অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

এলজিবিটি লোক আৰু সামৰিক সেৱা

লেছবিয়ান, গে, বাইচেক্সুৱেল, ট্ৰেন্সজেণ্ডাৰ আৰু কুইয়াৰ (এলজিবিটিকিউ) কৰ্মচাৰীসকলে বিশ্বৰ কিছুমান দেশৰ সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়াবলৈ সক্ষম। সেইসমূহৰ ভিতৰত দক্ষিণ আমেৰিকাৰ কিছুমান দেশ, যেনে আৰ্জেণ্টিনা, ব্ৰাজিল আৰু চিলিকে ধৰি বৃহৎ সংখ্যাগৰিষ্ঠতাৰে পশ্চিমীয়া দেশসমূহ, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা,…

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪৬৮ শব্দ · ৩ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

লেছবিয়ান, গে, বাইচেক্সুৱেল, ট্ৰেন্সজেণ্ডাৰ আৰু কুইয়াৰ (এলজিবিটিকিউ) কৰ্মচাৰীসকলে বিশ্বৰ কিছুমান দেশৰ সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়াবলৈ সক্ষম। সেইসমূহৰ ভিতৰত দক্ষিণ আমেৰিকাৰ কিছুমান দেশ, যেনে আৰ্জেণ্টিনা, ব্ৰাজিল আৰু চিলিকে ধৰি বৃহৎ সংখ্যাগৰিষ্ঠতাৰে পশ্চিমীয়া দেশসমূহ, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, জাপান, অষ্ট্ৰেলিয়া, মেক্সিকো, ফ্ৰান্স, ফিনলেণ্ড, ডেনমাৰ্ক আৰু ইজৰাইল আদি অন্তৰ্ভুক্ত হৈ আছে।

ই সমকামিতাক গ্ৰহণ কৰাৰ শেহতীয়া বিশ্বব্যাপী পৰিসংখ্যাৰ সৈতে সমানে খোজ দিয়ে, য'ৰ পৰা এইটো কথা স্পষ্ট হয় যে, এলজিবিটিকিউ সম্প্ৰদায়ৰ গ্ৰহণ কেৱল ধৰ্মনিৰপেক্ষ, সমৃদ্ধিশালী দেশসমূহতহে অধিক ব্যাপক হৈ পৰিছে।১

অৱশ্যে, গে আৰু লেছবিয়ান সৈনিকসকলৰ প্ৰতি গ্ৰহণযোগ্য নীতিয়ে সদায় নিশ্চয়তা নিদিয়ে যে এলজিবিটিকিউ নাগৰিকসকল সেই নিৰ্দিষ্ট সমাজত বৈষম্যৰ পৰা মুক্ত। আনকি এলজিবিটিকিউ ব্যক্তিসকলে সামৰিক বাহিনীত সেৱা আগবঢ়াবলৈ মুক্ত থকা দেশবোৰতো, কৰ্মীসকলে দুখ প্ৰকাশ কৰে যে- এই ক্ষেত্ৰখনত অন্তৰ্ভুক্তিকৰণৰ দিশটোক উন্নিত কৰণৰ প্ৰয়োজনিয়তা আছে। উদাহৰণস্বৰূপে ইজৰাইলত মুকলিভাৱে গে সৈনিকসকলৰ ব্যাপক গ্ৰহণযোগ্যতাৰ বাবে সুপৰিচিত এক সামৰিক বাহিনী থকাৰ পিছতো ইয়াত এলজিবিটিকিউ-পজিটিভ সামাজিক নীতি ৰূপায়ণৰ বাবে সংগ্ৰাম কৰিব লগা হয়২৩

