয়াৰ পাতবোৰ খাঁজকটা আৰু পাতৰ প্ৰতিটো ফালে ৯-১৯টা খাঁজ থাকে। ফুলৰ আকাৰ ১-২ ইঞ্চি দীঘল আৰু ১ ইঞ্চি ব্যাসৰ। পাঁচটা কোণৰ সৈতে পেঁপাৰ আকৃতিৰ। ফুলৰ ৰং ৰঙা, গোলাপী বা বগা হ’ব পাৰে।

শ্ৰেণীবিভাজন

এই প্ৰজাতিটোৰ নাম প্ৰথম আনুষ্ঠানিকভাৱে কাৰ্ল লিনিয়াছে তেওঁৰ গ্ৰন্থ Species plantarum-ত (১৭৫৩) ৰাখিছিল। কৌতূহলজনকভাৱে তেওঁ ইয়াৰ উৎপত্তিৰ বিষয়ে সৰলভাৱে "ভাৰতত বাসস্থান " বুলি উল্লেখ কৰিছিল আৰু একে সময়তে উদ্ভিব্জোপাৰ পূৰ্বৰ বৰ্ণনাকাৰীসকলৰ উল্লেখ কৰিছিল যিসকলে ইয়াৰ উৎপত্তি মধ্য আমেৰিকা বুলি উল্লেখ কৰিছিল।

স্থানীয় ভাষাৰ নাম

ভাৰতত কুঞ্জলতাক বিভিন্ন নামেৰে জনা যায়। তামিল ভাষাত ইয়াক মাইল মাণিকম আৰু মালয়ালমত ইয়াক আকাশমুল্লা বুলি জনা যায়। আনহাতে মাৰাঠী ভাষাত ইয়াক গণেশ ভেল বুলি জনা যায়। বাংলাদেশত ইয়াৰ স্থানীয় নাম তৰুলতা, কমলাতা, কুঞ্জলতা আৰু গেটফুল।

তেলেগুত ইয়াক ‘কাছিৰত্নম’ আৰু মিজো ভাষাত 'ৰিমেনহাইহ' বুলি কোৱা হয়। জামাইকাত ইয়াক ‘Indian creeper’ বুলি জনা যায়। নেপালত ইয়াক 'জয়ন্তী ফুল' বুলি জনা যায়।

বিতৰণ আৰু বাসস্থান

এই উদ্ভিদবিধ দক্ষিণ আমেৰিকাৰ উত্তৰ অঞ্চলৰ থলুৱা উদ্ভিদ যদিও ইউৰোপীয়সকলে প্ৰথমে আমেৰিকা অন্বেষণ কৰিবলৈ আৰম্ভ কৰাৰ পৰাই সমগ্ৰ বিশ্বতে ব্যাপকভাৱে বিস্তৃত হৈ আহিছে। প্ৰথম অৱস্থাত ই ঔষধি উদ্ভিদ হিচাপে আৰু পিছলৈ অলংকাৰিক উদ্ভিদ হিচাপে জনপ্ৰিয় হৈ পৰে। ই বহু গ্ৰীষ্মমণ্ডলীয় অঞ্চলত প্ৰাকৃতিকভাৱে গজে আৰু কিছুমান ঠাইত ইয়াক আক্ৰমণাত্মক অপতৃণ বুলি গণ্য কৰা হয়।

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুঞ্জলতা” প্ৰবন্ধৰ সংশোধন ৫৪০৪৩৩ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।