২০১৩ বৰ্ষৰ চলচ্চিত্ৰ
৫ প্ৰবন্ধ
-
ৰামাইয়া ৱাস্তাৱৈয়া
ৰামাইয়া ৱাস্তাৱৈয়া (Ramaiya Vastavaiya; ) হৈছে প্ৰভু দেৱাৰ দ্বাৰা পৰিচালিত, ২০১৩ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন ৰোমাণ্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। টিপছ ইণ্ডাষ্ট্ৰিজৰ অধীনত, কুমাৰ এছ. তৌৰাণীয়ে চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰে।
-
দাসৱালা
দাসৱালা (Dasavala) ২০১৩ চনৰ, এম এছ ৰমেশ পৰিচালিত এখন কানাড়া নাট্যধৰ্মী ছবি। ২০১৩ চনৰ ১১ অক্টোবৰত দাসৱালা মুক্তি পায়। মুখ্য ভূমিকাত প্ৰেম আৰু ঐশ্বৰ্য মেননে অভিনয় কৰিছে। অন্যান্য ভূমিকাত আছে হেমা চৌধুৰী, ৰংগায়ন ৰঘু আৰু অবিনাশ। অনিতা ভাটে ছবিখনৰ এটা আইটেম চঙত অভিনয় কৰিছিল।
-
উই আৰ দ্য বেষ্ট!
উই আৰ দ্য বেষ্ট! (ছুইডিছ: Vi är bäst!) হ’ল লুকাছ মুডিছনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০১৩ চনৰ এখন ছুইডিছ নাট্যধৰ্মী চলচ্চিত্ৰ। এইখন তেওঁৰ পত্নী ক’ক’ মুডিছনৰ গ্ৰাফিক উপন্যাস নেভাৰ গুডনাইটৰ আধাৰত নিৰ্মাণ কৰা হৈছে।
-
কুইন (২০১৪ চলচ্চিত্ৰ)
কুইন ( Queen ) ২০১৪ চনত নিৰ্মিত এখন মহিলা প্ৰধান ভাৰতীয় হিন্দী ছবি। ইয়াৰ পৰিচালনা বিকাশ বেহেলে কৰিছে। প্ৰযোজনা অনুৰাগ কাশ্যপ, বিক্ৰমাদিত্য মটৱানে, আৰু মধু মন্তেনাৰ। ছবিখনত কংগনা ৰানাৱটে মুখ্য চৰিত্ৰত অভিনয় কৰিছে; লিজা হেইডন আৰু ৰাজকুমাৰ ৰাৱে সহযোগী চৰিত্ৰত অভিনয় কৰিছে।
-
ঝোলা
ঝোলা (Jhola) সাহিত্যিক কৃষ্ণ ধৰাবাসীৰ কাহিনীৰ আধাৰত নিৰ্মিত এখন নেপালী চলচ্চিত্ৰ। ইয়াত ১৯২০ দশকলৈকে নেপালী সমাজত প্ৰচলিত সতীদাহ প্ৰথাৰ বিষয়ে কোৱা হৈছে য’ত পত্নীয়ে স্বামীৰ মৃত্যুৰ পিছত সাধাৰণতে তেওঁৰ চিতাজুইত আত্মজাহ দিবলগীয়া হৈছিল।