ইতিহাসে এনে একোখন সমাজ দেখিবলৈ পাইছে যিয়ে সামৰিক বাহিনীত গে-সেৱাবাহিনীৰ সদস্যসকলক মুকলিভাৱে গ্ৰহণ বা অগ্ৰাহ্য কৰে। কিন্তু শেহতীয়াকৈ, আমেৰিকা যুক্তৰাষ্ট্ৰত "ডুনট্ আস্ক, ডুনট্ টেল" শীৰ্ষক ২০১০ চনৰ উচ্চ-পৰ্যায়ৰ শুনানিয়ে বিষয়টো আন্তঃৰাষ্ট্ৰীয় মনোযোগৰ কেন্দ্ৰলৈ লৈ গৈছিল। তেওঁলোকে এলজিবিটিকিউ হিচাপে চিনাক্ত কৰা সৈনিকসকলে সন্মুখীন হোৱা নিয়মীয়া বৈষম্য, হিংসা আৰু কষ্টৰ লগতে তেওঁলোকৰ সেৱাৰ ওপৰত থকা নিষেধাজ্ঞাৰ সপক্ষে আৰু বিৰুদ্ধে যুক্তিৰ ওপৰতো আলোকপাত কৰে।৪

ইতিহাস

প্ৰাচীন গ্ৰীচৰ, থেবেসৰ চেকাৰ্ড বেণ্ড হৈছে ৩৭৮ খ্ৰীষ্টপূৰ্বৰ পৰা প্ৰচলিত এটা গে সামৰিক গোট আৰু এওঁলোক যুদ্ধত তেওঁলোকৰ কাৰ্যকৰীতাৰ বাবে জনাজাত আছিল।৫ জাপানৰ চামুৰাই শ্ৰেণীৰ মাজতো সমলিংগ প্ৰেমৰ উদাহৰণ আছে। এই প্ৰেম এজন প্ৰাপ্তবয়স্ক আৰু এজন সৰু প্ৰশিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক আছিল।৬

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীত সমকামিতা নিয়ন্ত্ৰণ কৰিবলৈ, শাৰীৰিক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ মাধ্যমেৰে নিযুক্তিৰ সময়ত প্ৰজনন বৈশিষ্ট্য থকা পুৰুষসকলক চিনাক্ত কৰা হৈছিল। এই পৰীক্ষাসমূহৰ ভিতৰত আছিল বহল নিতম্ব আৰু সম্ভাৱ্য সৈনিকসকলৰ মাজত গেগ ৰিফ্লেক্সৰ অনুপস্থিতি। এই দুয়োটা শাৰীৰিক বৈশিষ্ট্যৰ বাবে এজন লোকক চাকৰিৰ পৰা অযোগ্য ঘোষণা কৰিব পাৰিছিল। সমকামী আচৰণৰ অভিযোগত অভিযুক্ত বহুতো সৈনিকক "যৌন মানসিক ৰোগী" হিচাপে অব্যাহতি দিয়া হৈছিল।৭

গে আৰু লেছবিয়ানসকলক সামৰিক বাহিনীত সেৱা আগবঢ়োৱাৰ বাবে অযোগ্য বুলি দিয়া যুক্তি প্ৰায়ে সাংস্কৃতিক নিয়ম আৰু মূল্যবোধৰ ওপৰত আধাৰিত আৰু সময়ৰ লগে লগে সেয়া সলনি হৈছে। প্ৰথমতে, এইটো বিশ্বাস কৰা হৈছিল যে সমকামীসকলে শাৰীৰিকভাৱে ফলপ্ৰসূভাৱে সেৱা আগবঢ়াবলৈ সক্ষম নহয়। ২০ শতিকাৰ শেষৰ ফালে তেনেই লঘু কিছুমান যুক্তিয়ে সামৰিক কাৰ্যকৰীতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। শেহতীয়া প্ৰমাণবোৰৰ ভিতৰত আছে বিপৰীতলিঙ্গ আৰু সমকামি সেৱাৰ সদস্যসকলৰ মাজত সংঘাতৰ সম্ভাৱনা আৰু সম্ভাৱ্য "বিপৰীতলিংগৰ অসন্তুষ্টি আৰু শত্ৰুতা।" ৮

