উত্তৰ-পূব পদাৰ্থবিজ্ঞান একাডে'মী (PANE) হৈছে ভাৰতৰ এটি আঞ্চলিক বৈজ্ঞানিক একাডে'মী। উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহত পদাৰ্থ বিজ্ঞানৰ শিক্ষা, গৱেষণা আৰু সহযোগিতাৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যেৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত ১৯৯৮ চনৰ ৬ এপ্ৰিল তাৰিখে এই সংস্থাটোৰ সূচনা কৰা হৈছিল। সংস্থাটোৰ ইংৰাজী নাম(Physics Academy of the North East)-ৰ সংক্ষিপ্তকৰণেৰে ইয়াক পানে'(PANE) হিচাপেও জনা যায়। পানে'ই শিক্ষাৰ্থী, শিক্ষক, গৱেষক, বিজ্ঞানী, উদ্যোগ জগতৰ প্ৰতিনিধি আৰু নীতি-নিৰ্ধাৰকসকলৰ সমন্বয়েৰে বাৰ্ষিক বিজ্ঞান সন্মিলন, বিভিন্ন শৈক্ষিক অভিৱৰ্তন, গ্ৰীষ্মকালীন আৰু শীতকালীন কৰ্মশালা নিয়মীয়াকৈ অনুষ্ঠিত কৰাৰ উপৰিও প্ৰতিভা সন্ধানী পৰীক্ষা আৰু অন্যান্য বহিঃসংযোগী কাৰ্যসূচীও আয়োজন কৰে। ১ ২পদাৰ্থবিজ্ঞানৰ গৱেষণালৈ বিশিষ্ট অৱদান আগবঢ়োৱা বিজ্ঞানীসকলক সন্মান প্ৰদানৰ উদ্দেশ্যে পানে'ই প্ৰতিবছৰে কেইগৰাকীমান গৱেষকক পানে' ফেল' হিচাপে নিৰ্বাচন কৰে। এই একাডে'মী ২০০০ চনৰ ২৯ জুন তাৰিখে Societies Registration Act-ৰ অধীনত আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰা হৈছিল।
কৰ্মসূচী
উত্তৰ-পূব পদাৰ্থবিজ্ঞান একাডে'মীয়ে নিয়মীয়াকৈ PANE Conference হিচাপে নামাংকিত বাৰ্ষিক শৈক্ষিক সন্মিলনৰ আয়োজন কৰে, য’ত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পদাৰ্থবিদ, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকল একত্ৰিত হয়। পদাৰ্থবিজ্ঞানৰ শিক্ষা আৰু গৱেষণাক শক্তিশালী কৰাৰ উদ্দেশ্যে একাডে'মীয়ে শৈক্ষিক অভিৱৰ্তন, প্ৰশিক্ষণ শিবিৰ, গ্ৰীষ্মকালীন আৰু শীতকালীন কৰ্মশালা, প্ৰতিভা সন্ধানী পৰীক্ষা আয়োজন কৰে। ইয়াৰ উপৰিও বিজ্ঞান জনপ্ৰিয়কৰণ আৰু বহিঃসংযোগী জনপ্ৰিয় বক্তৃতানুষ্ঠানৰ আয়োজন আৰু অন্যান্য সহযোগিতামূলক কাৰ্যসূচীও ৰূপায়ন কৰে। সংস্থাটোৰ প্ৰতিষ্ঠা দিৱস প্ৰতিবছৰে ৬ এপ্ৰিলত উদযাপন কৰা হয়। ৩
প্ৰকাশন
উত্তৰ-পূব পদাৰ্থবিজ্ঞান একাডে'মীৰ সন্মিলনসমূহৰ বিৱৰণমূলক প্ৰৱন্ধাৱলী প্ৰতিষ্ঠিত বৈজ্ঞানিক সাময়িকীসমূহত নিয়মিতভাৱে প্ৰকাশ হয়, যাৰ ভিতৰত Indian Journal of Physics উল্লেখযোগ্য। ৪ ইয়াৰ উপৰিও, পানে'-এ নিজৰ সমীক্ষিত (peer-reviewed) বৈজ্ঞানিক সাময়িকী PANE Journal of Physics (PJP) প্ৰকাশ কৰে, যাৰ ISSN হৈছে 3107-9342। ৫ এই সাময়িকীত গৱেষণা প্ৰবন্ধ, সমীক্ষামূলক নিবন্ধ আৰু সন্মিলনত উপস্থাপিত গৱেষণালব্ধ বিৱৰণাৱলী প্ৰকাশ কৰা হয়।
পানে' ফেল'শ্বিপ
উত্তৰ-পূব পদাৰ্থবিজ্ঞান একাডেমীয়ে প্ৰতিবছৰে উত্তৰ-পূব ভাৰতৰ গৱেষণা, শৈক্ষিক আৰু বৈজ্ঞানিক ক্ষেত্ৰসমূহৰ উত্তৰণলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে কেইগৰাকীমান বিশিষ্ট পদাৰ্থবিজ্ঞানীক Fellows (FPANE) হিচাপে নিৰ্বাচিত কৰে। উল্লেখ্য যে, উত্তৰ-পূব ভাৰতৰ বহুকেইজন খ্যাতনামা পদাৰ্থবিদ PANE-ৰ Fellow, আৰু তেওঁলোকৰ কেইবাজনে ইতিপূৰ্বে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও লাভ কৰিছে।
উত্তৰ-পূব পদাৰ্থবিজ্ঞান একাডে'মীৰ কেইগৰাকীমান উল্লেখনীয় ফেল':
- ধ্ৰুৱ জ্যোতি শইকীয়া
- কমলেন্দু দেৱ ক্ৰোৰী
- জিতেন্দ্ৰনাথ গোস্বামী
- ভূপেন্দ্ৰ নাথ গোস্বামী
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (November 13, 2024). NE Physicists Convene at Tezpur University. Tezpur Buzz
- ↑ PANE Conference 2025 concludes at Nagaland University. November 21, 2025. Eastern Mirror Nagaland
- ↑ (April 7, 2012). Physics Academy Celebrated Foundation Day. Times of India
- ↑ (June 2010). Proceedings of the VI National Conference of the Physics Academy of the North-East (PANE) on Physics Research in North-East 2009. Indian Journal of Physics
- ↑ PANE Journal of Physics. Physics Academy of the North East
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ-পূব পদাৰ্থবিজ্ঞান একাডে'মী” প্ৰবন্ধৰ সংশোধন ৬০৩৭৪৭ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।