অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ওমৰ

ওমৰ ইবনে আল খত্তব (عُمَر بْن ٱلْخَطَّاب; ), চমুকৈ ওমৰ বুলিও কোৱা হয়। ওমৰ ৬৩৪ চনৰ আগষ্টৰ পৰা ৬৪৪ চনত তেওঁক হত্যা কৰালৈকে শাসন কৰা দ্বিতীয় ৰাছিদুন খলিফা আছিল। তেওঁ আবু বকৰ (ৰাজ্য ৬৩২–৬৩৪)ৰ উত্তৰাধিকাৰী আৰু ইছলামিক পয়গম্বৰ হজৰত মুহাম্মদৰ জ্যেষ্ঠ সংগী আৰু শহুৰেক হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ৮ জুলাই ২০২৫ ৪৪০ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ওমৰ ইবনে আল খত্তব (عُمَر بْن ٱلْخَطَّاب; ), চমুকৈ ওমৰ বুলিও কোৱা হয়। ওমৰ ৬৩৪ চনৰ আগষ্টৰ পৰা ৬৪৪ চনত তেওঁক হত্যা কৰালৈকে শাসন কৰা দ্বিতীয় ৰাছিদুন খলিফা আছিল। তেওঁ আবু বকৰ (ৰাজ্য ৬৩২–৬৩৪)ৰ উত্তৰাধিকাৰী আৰু ইছলামিক পয়গম্বৰ হজৰত মুহাম্মদৰ জ্যেষ্ঠ সংগী আৰু শহুৰেক হিচাপে গণ্য কৰা হয়।

প্ৰথম অৱস্থাত ওমৰে তেওঁৰ দূৰৈৰ কুৰাইশ্বীয়া আত্মীয় মুহাম্মদৰ বিৰোধিতা কৰিছিল। কিন্তু ৬১৬ চনত ইছলাম গ্ৰহণ কৰাৰ পিছত তেওঁ কাবাত মুকলিকৈ নামাজ পঢ়া প্ৰথমজন মুছলমান হিচাপে পৰিগণিত হয়। তেওঁ মুহাম্মদৰ প্ৰায় সকলো যুদ্ধ আৰু অভিযানতে অংশগ্ৰহণ কৰিছিল আৰু মুহাম্মদে তেওঁৰ সুস্থ বিচাৰৰ বাবে তেওঁক আল-ফাৰুক ("বিভাজনকাৰী") উপাধি প্ৰদান কৰিছিল। ৬৩২ চনৰ জুন মাহত মুহাম্মদৰ মৃত্যুৰ পিছত ওমৰে আবু বকৰৰ ওচৰত প্ৰথম খলিফা হিচাপে আনুগত্য প্ৰকাশ কৰে আৰু তেওঁৰ মুখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰে। মৃত্যুৰ কিছু সময়ৰ আগতে ৬৩৪ চনত আবু বকৰে ওমৰক তেওঁৰ উত্তৰাধিকাৰী হিচাপে মনোনীত কৰে।

ওমৰৰ ৰাজত্বকালত খিলাফতৰ অভূতপূৰ্ব হাৰত সম্প্ৰসাৰণ ঘটি ছাছানিয়ান সাম্ৰাজ্য আৰু বাইজেন্টাইন সাম্ৰাজ্যৰ দুই তৃতীয়াংশতকৈ অধিক অংশ জয় কৰে। ছাছানিয়ানসকলৰ বিৰুদ্ধে তেওঁৰ অভিযানৰ ফলত দুবছৰৰ ভিতৰত (৬৪২–৬৪৪) পাৰস্য জয় কৰে।১ ইহুদী পৰম্পৰা অনুসৰি, ওমৰে ইহুদীসকলৰ জেৰুজালেমত প্ৰৱেশৰ ওপৰত খ্ৰীষ্টানসকলৰ নিষেধাজ্ঞা উঠাই লৈ তেওঁলোকক তাত পূজা কৰিবলৈ অনুমতি দিছিল। ৬৪৪ চনত পাৰ্চী দাস আবু লু'লুআ ফিৰুজে ওমৰক হত্যা কৰে।

আৰবৰ বাহিৰলৈ ইছলামিক জগতখন সম্প্ৰসাৰণ আৰু হিজৰী কেলেণ্ডাৰ প্ৰৱৰ্তনৰ বাবে ওমৰক বহুলভাৱে কৃতিত্ব দিয়া হয়।২ ইতিহাসবিদসকলে তেওঁক সাধাৰণতে ইতিহাসৰ অন্যতম শক্তিশালী আৰু প্ৰভাৱশালী মুছলমান খলিফা হিচাপে গণ্য কৰে।৩ ছুন্নী ইছলামিক পৰম্পৰাত তেওঁক এজন ন্যায়পৰায়ণ শাসক আৰু ইছলামিক গুণৰ আৰ্হি হিচাপে শ্ৰদ্ধা কৰা হয়,৪ কিছুমান হাদিছত তেওঁক আবু বকৰৰ পিছত চাহাবাৰ দ্বিতীয় শ্ৰেষ্ঠ হিচাপে চিনাক্ত কৰা হৈছে।৫৬ দ্বাদশ ছিয়া পৰম্পৰাত অৱশ্যে তেওঁক নেতিবাচক দৃষ্টিৰে চোৱা হয়।৭