বহুতো দেশে তেতিয়াৰ পৰা এই নীতিবোৰ সংশোধন কৰিছে আৰু গে আৰু লেছবিয়ানসকলক সামৰিক বাহিনীত মুকলিভাৱে সেৱা আগবঢ়াবলৈ অনুমতি দিছে (যেনে ১৯৯৩ চনত ইজৰাইল আৰু ২০০০ চনত ইউকে)। বৰ্তমান প্ৰায় সকলো নেটো সদস্যকে ধৰি ৩০খনতকৈ অধিক দেশ আছে, যিয়ে গে আৰু লেছবিয়ানসকলক সেৱা আগবঢ়াবলৈ অনুমতি দিয়ে, আৰু প্ৰায় ১০খন দেশ আছে যিবোৰে তেওঁলোকক বাহ্যিকভাৱে সেৱা আগবঢ়োৱাত নিষেধাজ্ঞা আৰোপ নকৰে।৯

২০১০ চনত যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই 'ডণ্ট আস্ক ডণ্ট টেল' নীতি বাতিল কৰিছিল, তেতিয়া গে, লেছবিয়ান আৰু উভকামীসকলক সামৰিক বাহিনীত মুকলিভাৱে সেৱা আগবঢ়াবলৈ দিয়া নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা শেহতীয়া উন্নত দেশসমূহৰ ভিতৰত আমেৰিকা অন্যতম আছিল।১০

দেশ অনুসৰি তালিকা

+প্ৰতিকী ৰং
অসামৰিক সেৱাত এলজিবিটি সমুদায়ৰ লোকৰ আইনি স্থিতি
CountryStatus
১১
(Legal Limbo)
(France responsible for Defense)
১২
১৩১৪

তথ্যসূত্ৰ

  1. ↑ (2013-06-04). The Global Divide on Homosexuality Greater Acceptance in More Secular and Affluent Countries. Pew Research Center
  2. ↑ (2013-12-12). http://www.haaretz.com/news/national/.premium-1.563186
  3. ↑ (2012-06-13). https://www.theguardian.com/world/2012/jun/13/israeli-military-gay-pride-photo
  4. ↑ (2010-05-28). House votes to end 'don't ask, don't tell' policy
  5. ↑ Homosexuality in Greece and Rome , 2.14 Plutarch, Pelopidas 18-19
  6. ↑ Love of the Samurai: A Thousand Years of Japanese Homosexuality , Tsuneo Watanabe and Junʼichi Iwata, 1989
  7. ↑ Homosexuals in the U.S. Military: Open Integration and Combat Effectiveness , By Elizabeth Kier, International Security 23, no.2, MIT Press, 1998, p. 5-39
  8. ↑ (2010). GAYS IN FOREIGN MILITARIES 2010: A GLOBAL PRIMER. Palm Center
  9. ↑ Countries Where Gays Do Serve Openly In The Military , May 25, 2011 Retrieved 2013-15-11
  10. ↑ 'Don't ask, don't tell' ban on openly gay troops overturned, Senate passes bill 65-31 , Dec 18, 2010, Retrieved 2013-15-11
  11. ↑ Asociación Salvadoreña de Derechos Humanos “Entre Amigos”. (2010). HUMAN RIGHTS SITUATION OF LESBIAN, GAY, BISEXUAL AND TRANSGENDER PERSONS IN EL SALVADOR: Shadow Report submitted to the United Nations Human Rights Committee
  12. ↑ Fia Sundevall & Alma Persson (2016) "LGBT in the Military: Policy Development in Sweden 1944–2014", Sexuality Research and Social Policy, June 2016, Volume 13, Issue 2, pp 119-129, link.springer.com/article/10.1007/s13178-015-021
  13. ↑ Garcia, Horaci. (31 May 2022). Ukraine's 'unicorn' LGBTQ soldiers head for war. Reuters
  14. ↑ (5 April 2023). Ukraine's gay soldiers fight Russia—and for their rights. The Economist

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলজিবিটি লোক আৰু সামৰিক সেৱা” প্ৰবন্ধৰ সংশোধন ৬২৪৮৫৪ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।