ইণ্ডোনেছিয়ান নাৰীবাদী
১০ প্ৰবন্ধ
-
এন এইচ ডিনি
নূৰহায়তী শ্ৰীহাৰ্দিনী ছিতি নুকাটিন কফিন (ইংৰাজী: Nurhayati Srihardini Siti Nukatin Coffin; জন্ম: ২৯ ফেব্ৰুৱাৰী ১৯৩৬ – ৪ ডিচেম্বৰ ২০১৮), তেওঁৰ ছদ্মনাম এন এইচ ডিনি হিচাপেই অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান ঔপন্যাসিক আৰু নাৰীবাদী আছিল।
-
কমলা চন্দ্ৰকিৰাণা
কমলা চন্দ্ৰকিৰাণা (ইংৰাজী: Kamala Chandrakirana; জন্ম: ১৯৬০) হৈছে ইণ্ডোনেছিয়াৰ এগৰাকী নাৰীবাদী মানৱ অধিকাৰ কৰ্মী যিয়ে ন্যায় আৰু গণতন্ত্ৰৰ বাবে কাম কৰে। ২০১১ চনৰ পৰা তেওঁ আইন আৰু ব্যৱহাৰিক ক্ষেত্ৰত মহিলাৰ প্ৰতি বৈষম্যৰ বিষয়ত ৰাষ্ট্ৰসংঘৰ কৰ্মগোটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
চিয়েম পিয়েট নিঅ'
চিয়েম পিয়েট নিঅ (ইংৰাজী: Siem Piet Nio; জন্ম: ১৯০৭, মৃত্যু: ১৯৮৬), যিয়ে হং লে হোৱা ছদ্মনামেৰে লিখা-মেলা কৰিছিল, এগৰাকী ইণ্ডোনেছিয়ান ভাষাৰ লেখিকা, আলোচনী সম্পাদক, সাংবাদিক আৰু ডাচ ইষ্ট ইণ্ডিজৰ নাৰী অধিকাৰ কৰ্মী আছিল। তেওঁ ১৯২০ আৰু ১৯৩০ৰ দশকত সক্ৰিয় আছিল।
-
চো জেন মাৰ্চিং
চো জেন মাৰ্চিং (ইংৰাজী: Soe Tjen Marching; জন্ম: ২৩ এপ্ৰিল ১৯৭১) হৈছে ইণ্ডোনেছিয়াৰ এগৰাকী লেখিকা, শিক্ষাবিদ, সক্ৰিয় কৰ্মী আৰু এভাণ্ট-গাৰ্ড সংগীতৰ এগৰাকী সুৰকাৰ। ১৯৯৮ চনত তেওঁ জাৰ্মান দূতাবাসে আয়োজন কৰা ইণ্ডোনেছিয়ান সমসাময়িক সুৰকাৰৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জয়লাভ কৰিছিল।
-
জুলিয়া সূৰ্য়াকুছুমা
জুলিয়া ইণ্ডিয়াতি সূৰ্যাকুছুমা (ইংৰাজী: Julia Indiati Suryakusuma; জন্ম: ১৯ জুলাই ১৯৫৪) এগৰাকী ইণ্ডোনেছিয়ান নাৰীবাদী, সাংবাদিক আৰু লেখিকা। যৌনতা, লিংগ, ৰাজনীতি আৰু ধৰ্মৰ ওপৰত তেওঁৰ স্পষ্টবাদী লিখনীৰ বাবে তেওঁ পৰিচিত। তেওঁক ইণ্ডোনেছিয়াৰ আটাইতকৈ উচটনিমূলক স্তম্ভলেখক হিচাপে বৰ্ণনা কৰা হৈছে।
-
দেৱী সাৰতিকা
দেৱী সাৰতিকা (ইংৰাজী: Dewi Sartika; ৪ ডিচেম্বৰ ১৮৮৪ — ১১ ছেপ্টেম্বৰ ১৯৪৭) আছিল ইণ্ডোনেছিয়াৰ মহিলা শিক্ষাৰ এগৰাকী অধিবক্তা আৰু অগ্ৰণী। তেওঁ ডাচ ইষ্ট ইণ্ডিজত মহিলাৰ বাবে প্ৰথমখন বিদ্যালয় স্থাপন কৰিছিল। ১৯৬৬ চনত তেওঁক ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় বীৰ হিচাপে সন্মানিত কৰা হয়।
-
মেৰিয়ান কাট্টোপো
হেনৰিয়েট মেৰিয়ান কাট্টোপো (ইংৰাজী: Henriette Marianne Katoppo; জন্ম: ৯ জুন ১৯৪৩ – ১২ অক্টোবৰ ২০০৭) এগৰাকী ইণ্ডোনেছিয়ান ঔপন্যাসিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত এগৰাকী এছিয়ান নাৰীবাদী ধৰ্মতত্ত্ববিদ আছিল। তেওঁ এছ.ই.এ. ৰাইট এৱাৰ্ড লাভ কৰিছিল।
-
লাচমিনিংৰাট
ৰাডেন আয়ু লাচমিনিংৰাট (ইংৰাজী: Raden Ayu Lasminingrat; চুন্দানীজ: ᮛ᮪ᮓ᮪. ᮃᮚᮥ ᮜᮞ᮪ᮙᮤᮔᮤᮀᮛᮒ᮪; ২৯ মাৰ্চ ১৮৫৪ – ১০ এপ্ৰিল ১৯৪৮) এগৰাকী চুন্দানীজ লেখিকা আৰু পণ্ডিত আছিল। তেওঁ গাৰুটৰ প্ৰথমগৰাকী মহিলা আছিল যিয়ে সাৱলীলভাৱে ওলন্দাজ (ডাচ) ভাষা ক'ব পাৰিছিল।
-
হান্না আল ৰছিদ
হান্না আল ৰছিদ (ইংৰাজী: Hannah Al Rashid; জন্ম: ২৫ জানুৱাৰী ১৯৮৬) এগৰাকী ব্ৰিটিছ-ইণ্ডোনেছিয়ান অভিনেত্ৰী, মডেল আৰু সক্ৰিয় কৰ্মী। বুগিছ আৰু ফৰাচী বংশোদ্ভূত হান্না মূলতঃ ইণ্ডোনেছিয়ান চলচ্চিত্ৰ আৰু টেলিভিছনৰ কামৰ বাবে পৰিচিত।
-
ৰত্না ইন্দ্ৰেশ্বৰী
ৰত্না ইন্দ্ৰেশ্বৰী (ইংৰাজী: Ratna Indraswari; জন্ম: ২৪ এপ্ৰিল ১৯৪৯ – ২৮ মাৰ্চ ২০১১), যাৰ উপনাম আছিল কুইন অৱ দ্য বিজ, এগৰাকী ইণ্ডোনেছিয়ান কবি, লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী আছিল। ১০ বছৰ বয়সৰপৰাই পক্ষাঘাতগ্ৰস্ত হোৱা ৰত্নাই তেওঁৰ জীৱনকালত ৪০০ৰো অধিক চুটিগল্প আৰু উপন্যাস ৰচনা কৰিছিল।