প্ৰাৰম্ভিক জীৱন

ওমৰৰ জন্ম হৈছিল মক্কাত বানু আদি বংশত, যি জনগোষ্ঠীৰ মাজত সালিসীৰ দায়িত্বত আছিল।৮ তেওঁৰ পিতৃ খত্তব ইবনে নুফাইল আৰু মাতৃ বানু মাখজুম জনগোষ্ঠীৰ হান্তামাহ বিন্ত হিছাম। যৌৱনকালত ওমৰে মক্কাৰ সমীপৰ ভৈয়ামত পিতৃৰ উট চোৱা-চিতা কৰিছিল। তেওঁৰ পিতৃ বণিক আছিল আৰু তেওঁৰ জনগোষ্ঠীৰ মাজত বুদ্ধিমত্তাৰ বাবে বিখ্যাত আছিল।৯ পিছত ওমাৰে মনত পেলাইছে: "মোৰ দেউতা আল-খত্তব এজন নিৰ্দয় মানুহ আছিল। তেওঁ মোক কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰাইছিল; মই কাম নকৰিলে মোক মাৰপিট কৰিছিল আৰু তেওঁ মোক ক্লান্তিৰ দৰে কাম কৰিছিল"।১০

ইছলামৰ প্ৰাক-ইছলামিক আৰবত সাক্ষৰতা অস্বাভাৱিক হ’লেও ওমাৰে যৌৱনকালত পঢ়া-শুনা শিকিছিল। নিজে কবি নহওঁতে কবিতা আৰু সাহিত্যৰ প্ৰতি তেওঁৰ প্ৰেম গঢ় লৈ উঠিছিল।১১ কুৰাইশ্বসকলৰ পৰম্পৰা অনুসৰি তেওঁ কৈশোৰ কালত যুদ্ধ কলা, ঘোঁৰা চলোৱা, মল্লযুঁজৰ প্ৰশিক্ষণ লাভ কৰিছিল। তেওঁ আছিল ওখ, শাৰীৰিকভাৱে শক্তিশালী আৰু এজন প্ৰখ্যাত মল্লযুঁজাৰু।১১১২ তেওঁ এজন মেধাৱী বক্তা হিচাপেও স্বীকৃতি লাভ কৰিছিল আৰু পিতৃৰ পিছত জনজাতিসমূহৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১৩

ওমাৰ এজন বণিক হৈ বাইজেণ্টইন আৰু ছাছানিয়ান টেৰিটৰীলৈ কেইবাবাৰো যাত্ৰা কৰিছিল, য'ত তেওঁ বিভিন্ন পণ্ডিতক লগ পাইছিল আৰু বাইজেণ্টইন আৰু ছাছানিয়ান সমাজৰ বিশ্লেষণ কৰিছিল বুলি কোৱা হয়। বণিক হিচাপে তেওঁ সফল নহ’ল।১১১৪ চৌপাশৰ আন লোকৰ দৰে ওমাৰেও প্ৰাক-ইছলামিক দিনত মদ্যপানৰ প্ৰতি আকৰ্ষিত আছিল।১৫

তথ্যসূত্ৰ

  1. ↑ Dubnow, Simon. (1968). History of the Jews: From the Roman Empire to the Early Medieval Period. Cornwall Books. পৃ. 326. ISBN 978-0-8453-6659-2
  2. ↑ Islamic calendar · Months, Definition, & Facts · Britannica. www.britannica.com
  3. ↑ Ahmed, Nazeer; Islam in Global History - From the Death of Prophet Muhammad to the First World War, American Institute of Islamic History and Cul, 2001, p. 34
  4. ↑ Bonner, M.; Levi Della Vida, G. Umar (I) b. al-K̲h̲aṭṭāb. Encyclopaedia of Islam. Brill. পৃ. 820
  5. ↑ Hadith – Book of Companions of the Prophet – Sahih al-Bukhari – Sayings and Teachings of Prophet Muhammad (صلى الله عليه و سلم). sunnah.com
  6. ↑ Hadith – Book of Companions of the Prophet – Sahih al-Bukhari – Sayings and Teachings of Prophet Muhammad (صلى الله عليه و سلم). sunnah.com
  7. ↑ Bonner, M.; Levi Della Vida, G. Umar (I) b. al-K̲h̲aṭṭāb. Encyclopaedia of Islam. Brill. পৃ. 820
  8. ↑ Umar Ibn Al-Khattab - His Life and Times, Volume 1
  9. ↑ Qazi, Moin. Umar Al Farooq - Man and Caliph. Notion Press. ISBN 9789352061716
  10. ↑ Muhammad Husayn Haykal (1944), Al Farooq, Umar, Chapter 1, p. 45
  11. ↑ Haykal, 1944, Chapter 1
  12. ↑ Muhammad ibn Jarir al-Tabari, History of the Prophets and Kings
  13. ↑ Haykal, 1944, Chapter 1, pp. 40–41
  14. ↑ Tabqat ibn Sa'ad, Chapter - Umar ibn Khattab
  15. ↑ Haykal, 1944, Chapter 1, p. 47

সম্পৰ্কিত শ্ৰেণী

ব্যক্তিৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওমৰ” প্ৰবন্ধৰ সংশোধন ৫২২৯৪১ (৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।