ভাৰতীয় চিত্ৰগ্ৰহণকাৰী
৪ প্ৰবন্ধ
-
অসিত সেন (পৰিচালক)
অসিত সেন (Asit Sen; ২৪ চেপ্তেম্বৰ ১৯২২-২৫ আগষ্ট ২০০১) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু চিত্ৰনাট্য লেখক। তেওঁৰ বৰ্তমানৰ বাংলাদেশৰ আৰু তাহানিৰ ব্ৰিটিছ ভাৰতৰ পূৰ্ব বংগৰ ঢাকাত জন্ম হৈছিল। তেওঁ অসমীয়া, বঙালী আৰু হিন্দী ভাষাৰ মুঠ ১৭খন ছবি পৰিচালনা কৰিছে।
-
নিতিন বসু
নিতিন বসু (: Nitin Bose; ২৬ এপ্ৰিল ১৮৯৭-১৪ এপ্ৰিল ১৯৮৬) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু চিত্ৰনাট্যকাৰ। তেওঁৰ জন্ম কলিকতাত আৰু মৃত্যুও একেখন চহৰতে হয়। ১৯৩০ৰ দশক আৰু ১৯৪০ দশকৰ প্ৰথমৰ ফালে বঙালী আৰু হিন্দী দুয়োটা ভাষাতে ছবি নিৰ্মাণ কৰা নিউ থিয়েটাৰৰ সৈতে কাম কৰিছিল।
-
ভি. কে. মূৰ্তি
ভেংকটৰামা পণ্ডিত কৃষ্ণমূৰ্তি ( Venkatarama Pandit Krishnamurthy; ২৬ নৱেম্বৰ ১৯২৩ – ৭ এপ্ৰিল ২০১৪) একালৰ ভায়োলিনবাদক তথা কাৰাবন্দী স্বাধীনতা সংগ্ৰামী গুৰু দত্তৰ চলচ্চিত্ৰৰ নিয়মীয়া কেমেৰামেন আছিল; যাক পেছাগতভাৱে ভি.কে. মূৰ্তি নামেৰে জনা গৈছিল।
-
প্ৰিয়া শেঠ
প্ৰিয়া শেঠ (Priya Seth, জন্ম: ১৯৭৫) হৈছে এগৰাকী ভাৰতীয় চিত্ৰগ্ৰহণকাৰী। পূৰ্ণদৈৰ্ঘ্যৰ ছবি, বিজ্ঞাপন, পানীৰ তলৰ দৃশ্যগ্ৰহণ আৰু ফটোগ্ৰাফীৰ বাবে তেখেত সততে পৰিচিত। ভাৰতীয় মূলসুঁতিৰ ছিনেমাত কৰ্মৰত এমুঠিমান চিত্ৰগ্ৰহণকাৰীৰ ভিতৰত প্ৰিয়া শেঠৰ নামটো তৰ্কাতীতভাৱে ল'ব পাৰি।